আইফোন আৰু ষ্টীভ জবছ (১৯৫৫-২০১১) – দিগন্ত দাস
ধৰি লওক আপুনি এটা নতুন ঘৰ সাজিছে বা কিনিছে৷ ঘৰটোৰ দৰজা খিৰিকী লগোৱা হৈছে৷ আপোনাৰ আৰু পৰিয়ালৰ আনকেইজন সদস্যৰ ৰুচি অনুসাৰে ঘৰটোত ৰং সনাৰ কামো সম্পূৰ্ণ হৈছে৷ ইয়াৰ পিছত আপুনি কি কৰিব?
এপদ দুপদকৈ প্ৰয়োজনীয় আচবাব গোটাব৷ এই প্ৰক্ৰিয়া বহুদিনলৈ চলিব৷ আচলতে এইটো এটা নীৰৱচ্ছিন্ন প্ৰক্ৰিয়া৷ তথাপিও ঘৰটোত থাকিবলৈ লোৱাৰ আগতেই আপুনি অন্ততঃ শুবলৈ বিছনাখন, বহিবলৈ ছোফাছেটটো যোগাৰ কৰিব৷ আপোনাৰ চহৰখনত মনঃপুত ডিজাইনটোৰ সামগ্ৰী নাপালে ওচৰৰ আন চহৰৰ পৰা আনিব নিশ্চয়৷ মুঠতে এনে কেইপদমান সামগ্ৰী আপোনাৰ বাবে অপৰিহাৰ্য৷
পাৰিব জানো, বিছনাখন বা ছোফাছেটটো পচন্দ নোহোৱা বাবে মাহৰ পিছত মাহ মজিয়াত শুবলৈ? পাৰিব জানো চ’ৰাঘৰৰ মজিয়াত বহি বাতৰিকাকত পঢ়িবলৈ? আলহী সুধিবলৈ?
আপুনি এনে কেতিয়াও নকৰে৷ কিয়নো আপোনাৰ মনঃপুত এনে সামগ্ৰী দুই চাৰিপদ চহৰখনৰ কোনো দোকানত পাবই৷ নাপালে কম মনঃপুত দুপদমানেই গোটাব৷ কিন্তু ষ্টীভ জবছে আপোনাৰ মোৰ দৰে কৰা নাছিল৷ ১৯৮২ চনত আমেৰিকাৰ কুপাৰ্টিনোত নিজৰ ঘৰটো হৈ উঠাৰ পিছত বহু দিনলৈ তেওঁ ঘৰৰ আচবাবখিনি কিনিব পৰা নাছিল, কাৰণ বজাৰৰ সামগ্ৰী তেওঁৰ মনঃপুত হোৱা নাছিল৷ আৰু সেইবাবেই দিনৰ পিছত দিন তেওঁ নতুন ঘৰটোৰ মজিয়াত শুইছিল৷ এনেকুৱাই আছিল তেওঁৰ খেয়ালী মন৷ স্বাভাৱিকতেই তদ্ৰূপ আছিল, যিকোনো সামগ্ৰীৰ, আৰ্হিৰপৰা আৰম্ভ কৰি উপভোক্তাৰ ব্যৱহাৰৰ সময়লৈ অৱিচ্ছিন্ন নজৰ!
তথ্য প্ৰযুক্তিৰ জগতখনৰ এটা অন্যতম নাম, ষ্টীভ জবছ! তেওঁ এজন বিখ্যাত উদ্যোগী, ব্যৱসায়ী আৰু আৱিষ্কাৰক৷ আচলতে এইকেইটা বিশেষণৰ উপৰিও সেইগৰাকী ব্যক্তি আছিল এক ’নিৰ্ভুলতাৰ অন্বেষী’, ইংৰাজীত কোৱা হয়, ’পাৰ্ফেক্সনিষ্ট’!
উদ্যোগ এটাৰপৰা উৎপাদিত সামগ্ৰী এপদ কেনেকুৱা হ’ব লাগে? উদ্যোগ এটাই যিকোনো পন্য উৎপাদন কৰে বিক্ৰীৰ বাবে৷ গ্ৰাহকে সামগ্ৰীবিধ কিনিব কেতিয়া? যেতিয়া গ্ৰাহকৰ প্ৰয়োজন সেইবিধ সামগ্ৰীয়ে পূৰাব পাৰে৷ অৰ্থাৎ উদ্যোগীয়ে গ্ৰাহকৰ কি আৰু কেনেকুৱা সামগ্ৰীৰ প্ৰয়োজন আছে সেয়া অধ্যয়ন কৰে৷ ইয়াক ’মাৰ্কেট চাৰ্ভে’ বুলি কোৱা হয়৷ সকলো সৰু বৰ কোম্পানীয়েই এইদৰে মাৰ্কেট চাৰ্ভে কৰি, সেই তথ্যৰ ভিত্তিত সামগ্ৰীবিধৰ ডিজাইন বা কাৰিকৰী মান নিৰূপন কৰে৷
এই পদ্ধতিৰ ওপৰত বৰকৈ বিশ্বাস নাই ষ্টীভ জবছৰ৷ এবাৰ তেওঁক সোধা হৈছিল, এপল কোম্পানীয়ে এই মাৰ্কেট চাৰ্ভে কৰিবনে নাই৷ তেওঁৰ উত্তৰ আছিল, এপলে মাৰ্কেট চাৰ্ভে নকৰে, কাৰণ এপলে দেখুৱাই নিদিয়ালৈ গ্ৰাহকে নাজানে, তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীবিধৰ আকৃতি প্ৰকৃতি, কাৰিকৰী দিশ বা মান কেনেকুৱা হ’ব! এক কথাত ক’বলৈ হ’লে গ্ৰাহকৰ চিন্তা বা প্ৰয়োজনক এক এক নিৰ্দিষ্ট গঢ়ত গঢ়ি তুলিব বিচাৰে এপলে! ব্যৱসায় বা উদ্যোগৰ জগতত এক সম্পূৰ্ণ নতুন ধাৰণা!
সেয়েই এপল কোম্পানীৰ দায়িত্ব দ্বিতীয়বাৰৰ বাবে লোৱাৰ পিছত তেওঁৰ মন্ত্ৰ আছিল, ’থিংক ডিফাৰেণ্ট’!
এইদৰে ’স্বকীয় ৰূপ’ত চিন্তা কৰি মানৱ সভ্যতাৰ বুৰঞ্জীৰ গতি সলনি কৰা জনচেৰেক বিশ্বজনীন ব্যক্তিত্বৰ ক’লা বগা ছবি ব্যৱহাৰ কৰি এপলে সৃষ্টি কৰিলে এলানি বিজ্ঞাপনৰ৷ সেইসকল ব্যক্তিৰ তালিকাখন জবছে নিজ চিন্তাৰে প্ৰস্তুত কৰিছিল৷ সেইসকল আছিল, এলবাৰ্ট আইনষ্টাইন, মহাত্মা গান্ধী,জন লেনন, বব ডীলন, পাবলো পিকাছো, টমাছ আলভা এডিছন, চাৰ্লি চেপলিন, মাৰ্টিন লুথাৰ কং আদি৷ নক’লেও হ’ব, সৰ্বসাধাৰণতকৈ সুকীয়া ৰূপত নিজৰ চিন্তা আৰু কৰ্মৰ বাবেই এইসকলৰ জীৱন বুৰঞ্জীৰ লগতেই একেদাল সূতাৰে গুণ্ঠিত হৈছে আধুনিক মানৱৰ বুৰঞ্জীৰ এক গৌৰৱোজ্জ্বল অধ্যায়৷
উপৰোক্ত মহান ব্যক্তিসকলৰ জীৱনলৈ মন কৰিবচোন৷ দেখিব, তেওঁলোক সকলোৱেই জীৱনধাৰণত সহজ সৰল৷ অতি উচ্চ পৰ্যায়ৰ চিন্তাধাৰা বা অতি দৃঢ় মনৰ, কিন্তু দৈনন্দিন জীৱনত জটিলতা নাই৷
কিন্তু লক্ষণীয় বিষয়, এই সহজ সৰল জীৱনশৈলী বা সহজ সৰল ডিজাইন এটা সৃষ্টি কৰাটো আচলতে এক দুৰূহ কাম৷ এপলৰ এখন পুস্তিকাত লিখা হৈছিল, ’সৰলতাই আচলতে সৰ্বোচ্চ আধুনিকতা’৷ ভাবকচোন, দৰজা এখনৰ হেণ্ডলটোৰ উপৰিভাগত কোনো স্ক্ৰু আদি ওলাই নথকাকৈ সৰল এক ডিজাইন কৰিবলৈ বিচৰা হৈছে৷ কিন্তু স্ক্ৰু নিদিয়াকৈ হেণ্ডলটো লগাবও নোৱাৰি৷ গতিকে হেণ্ডলটোৰ গাতে ছিদ্ৰ কৰি স্ক্ৰুটো সুমুৱাই লৈ দৰজাখনৰ আনটো ফালে নাট লগোৱাৰ ব্যৱস্থা কৰিব লাগিব৷ সৰল ডিজাইন কৰোঁতে কিমান জটিল চিন্তা আহি পৰিল!
এনে ধৰণৰ ’ডিফাৰেণ্ট’ চিন্তাৰ বাবেই এপলৰ প্ৰতিবিধ সামগ্ৰীয়েই আচলতে ’ডিফাৰেণ্ট’৷
উদাহৰণ স্বৰূপে আইফোন৷ এপলৰ সৃষ্ট এক যুগান্তকাৰী সামগ্ৰী৷
মোবাইল ফোন বহু দিনৰপৰাই ক্ৰমাগতভাবে উন্নতিৰ দিশত আগবাঢ়িছিল যদিও আজি সৰ্বত্ৰ দেখা স্পৰ্শ পৰ্দাযুক্ত (’টাচ্চস্ক্ৰীন’) ফোনৰ আৰম্ভণি হৈছিল এপলৰ পৰাহে৷
টাচ্চস্ক্ৰীন ফোন আৰম্ভ হোৱাৰ আগতে মোবাইল ফোনৰ হেণ্ডছেটবোৰ আছিল সাধাৰণ বুতামযুক্ত৷ বুতাম হেঁচি ফোন ডায়েল কৰিব লাগিছিল৷ এনে হেণ্ডছেটৰ ভিতৰত অতি জনপ্ৰিয় আছিল ম’ট’ৰলা কোম্পানীৰ ’ম’ট’ৰাজৰ’ নামে এক মডেল৷
২০০৫ চনমানত ষ্টীভ জবছে চিন্তা কৰিলে, সেই সময়ৰ অতি জনপ্ৰিয় এপলৰেই সৃষ্ট আইপড নামৰ আহিলাবিধৰ দৰে এখন আঙুলিৰে স্পৰ্শ কৰি নিয়ন্ত্ৰণ কৰিব পৰা পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায় নেকি? এপল কোম্পানীৰ অভিযন্তাসকল ব্যস্ত হৈ পৰিল৷ ছমাহৰ পিছত আইপডৰ আৰ্হিত নিৰ্মাণ কৰা আৰ্হিটো অৱশ্যে জবছৰ মনঃপুত নহ’ল৷ আইপডৰ এই ডায়েলিং বা নম্বৰ চয়নৰ ব্যৱস্থাটো এক ঘূৰণীয়া চকাৰ দ্বাৰা নিয়ন্ত্ৰিত আছিল৷ জবছে স্থিৰ কৰিলে নতুন ফোনৰ ডায়েল হ’ব ’মাল্টিটাচ্চ’৷ এই মাল্টিটাচ্চ কীপেডৰ পেটেণ্ট আছিল ডেলাৱাৰ প্ৰদেশৰ ’ফিংগাৰৱৰ্কছ’ নামৰ এক কোম্পানীৰ৷ জবছে সিদ্ধান্ত ল’লে যেতিয়া সেইমতেই কাম৷ এপলে এই কোম্পানীটো পেটেণ্টসহ ক্ৰয় কৰি ল’লে৷ টাচ্চপেডৰ নিৰ্মাণ সামগ্ৰী হ’ব কাঁচ৷ এনে কঠিন কাঁচ পোৱা যাব ক’ত? বিচাৰি পোৱা গ’ল, ’কৰ্নিং’ নামৰ এক কাঁচ প্ৰস্তুত কৰা কোম্পানীয়ে ’গৰিলা’ নাম দি এই কাঁচ প্ৰস্তুত কৰে৷ লগে লগে আলোচনা হ’ল এই ’কৰ্নিং’ কোম্পানীৰ লগত৷ এক নতুন উৎপাদনৰ অংশ ল’বলৈ পাই কৰ্নিং কোম্পানীয়ে আন সৰলো কাম গৰি গৰিলা কাঁচ উৎপাদনত লাগিল৷ আৰু কিছুদিন পিছত আৰ্হি প্ৰস্তুত হ’ল৷
২০০৭ চনৰ জানুৱাৰী মাহত আইফোনৰ উন্মোচনীও আছিল চমকপ্ৰদ৷ ষ্টীভ জবছে ঘোষণা কৰিছিল, এয়া মাথোঁ এপদ সামগ্ৰী নহয়, এয়া সেই সময়ৰ তিনিবিধ সামগ্ৰীৰ মিশ্ৰণ৷ প্ৰথম হ’ল এক বহল স্ক্ৰীনৰ আইপড, দ্বিতীয়, এক যুগান্তকাৰী মোবাইল ফোন, তৃতীয়, এক ইণ্টাৰনেটসংযোগী যতন-তিনিওবিধ মিলাই সৃষ্ট এয়া এক যতন-আইফোন৷ এই নাম ইচ্ছাকৃতভাবেই যেন দিয়া হৈছে, এইপদ সামগ্ৰীক সাধাৰণ ফোনৰপৰা সুকীয়া মাত্ৰা দিবলৈ বিচৰা হৈছে৷
আইফোনে মোবাইল টেলিফোনৰ জগতলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিলে৷ ক’বলৈ গ’লে, হয়তো ব্যৱহাৰকাৰীৰ মনলৈ হয়তো এনে এবিধ সামগ্ৰী যে সৃষ্ট হ’ব, সেই ভাবেই কাহানিও অহা নাছিল৷
লাহে লাহে এই আৰ্হিৰে বিশ্বৰ বিভিন্ন প্ৰান্তত মোবাইল ফোন নিৰ্মিত হ’বলৈ ধৰিলে৷ নিত্যব্যৱহাৰ্য বিভিন্ন এপ্লিকেশ্যন সৃষ্ট হ’ল৷ ’গুগল’ কোম্পানীৰ এণ্ড্ৰইড নামৰ প্লেটফৰ্মৰ পিছত এনে ফোনৰ সহজলভ্যতাও আহিল৷ কিন্তু এই নতুনত্বৰ বাটকটীয়া চিন্তা হ’ল সেই ’থিংক ডিফাৰেণ্ট’৷ ■■