আই এচ বি টি, বেই নং ২৪ (প্রদ্যুত জ্যোতি শইকীয়া)

আই এচ বি টি, বেই নং ২৪ (প্রদ্যুত জ্যোতি শইকীয়া)
আই এচ বি টি
বেই নং ২৪
সৌ সিদিনাৰ দৰে
আজিও ভোলানাথ গাড়ী
মাত্ৰ সময়হে সলনি হ’ল,
সংগীহীনতাহে সংগী হ’ল |
মুহূৰ্ত্ত বাগৰি গ’ল,
চানাৱালা ভাই আহি গ’ল,
তোমালৈ ৰৈ থকাৰ বাটত
চানাৱালাৰ স’তে
আদ্দাৰ ফুলজাৰি হ’ল |
লগত তোমাৰ প্ৰিয়
মুড়িবিহীন,অতিমাত্ৰা জ্বালৰ চানা,
তোমাৰ প্ৰেমৰ দৰেই চোক
জ্বলা-ক’লা দেখুৱাই গ’ল |
আছে মোৰো এজন সংগী
পৰিচয়হীন বগা কজলা ভটুৱাটি,
আক্ষেপ তাৰ ভীষণ আক্ষেপ
আগৰ দৰে হেনো হাড় পোৱা নাযায়,
বাৰ্গাৰ,ম’ম‍’ই ভৰ্তি হ’ল
ঘিউৰ প্ৰকোপত
চালখনি ফপৰা হ’ল |
হোঃ আমাৰ সমাজতো
গোটেইখন ব’নলেচ চিকেন হ’ল |
দাদা আহক,আহক দাদা
তিনিচুকীয়া শিৱসাগৰ ডিব্ৰুগড়
ক’ত যাব দাদা?
আশাবোৰ তাৰ মৃত হ’ল,
মোৰ উত্তৰ অশান্তিকৰ ভাৱেৰে
“টিকট কটা হ’ল |
ভোলানাথ গাড়ী,বেই নং ২৪” |
শেঁতা মুখ তাৰ
নতুন চিকাৰ বিচাৰি গ’ল |
বেই নং ২৪
প্লেটফৰ্মৰ তলত
নোদোকা এন্দুৰৰ দল
কংক্ৰীট খান্দি মাটিলৈ সোমাই গ’ল,
ডাবল বাটাৰ মৰা ব্ৰেদ
ব’নলেচ চিকেনৰ প্ৰকোপত
সিহঁতৰ নোমবোৰ সৰি গ’ল |
আমাৰো আছে পোহনীয়া এন্দুৰ
১০০০ কোটিৰ ব’নলেচ চিকেন
নতুবা ডাবল বাটাৰ ৰূপী বিগ ডেম
নোম হ’লে নসৰিল সিহঁতৰ
বৰঞ্চ পেটবোৰ নোদোকা হ’ল |
(এই বাৰ লেপেট কাঢ়ি বহি প্লেট্ফৰ্মৰ ৱালত)
উন্নতিৰ জয়্গান
কলাক্ষেত্ৰ, আই এচ বি টি,চুকাফা ক্ষেত্ৰ
৪ লেন হাইৱে হ’ল |
ঢাক ঢোল বজাই ঘোষণা কৰিলে
মিটাৰগজ উঠি গ’ল,
ব্ৰডগজহে নহ’ল
ভোলানাথ জিন্দাবাদ হ’ল,
তোমালৈ ৰৈ থকাৰ বাটত
ভোলানাথ জিন্দাবাদ হ’ল |
ধেৎ এইবোৰ কি যে লিখা হ’ল
গোটেইখনে কবিতা নামানি
বেবেৰিবাংখন হ’ল |
ঘেগেলা চিটিবাছৰ
ড্রাইভাৰৰ ইউনিফৰ্ম আহি গ’ল
পিছে পাছফালে এশাৰীয়ে “সু” হেৰুৱাই
অৰ্থবহ হৈ ৰ’ল |
“ঈশ্বৰ আল্লা তেৰ’নাম
সবকো মুতি দে ভগৱান”|
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!