আইৰ চকুত পানী? ( নাজিয়া হাছান )
আইৰ দুচকুত পানী৷৷
কিয় আই, কিয় কান্দিছ তই?
কিয় কান্দিছ ? নকৱ কিয়??
কাৰ এই সাহ তোক কন্দুৱাবলৈ,
তই কি নাজান’, তোৰ এই সন্তানে
তোৰ কাৰণে সকলো কৰিব পাৰে
তোৰ সন্তানে তোৰ কাৰনে নিজৰ প্ৰাণও দিব পাৰে মোৰেই শপত,ক’ আই, ক’৷৷৷
কিয় কান্দিছ ,, ক৷৷৷৷
আইৰ চকু যুৰি তেজ হেন ৰঙা
চকু যুৰ ডাঙৰ কৈ মেলি হাত দুখন কপাই
আয়ে চিঞৰিছে
ইমান শান্ত নিমাখিত আইৰ
আজি এই মূৰঅত কিয়?
“অ মই কান্দিছো, নিৰবে সদায় কান্দো মই
তহঁতে মোক কন্দুৱাইছ
তহঁত মোৰ সন্তান আৰু তহঁতৰ মাজতে
আজি খোৱা কামোৰা !!?
মোক তহঁত সকলোৱে নিজৰ কৰিব বিচাৰ
কিন্তু তহঁত এটা ভাইয়ে আনটোক খেদিব লাগিছ ৷৷
মোৰ চকুত পানী তহঁতে সহ্য কৰিব নোৱাৰ
তহঁতৰ চকুৰ পানী মই কিদৰে সহিব পাৰো, ক’??
মই ‘মা’, মোৰ হাঁহি মোৰ আনন্দ
সন্তান হঁতৰ মাজত থকা মিলা প্ৰীতিত
মোৰ কান্দোন সেইদিনাই বন্ধ হব
যেতিয়া মোৰ সন্তান হত
সত্য সুন্দৰৰ পূজাৰী হৈ
একতাৰ জৰীৰে বান্ধ খাব”