আইতা – নিশান্ত বৰদলৈ
তেওঁ গ’লগৈ, দূৰলৈ।
জ্বলিছিল হাঁচতি, জ্বলিছিল পৃথিৱী!
তামোলৰ ছিটিকনিত পৰী নমাব কোনে?
চকুপানীৰে ঈশ্বৰক মাতিব কোনে?
কোনে ল’ব ভদীয়া নাম?
মোৰ কলিজাটো খুন্দনাত খুন্দি,
তেওঁ গ’লগৈ, দূৰলৈ!
বেৰত, কামিহাড়ত,
আইতাৰ আঙুলিবুলোৱা চূণৰ দাগ!
——————————