আকাশৰ সাধুকথা ২০৪০ – ধ্ৰুৱজ্যোতি শৰ্মা

তিনিমহলীয়া অট্টালিকাটোৰ ওপৰ মহলাৰ বিশালাকাৰ কোঠাটোৰ ভিতৰত সাতবছৰীয়া নাতিল’ৰা, মাক আৰু আইতাক৷ সন্ধিয়া সময়ত তিনিও তাতেই অলপ খোলা বতাহ লয়৷ মাজে মাজে নতুনকৈ লগোৱা ডিজিস্কাই নামৰ ঘৰুৱা প্লেনেট’ৰিয়ামৰ সহায়ত এন্ধাৰ পৰিৱেশত মুকলি আকাশৰ তলত বহাৰ আমেজ লয় তিনিও৷
সিদিনা শনিবাৰ আছিল৷ জেমিৰ ক্লাছৰূপ কাৰিকুলাম নাছিল৷ পাঁচ বজাত ভিডিও কনফাৰেঞ্চিং শেষ কৰি জুচ অলপ মুখত লৈ লগৰ কেইটাৰ লগত চাটিং কৰিলে সি৷ দিনৰ দিনটো ৰূমতে সোমাই থকা জেমিক আইতাকে উলিয়াই লৈ আহিল৷ ইমান কম বয়সতে এই ইণ্টাৰনেটডালে, ডিজিটেল দুনীয়াই মূৰ খালে ল’ৰাটোৰ৷ জেমিৰ মাক সেই সময়ত তৃতীয় মহলাতে আছিল ৰিডিং পেডত নতুনকৈ অহা উপন্যাস এখন পঢ়ি৷ তেতিয়া সন্ধিয়াই গাঢ়তা লৈছে৷ বাহিৰৰ ৰং-বিৰঙী দুনীয়াখন উদ্ভাসিত হৈ উঠিছে৷ আইতাক-নাতিয়েক কোঠাটোত বহাত বোৱাৰিয়েকে ৰিডিং পেড থৈ ডিজিস্কাইটো অন কৰি দিলে৷ ডিজিস্কাই অন হোৱাৰ লগে লগে ৰূমটো অটোমেটিক ডাৰ্ক মোডলৈ গুছি গ’ল৷

ৰূমটোৰ বিশেষভাৱে সজোৱা ছিলিঙত যেন সঁচা আকাশখনহে নামি আহিল৷ খিৰিকিবোৰো নিজে নিজেই খোল খালে৷ আইতাকে এই পৰিৱেশটো ভাল পায়৷ অৱশ্যে এই পৰিৱেশত আইতাকে কোৱা পুৰণি সাধুবোৰ শুনিবলৈ জেমিয়েও চেলু বিচাৰিয়েই থাকে৷ সি তাৰ প্ৰশ্নবান আৰম্ভ কৰি দিয়ে
: আবু, সেইটো কি?
আইতাকে বেৰত থকা চুইচটো টিপি দিলে আৰু লগে লগে কোঠাৰ মাজৰ খালী ঠাইখিনিত বেৰৰ ফালৰ পৰা কোমল দলিচা এখন মেল খাই গ’ল৷

: আহ বাপা৷ ইয়াত ঘূমে ল’লিহে ভালকে কবা পাৰিম
বুঢ়ীয়ে নাতিয়েকৰ হাতত ধৰি দলিচাখনলৈ লৈ গ’ল৷ জেমিৰ মাকেও সৰু টুলখন ওচৰলৈ আনি বহিল৷ এইবাৰ তিনিও আকাশখনলৈ চালে৷ তৰাবোৰ আকাশ ভৰি আছে৷ যেন তৰাৰ ফুলহে৷ হাটিপটীও বহুত স্পষ্ট ৰূপত ওলাইছে৷ আজি চাগে’ অমাৱস্যা৷ জোনটো ক’তো নাই৷ সেইবাবেই হয়তো তৰাবোৰ অধিক স্পষ্ট ৰূপত জিলিকি আছে৷

: আবু কনা৷ সেটু কি ষ্টাৰ?

: সেটু নাম ধ্ৰুৱতৰা বাপা৷

: সেইটো আৰ্থৰ পৰা কিমান ডিষ্টেঞ্চত আছে?

: ধ্ৰুৱতৰা আমাৰ ওচৰত আছে বোপা৷ সেইবাবেই সি আমাক ৰখি থাকে, লৰচৰ নক্ৰাকে৷

: লৰচৰ কিয় নকৰে?

: সপ্তৰ্ষিমণ্ডলক পোহৰ দি থাকপা লাগে যি৷

: আবু, অনলি চানেহে পোহৰ দিয়ে৷

: নহে অ’ বাপা৷ এই ৰাতি সূৰ্য্য ক’ৰ পৰা ওলবো৷ সিকাৰণে ধ্ৰুৱতাৰায়েই পোহৰ দিয়ে৷

: জেমি, আইতাক দিগদাৰি নকৰিবাচোন৷ আইতাৰ পৰা সাধুকথাবোৰ শুনা৷

: মামা, কথাবোৰটো জানিব লাগিব না!

: ধ্ৰুৱতৰা এটা পোলষ্টাৰ৷ তাৰ নিজা পোহৰ আছে বুলি কয় জেমি৷ এতিয়া আৰু আইতাক দিগদাৰি নিদিবা৷

: চ’ৰী মামা৷

এইবাৰ আইতাকে জেমীক সপ্তৰ্ষিমণ্ডলৰ কথা শুনাবলৈ ল’লে৷ তেনেতে এটা ৰঙা উজ্জ্বল তৰা দক্ষিণৰ পৰা উত্তৰলৈ যাবলৈ ধৰাত জেমিয়ে আকৌ সুধিলে –

: আবু, সেইটো কি ষ্টাৰ? ৰাণিং ষ্টাৰো থাকে নেকি?

: সোণটু, সেটুক আমি দাউৰা তাৰা বুলি কউং৷ ঋষিমুনিৰ শাপ লাগি সেই তাৰাকেটা দাউৰি ফুৰে৷

: ষ্ট’ৰীতহে সেয়া ৰাণিংষ্টাৰ জেমী৷ অৰিজিনেলী এইটো এটা চেটেলাইট৷ ৰিলায়েন্স স্পেচ ৰিচাৰ্ছ কম্পেনীৰ দ্বাৰা লঞ্চ কৰা এইটো এটা প্ৰাইভেট চেটেলাইটহে৷ আমি যে ডিজিস্কাই চলাই আছোঁ, এই চেটেলাইটৰ জৰিয়তেই তাৰ ডিটেইলচ পাই আছোঁ৷ ঠিক তেনেকে মহিন্দ্ৰাৰো আছে, বিৰলাৰো আছে৷ মাকে বিৱৰণ দিলে৷

মহিন্দ্ৰা আৰু বিৰলাই কি কৰে মামা? জেমীৰ প্ৰশ্নবান আইতাকৰ পৰা মাকলৈ আৰম্ভ হয়৷

বুঢ়ীৰ আৰু সাধু কোৱা নহ’ল৷ তাৰ সলনি নিশচুপ হৈ আকাশখনলৈ চাই ৰ’ল৷ কি যে দিন হ’ল! আকাশমাৰ্গত এয়াৰ ইণ্ডিয়া চলিছিল, তাৰ পিছত প্ৰাইভেট ফ্লাইট আহিল৷ প্ৰাইভেট ৰেলো চলিল৷ অৱশেষত কৰ’ণা ভাইৰাচৰ সুবিধা লৈ প্ৰাইভেট ৰকেটো আহিল৷ তৰাবোৰো শান্তিত থাকিব নোপোৱা হ’ল৷ কিযে দিন আহিল৷ বুঢ়ীৰ দৃষ্টি ভোটাতৰাৰ পৰা হাটীপটিলৈ, হাটীপটিৰপৰা সপ্তৰ্ষিমণ্ডললৈ আহ যোৱা কৰি থাকিল৷ হঠাতে যেন এটা পপীয়া তৰা আকাশৰ পৰা খহি পৰিল৷ বুঢ়ীৰ মুখেৰে নিজে নিজে হুমুনিয়াহ এটাৰ সৈতে ওলাই আহিল – শ্ৰীশ্ৰীশ্ৰী ব্ৰহ্মা বিষ্ণু মহেশ্বৰ৷

বুঢ়ীৰ মনটো তেতিয়ালৈকে ওলাই গৈ মাকৰ ঘৰৰ মুকলি চোতালত পৰা ঢাৰিখনত ওপৰমুৱাকৈ শুই থকা দহ বছৰীয়া ছোৱালীজনীৰ দৃষ্টিৰে সঁচা আকাশখনলৈ গুছি গৈছিলগৈ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!