আকাংক্ষা—-ৰুণা গগৈ
দুচকুত তিৰবিৰ কৰে
আকাংক্ষাই সংগোপনে
ফটফটিয়া পানীৰ তলৰ
ৰঙচঙীয়া মাছৰ দৰে
হিয়া জুৰাই ৰাখে, মন ভৰাই তোলে
এক প্ৰাচীন ৰাগিত সাৱিত্ৰী
বৰদৈ চিখ্লা হ’ব খোজে
উজাই অহা অচিন সুখৰ
ৰাইজাই আবেশত
মৎস্যগন্ধাৰ দুচকু ভৰে
প্ৰাপ্তিৰ জলমল মৰীচিকাত
স্বপ্নবিভোৰ সৌ সত্যৱতী কোন
এবুকু পানীত প্ৰতিবিম্ব চাই
আপোনপাহৰা তাই পূৰ্ণিমাৰ জোন
কিমান আন্মনা হ’লে
পাহৰি সুস্থিৰ ভূমিৰ মোহ
ভৰিবোৰে ডেউকা পিন্ধে
কিমান উন্মাদ হ’লে
আকণ্ঠ ডুবিব পাৰি
চঞ্চল অথিৰ সোঁতৰ স’তে
যদিও আটায়ে জানে
চট্ ফটিয়া পিছল মাছবোৰ
নৰয় কাৰোৰে বাবে
অৱশ্যে কোনেও নাজানে
হাতৰ মুঠিয়ে কি খামুচি ধৰে
চক্ চকীয়া বালিছন্দা নে
এটি দুটি ৰূপালী মাছ
নে স্মৃতিত ৰয় মাথোঁ
দুৰ্গন্ধময় অকটা বিস্বাদ
তথাপি
হাবিয়াস আজীৱন জাগে
পানীৰ তলৰ মাছৰ বাবে।
ভাল লাগিল পঢ়ি।