আকাশী নীলাৰ দৰে- অংকিতা কলিতা

স্কুলৰ পৰা উভতি আইনাৰ সন্মুখত ৰোৱাটো তাইৰ অভ্যাস৷ স্কুলীয়া সপোনজাকৰ লগত পাৰ কৰা সময়ৰ অন্তত এই সময়ৰ পৰা আৰম্ভ হয় তাইৰ একাকীত্ব৷ ভীষণ আমনিদায়ক যদিও আজিকালি সহজ হৈ উঠিছে সকলো৷ দাপোণত নিজে নিজৰ চকুযুৰিলৈ চালে তাই, এখন মুখে খেলি গ’ল হঠাতে৷ আচৰিত হৈ চাৰিওফালে চালে, নাই তাইৰ বাদে চাগে পৰুৱা এটাও নাই ইয়াত৷ মনলৈ আহিল স্কুলৰ এখন চিনাকি মুখ, হয়, হয় সেয়া তেৱেঁই৷ আকৌ চালে তাই, সেই একেযুৰি চকুৱে তাইৰ চকুত জিলিকি উঠিল৷ কিয়? কিয় দেখিছে তাই সেইযুৰি চকু? দেখাৰ কথাটো নাছিল কাহানিও৷ চাকৰিটোৰ অতিমাত্ৰা আৱশ্যক নহ’লে তাই হয়তো কাহানিবাই আঁতৰি আহিলহেঁতেন সেই দুচকুৰ পৰা৷ নীলাই দাপোণৰ সন্মুখৰ পৰা আঁতৰি আহিল৷

ৰাতিপুৱা স্কুললৈ গৈ প্ৰাতঃসভাৰ বাবে ছাত্ৰ-ছাত্ৰীখিনিক শাৰীত থিয় হোৱাত সহায় কৰি আছিল নীলাই, এযুৰি চকু এইখিনি সময়ত তাইৰ ওপৰতে নিবদ্ধ হৈ থাকে, জানে তাই৷ কোনোফালে মন নিদি তাই সদায়ৰ দৰে নিজৰ কাম কৰি থাকিল৷ শৰ্মা ছাৰৰ কথা তাইৰ কাণত পৰিল,
: “ডেকা ল’ৰা, মনৰ কথা মনতে ৰৈ যাব চাবা আকৌ“
লগে লগে নিৰ্মালী বাইদেউৰ মিচিকিয়া কণ্ঠ
: শিলক গলাব নোৱাৰি শৰ্মা ছাৰ৷
তাৰ পিছত সেই দুচকুৰ বাক্যবাণ তাইলৈ,
: গলিব বাইদেউ, শিলো গলিব, আৰাধনা অব্যাহত থাকিব নগলালৈ৷

কাণ-মূৰ গৰম হৈ আহে তাইৰ সদায়ে এনেকুৱা কথাবোৰত, কিন্তু নকয় কাকো একো, ক’ব নোৱাৰে৷
বৰ সমস্যা হয়, এনেকৈ কাম কৰিবলৈ তাইৰ, নুবুজে কোনেও, আকাশে বুজিও নুবুজে, বুজাবও নোৱাৰে তাই৷ তাই থকা গাওঁখনলৈ যোৱা কেঁচা আলিটোতে স্কুটীখন ৰখাই দিলে তাই৷ ভাগৰুৱা মনটোৱে শান্তি ক’তোৱেই পোৱা নাই, কি কৰে বাৰু তাই, কিয়েই বা কৰিব পাৰে৷

প্ৰকাণ্ড গছ এজোপাৰ তলত ৰৈছিল তাই, এজন দুজন পাতলীয়াকে মানুহ অহা-যোৱা কৰি আছে৷ হঠাতে বাইক এখন আহি তাইৰ ওচৰতে ৰ’ল, হেলমেট নমাই তাইৰ কাষলৈকে আহিছে তাইৰ প্ৰেমিকখ্যাত সেই দুচকুৰ অধিকাৰী৷

তাইৰ খঙত ৰঙা পৰা মুখখন দেখি সেইজনাই হাঁহি হাঁহি কৈ উঠিল,
: হ’ব হ’ব খং কৰি মিছামিছি গাল-মুখ ৰঙা কৰিব নালাগে, মই এইটোহে দিব আহিছিলো
তাইলৈ তাইৰ ৰুমৰ চাবি পাত আগবঢ়াই দিলে আকাশে৷ তাই খঙত তাৰ ফালে তুলিলোৱা দুচকু তললৈ নমাই ল’লে ততাতৈয়াকৈ৷ এৰা আহিবৰ সময়ত তাইৰ বেগটো পৰিছিল কমনৰুমতে৷ সামান্য সৌজন্যও নেদেখুওৱাকৈ তাই চাবিপাত লৈ গাড়ী চলাই গুচি আহিল৷

আকাশে সদায় হঁহাৰ দৰে তাই যোৱালৈ চাই হাঁহি ৰ’ল৷ সি নিজে নিজে কৈ উঠিল,
: গোঁসানীজনী!

চাৰি বছৰ কম সময়টো নহয়, একেই কথা, একেই চাৱনি, একেই দিন, একেই দূৰত্ব৷ নীলাও শিল নহয়, তায়ো তেজ মঙহৰেই মানুহ, তেনেহ’লে কিয় বাৰু আকাশৰ মনটো বুজা নাই তাই৷ কথা কাৰো লগতে প্ৰয়োজনতকৈ অধিক নাপাতে তাই, সেইবুলি অহংকাৰীও নহয়৷ সকলোৱে ভালপায় তাইক, সমীহ কৰে তাইৰ গাম্ভীৰ্যক৷ আকাশে নাজানে তাইৰ কোনো কথা, মাথোঁ জানে তাই সঁচা, তাই ধুনীয়া মন এটিৰ অধিকাৰী৷ নাভাবে তাই বাৰে বাৰে তাক উপেক্ষা কৰাৰ কথা, তাইৰ চকুৰ ভাষা বিচাৰি হাবাথুৰি খায়, তথাপিও তাতেই তাৰ জীৱনটোৰ অৰ্থ বিচাৰি পায়৷

আজি দুদিনৰ মূৰত স্কুললৈ আহিছে নীলা, আহিয়েই সদায় দেখাৰ দৰে সেইযুৰি চকুক দেখোন দেখা নাই৷ তাই বাৰে বাৰেই আকাশ বহা চকীখনলৈ চাইছে, ন বাজি পোন্ধৰ মিনিট, বিছ মিনিট- এয়া চাৰে নটা হ’ল, আনদিনা তাই আহি নাপাওঁতেই আহে সি৷ আজি জানো কি হ’ল, তাই তাতোকৈ বেছি আচৰিত হৈছে কিয় বিচাৰি ফুৰিছে তাই আকাশক? সি আহে নাহে তাৰ কথা, কিয় মূৰ ঘমাইছে বাৰু তাই? নিজকে নিজে প্ৰবোধ দিও বাৰে বাৰে গেটৰ ফালেই চকু ৰাখিছে তাই৷ প্ৰথম ক্লাচলৈ ওলাওতেই লৰালৰিকৈ আকাশ সোমাই আহিল৷

: আকাশ প্ৰিন্সিপাল ছাৰে কামটো হ’লনে, সুধিছিল, যোৱা ছাৰৰ ৰুমলৈকে৷
নিৰ্মালী বাইদেৱে ক্লাচলৈ যাওঁতে কৈ গ’ল৷ গম নোপোৱাকৈয়ে নীলা ৰৈ আছিল তাৰ ফালে চাই, সি এবাৰো তাইলৈ নাচাই ক্লাচলৈ ওলাই গ’ল৷
এয়া প্ৰথমবাৰৰ বাবে নীলাৰ বুকুখন কঁপিল৷ বেয়া লগা ভাব এটাই শেলি ধৰিলে তাইক৷

গধূলি সময়৷ দশম শ্ৰেণীক পিছদিনা পঢ়ুৱাবলগীয়া পাঠটো পুনৰ এবাৰ চাই লওঁ বুলি বহিছিল তাই৷ আকাশৰ অৱজ্ঞাই অস্থিৰ কৰি আছে এইকেইদিন তাইক৷ সাংঘাতিক ধেমেলীয়া ল’ৰাটো গহীন হৈ থকা হৈছে৷ তাই নিজক বুজাব পৰা নাই, কিয় হৈছে তাইৰ লগত এনেকুৱা? তাইতো কাৰো কথা ভাবিব নিবিচাৰে জীৱনত, কিয় আজিকালি আকাশে বেৰি থাকে দিন-ৰাতি, সপোন-দিঠক সকলোতে৷ দাপোণৰ ফালে চোৱাও বাদ দিছে তাই আকাশৰ দুচকু তাইৰ দুচকুত দেখাৰে পৰা৷ চাৰি বছৰে অৱজ্ঞাইতো কৰি আহিছে তাই, তাৰ পিছতো কেতিয়া আকাশ তাইৰ হৃদয়ত সোমাল তাই ধৰিব পৰা নাই৷ “উস্ নোৱাৰি আৰু“ অস্ফূটস্বৰে ওলাই আহিল তাইৰ মুখৰ পৰা৷ তাইৰ কথাবোৰ জানিলে জানো কোনোবাই তাইক ভালপাব? তাইৰ পৰা মাক দেউতাক আঁতৰি যোৱাৰ দৰে সকলোৱে আঁতৰি যাব৷ কাৰো ওচৰ নাচাপে তাই, তাই কাৰো হ’ব নোৱাৰে, তাই কলূষিত, কলূষিত তাই৷ দুহাতে মূৰটো চেপি ধৰি বহি থাকিল তাই৷

কালি ৰাতি ডায়েৰীত নিজকে আঁকি আজি সুস্থিৰ হৈছে তাই৷ নিৰ্মালী বাইদেউৰ লগত পাঠৰ ইটো সিটো আলোচনা কৰি থাকোঁতে আকাশ আহি বহিল সিহঁতৰ কাষত৷ শৰ্মা ছাৰে তাক দেখিয়েই কৈ উঠিল,
: কি ডেকাল’ৰা, গা-পা ভালে আছে নহয়?
: অহ্‌ মোৰ আকৌ কি হ’ব ছাৰ, ভালেইতো দেখিছে৷
: ওহো দেখা নাই ভালে, সেইকাৰণেই সুধিছো৷
: শৰ্মাদা, ডেকা ল’ৰা সলনি হৈছে নেকিহে?
নিৰ্মালী বাইদেৱেও যোগ দিলে৷
: সলনি হ’ব লাগিবই বাইদেউ, তাতেই যদি আনৰ সুখ, মোৰ আপত্তি নাই৷
সদায় এনেকৈয়ে কথা কয় সি তাইলৈ কাঁড় এৰি৷

তাই চালে আকাশলৈ, সি কিতাপ এখনত এনেয়ে চকু ফুৰাই আছিল৷
: সুখ নহয় আনৰ মহাসুখ হৈছে বাইদেউ৷
অজানিতে নীলাৰ মুখেৰে ওলাই আহিল, কথাষাৰ কৈয়ে আৰু নৰ’ল তাই৷ ক্লাচলৈ ওলাই গ’ল৷ সকলোৱে আচৰিত হৈ তাই যোৱালৈ চায়েই থাকিল৷ নিৰ্মালী বাইদেৱে মাত লগালে
: আকাশ, বৰফ গলিছে৷

জিৰণিৰ সময়ত চাবলৈ অনা নোটবুক কেইটা চাই আছিল নীলাই, ৰাতিপুৱাৰ কথাষাৰৰ বাবে সাংঘাতিক লাজ পাইছে তাই, তলমূৰকৈ নিজৰ কাম কৰি গৈছে, কাৰো ফালে চোৱা নাই৷ এনেতে আকাশ ওচৰতে আহি বহিলহি৷ তাই চাৰিও ফালে চালে, নাই কোনোৱে চোৱা নাই সিহঁতৰ ফালে, সকলো ব্যস্ত৷ তাৰ পিছত আকাশলৈ চালে, সি তাইৰ ফালেই চাই আছিল,
: কি, কিবা কাম আছিলে?
কোনোমতে সুধিলে তাই৷
সি হাঁহিলে, একো নক’লে তাইৰ চকুলৈয়ে চাই থাকিল৷
তাই বৰ অশান্তি পাইছে,
: প্লিজ গ’
: কিয়? তোমাৰ মনত কি আছে চাৰিটা বছৰে চকুত বিচাৰি বিচাৰি আজি দেখা পাইছোঁ, তাকো চাব নিদিয়ানে?
তাই তলমূৰ কৰিলে,
: অসম্ভৱ কথাত সময় নষ্ট কিয় কৰিছে, একো নাপাব
: মই দেখিছো নীলা যি পাব লাগে পাইছোঁ
: মই কষ্ট পাওঁ, প্লিজ গ’
: ছুটীৰ সময়ত পাঁচ মিনিট ৰ’বা, কথা আছে মোৰ৷
আকাশ উঠি গ’ল তাইৰ ওচৰৰ পৰা৷

আজি এসপ্তাহে হ’ল, তাই আঁতৰি ফুৰিছে সকলোৰে পৰা, ছুটীৰ পিছত এক মিনিটলৈও ৰোৱা নাই৷ মনত যিখন ধুমুহা বলি আছে তাইৰ, কোনোৱে উমান পোৱা নাই, তাই নিজৰ পৰায়ে পলাই আছে যেন৷ স্কুলৰো সকলোৱে যেন আকাশৰ পক্ষতেই আছে, নতুবা তাইৰ অৱস্থাৰ আমেজহে লয় নাজানে তাই৷ হাতত বেগটো লৈ তাই স্কুলৰ পৰা ওলাব খুজিছিলহে স্কুলৰ পিয়নজন লৰালৰিকৈ তাইৰ ওচৰলৈ আহিল,
: নীলা বাইদেউ, আপোনাৰ স্কুটীখনৰ টায়াৰ এটি পাম্পচাৰ হৈ আছে৷
নীলা উদ্বিগ্ন হৈ পৰিল, নিৰ্মালী বাইদেউও গ’ল, তাই এতিয়া কি কৰিব৷

বাহিৰলৈ ওলাই আহি খন্তেক ৰ’ল তাই, সন্মুখত বৰ চিন্তিত হৈ আকাশ আৰু পিয়নজন থিয় হৈ আছিল৷ বহুদিন নোকোৱাতে সহায় কৰিছে আকাশে, এনেকুৱা সময়ত তাই অসহায় হৈ পৰে৷
: মৃণাল কি কৰিব এতিয়া, মেকানিক পোৱা যাবনে কৰবাত ওচৰত?
: নীলা বাইদেউ, মোৰ ঘৰৰ ওচৰত সৰু মেকানিক এজন আছে, তালৈ লৈ যাব পাৰিলে কিবা এটা হ’লহৈ৷
: মৃণাল চৰকাৰে পাৰ্মিশ্বন দিলে এই নাচীজে কিবা এটা কৰিব পাৰো৷
: কোন চৰকাৰ ছাৰ?
আকাশ সংযত হ’ল,
: নহয় মানে তুমি নীলা বাইদেউৰাৰ লগত ৰোৱা, মই ক’ৰবাত পাৰোনে চাই আহো
: নালাগে ছাৰ ময়েই পাৰিম, আপোনালোক ৰওক, নীলা বাইদেৱে কত উপকাৰ কৰি থৈছে মোৰ বিপদত, এইখিনিতো কৰিব পালে মোৰ ভালহে লাগিব৷

বাৰাণ্ডাৰ বেঞ্চখনত আকাশ বহিল, নীলা অলপ দূৰত থিয় হৈ থাকিল৷
আকাশে হঠাতে হাঁহিব ধৰিলে, নীলাই আচৰিত হৈ চালে,
: এষাৰ কথাৰ বাবে এই শিক্ষকজনে কি কি যে কৰিব নালাগে আৰু -আকাশে হাঁহি হাঁহিয়ে নিজে নিজক কৈ উঠিল৷
নীলা আৰু বেছি আচৰিত হ’ল, তাই প্ৰশ্নভৰা চকুযুৰি তুলি তালৈ তীক্ষ্ণ ভাৱে চালে, আৰু মুহূৰ্ততে উত্তৰ পাই গ’ল৷
আৰু অলপ আঁতৰি থিয় হ’ল তাই,
: ছিঃ শিক্ষক এজন হৈ এনে কাম কৰিব পাৰে কোনোবাই
আকাশ উঠি গৈ তাইৰ সন্মুখত থিয় হ’ল
: কিয় শিক্ষকবোৰ মানুহ নহয় নেকি মিচ নীলা? তাই দুখোজ পিচুৱাই আহিল আৰু আকাশ দুখোজ আগুৱাই, আকৌ তাই দুখোজ পিচুৱাই গ’ল, আকৌ আকাশ দুখোজ আগুৱাই আহিল,
: কথা এষাৰ পাতিবলৈ কিমান কাকূতি মিনতি কৰিব লাগে তোমাক, কিয়? কৰবাৰ মহাৰাণী তুমি? অন্তৰ নাই তোমাৰ? দেখিও নেদেখা যে মোক? নে?

নীলাই আকাশৰ ক্ৰোধত উজ্জ্বলি উঠা চকুহাললৈ চাই থাকিল, তাইতো কাহানিবাই বন্দী হৈছে এই চকুযুৰিৰ, হিয়া উজাৰি মনৰ কথা ক’বলৈ তাইৰো মন যায়, কিন্তু, দুচকু পানীৰে ভৰি পৰিল তাইৰ৷

আকাশ পিছুৱাই আহিল, নিজৰ প্ৰিয় নাৰীৰ চকুত চকুপানী সি কোন স’তে চায়৷
আঁতৰি আহি বেঞ্চখনত বহি পৰিল তাই৷
মৌন দুয়ো৷
আকাশ তাইৰ ওচৰলৈ আহিল তাই তলমূৰকৈ বহি আছিল, চকুৰ পৰা নিগৰি অহা চকুলোবোৰ তাইৰ বেঞ্চত থোৱা বাঁওহাতখনতে পৰি আছিল৷
তাইৰ হাতখন নিজৰ হাতৰ মাজত তুলি ল’লে সি, প্ৰিয়পুৰুষৰ স্পৰ্শ নাজানে তাই কেনেকুৱা, কিন্তু এক শিহৰণে কঁপাই তুলিলে তাইক৷ তাইৰ ওচৰত আঁঠু কাঢ়ি বহিল সি,
: নীলা, মই কি বিচাৰো জানানে?
তাই তাৰ মুখলৈ চালে,
: নীলা এই তোমাৰ আয়ত চকুযুৰিত থকা বিষাদবোৰ, চকুপানীবোৰ মোক ভগাই দিয়া এবাৰ, তোমাক মোৰ ভালপোৱাৰে সজীৱ কৰিব দিয়া
কান্দোনখিনি আৰু বেছি তীব্ৰ হৈ উঠিল, কোনোমতে চেপি ৰাখিলে তাই,
: প্লিজ নীলা, তুমিতো জানাই এই কবিৰ আৰু একো নাই, এটাই মাথোঁ কামিজ তাৰো চিগো চিগো চিলাই- বিদ্যা শপত শব্দবোৰেও ধৌকা দি যায়৷

আকাশে এখন হাতেৰে কাণত ধৰি ক’লে৷
নীলাৰ হাঁহি উঠি গ’ল, পিছ মুহূৰ্ততে গহীন হৈ ক’লে,
: বৰ কঠুৱা মোৰ কাহিনী, শুনিব পাৰিব, কিন্তু সহিব পাৰিবনে নাজানো৷
হাতখন আকাশৰ হাতৰ পৰা এৰাই থিয় হ’ল তাই৷
: মই চব সহিব পাৰো, তিতা মিঠা চব৷
: মই ক’ম, পিছত যি সিদ্ধান্ত লয় ল’ব আপুনি

এনেতে মৃণাল মানে পিয়নজন আহি পালে,
: বাইদেউ, হৈ গ’ল, একদম চকাচক কৰি আনিছো৷

সৰু চহৰখনৰ কফিশ্বপ এখনৰ এটা মূৰত দুয়ো বহি আছিল, বহু কথাই ক’লে তাই আকাশক৷ কাকো কাহানিও নোকোৱা৷ আকাশ আশ্চৰ্যত মূক হৈ গৈছিল৷ তাৰ নীলাজনীয়ে ইমানবোৰ যন্ত্ৰণাৰ পাহাৰ কেনেদৰে বুকুত কঢ়িয়াই আছিল বাৰু?
: নীলা, তাতেই জানো তোমাৰ জীৱন শেষ?
: মই ধৰ্ষিতা পত্নী আকাশ, এতিয়াও কিবা বাকী আছেনে বাৰু?
: তাত তোমাৰ ভুল কোনখিনিত নীলা?
কি কয় আকাশে, সকলোৰে পৰা সদায়ে তাই পুতৌ আৰু লাঞ্ছনাৰ সন্মুখীনহে হৈছিল আজিলৈ৷
: নীলা তোমাৰ অপৰাধী তোমাৰ বিচ্ছেদিত পতি, যাৰ বৰ্তমানত ক’তো স্থান নাই৷ তেওঁ তোমাৰ সন্তানৰ হত্যাকাৰী, যাৰ শাস্তি তেওঁ ভুগি আছে৷
: কম বয়সতে বিয়া দি মোৰ জীৱনটো ধ্বংস কৰা বুলি মা-দেউতা সেই শোকতে ঢুকাল আকাশ, দাদাৰ মোলৈ ঘূৰি চাবলৈ আহৰি নাই৷ আৰু নজন্মোতে মোৰ সন্তানক সেই অসুৰে মাৰিলে, মই যদি তাৰ বিৰুদ্ধে আইনৰ কাষ নাচাপিলোহেঁতেন, মোৰ সন্তান বাচি থাকিলহেঁতেন আজি৷ মই শান্তি নাপাওঁ আকাশ, মোৰ লগত আপুনিও মিছাতে কিয় ভুগিব কওক৷
: নীলা, নীলা শান্ত হোৱা তুমি৷
যি ঘটিল সেয়া অতীত নীলা, বৰ্তমানত জীয়াবলৈ শিকিছা তুমি, তথাপিও তুমি যেন হেৰাই গৈছা, তোমাক হেৰাব দিব নোৱাৰি৷ মা-দেউতাই তোমাৰ সুখেইতো চাব বিচাৰিছিল, কিয় সুখ নিদিবা তুমি তেওঁলোকক? কাৰোবাৰ অপৰাধৰ শাস্তি কি যুক্তিত তুমি নিজকে দিছা নীলা? কোৱা৷

নীলাই তাৰ চকুলৈ চালে, ভৰষাৰ অজস্ৰ ৰং বিয়পি আছিল সেই দুচকুত সদায়ৰ দৰেই৷
: এই আকাশক নীলা লাগে, কোৱা হ’বানে তুমি এই আকাশৰ নীলা?
হাত এখন তাইৰ আগত মেলি সুধিলে আকাশে৷ তাইৰ দুচকু প্ৰাপ্তিৰ ৰঙত উজলি উঠিছে, তাৰ চকুত চকু ৰাখি নিজৰ হাতখন আলফুলে আকাশৰ হাতত দিলে তাই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments