আকাশ আৰু বৰষুণত ডুবি থকা শৈশবৰ এটি সৰু কাহিনী (ৰক্তিম গোস্বামী)


বিশালতাক বুজাবলৈ আকাশতকৈ হয়তো বহল শব্দ নোলাব।মনৰে কল্পনা কৰিব নোৱাৰাকৈ বিশাল সীমাহীন এক নীলা অনুভৱ হৈছে আকাশ। কোনে ভাল নাপায় এখন তৰা ভৰা আকাশক মনভৰি চাবলৈ কোনোবা শুক্লপক্ষ নিশা। দেউতাই দেখুৱাই দিয়া ধ্রুব তৰা,হাতীপতি, সপ্তৰ্ষী মণ্ডলেৰে ভৰা আমাৰ শৈশব বোৰ কিমান মনোৰম আশ্চৰ্য্যৰে ভৰা! আকাশৰ তৰাবোৰৰ দৰে আমাৰ মনটো তিমতিমাই জ্বলি উঠিছিল প্রশ্নৰ হাজাৰটা উজ্বল তৰা। তাতে সৌ দূৰত ৰং সলনি
হৈ ঠকা তৰা এটা বা পঁপীয়া তৰা দেখিলেটো কথাই বেলেগ আছিল।বিশালতাৰ লগত, নীলাৰ লগত এয়ে হয়তো আমাৰ প্রথম চিনাকী আছিল।

আকাশৰ পৰা নামি অহা এজাক বৰষুণত তিতি থকা শৈশবৰ স্মৃতিএতিয়াও জীপাল আমাৰ মনত। বৰষুণত তিতি তিতি খেলা বোকা পানীৰখেলবোৰৰ মাদকতা মনত পৰিলে এতিয়াও মন যায় ল’ৰালিলৈ পলকতে উভতি গৈ নিজক দেহাত বোকা পানীবোৰ সিঁচি লবলৈ।

এতিয়াও মনত আছে মোৰ ল’ৰালিৰ এনে এটি সৰু কাহিনী-

‘ সেইদিনা সোমবাৰ আছিল। মই তেতিয়া সপ্তম মান শ্রেণীৰ (খ) শাখাৰছাত্র। পঞ্চম পিৰিয়ডত সপ্তম মান শ্রেণীৰ (ক) শাখাত গৈ শকত-আৱত ল’ৰা এটাক স্কুল ছুটিৰ পিছত মোৰ লগত মল্লযুদ্ধ (?) কৰিবলৈ চেলেঞ্জদি আহিলো। স্কুল শেষ হল। মল্লযুদ্ধৰ বাবে ঠাই নিৰ্বাচন কৰিলে লগতে থকা দকেইজন মান বন্ধু দৰ্শকে। যুদ্ধ আৰম্ভ হোৱাৰ অলপ পিছতে ডাঙৰ
বৰষুণ এজাক আহিল। এই বৰষুণ জাকত আমাৰ কাইজিয়া কৰা জ’চহাজাৰ গুণে বাঢ়ি আহিছিল। দুয়োটাই নিজকে চিনেমাৰ হিৰ’ বুলি ভাবিলৈছিলো গতিকে কেচ টো ” জান জায়ে পৰ শান না জায়ে” ধৰণৰ হ’লগৈ তাতে লগৰবোৰৰ উচটনি আৰু সপ্তম মান শ্রেণীৰ (খ) শাখাৰ ইজ্জতৰকথা আহি পৰিল। পূৰ্ণদমে চলিল যুঁজ।

এই ফিল্মি চেন্টিমেন্টৰ মাজত একেবাৰে পাহৰি গ’লো যে স্কুলৰ পোছাকযোৰৰ ৰং যে বগা আছিল। ইতিমধ্যো বহু দেৰি হৈ গ’ল কাপোৰযোৰত বগা ৰং বিচাৰি পোৱা ন’গল। যুদ্ধত পিছৰফাললৈ মোক বৰকৈ কোবালে মোৰ প্রতিদ্বন্দীয়ে। মল্লযুদ্ধ হাৰ মানি মাটিয়া ৰংৰ কাপোৰযোৰৰ সৈতে লেঙেৰাই লেঙেৰাই ঘৰত সোমোৱাৰ পিছত পুণৰ বাৰ নিঁখুট ঔ-কিল পৰিছিল এই পেন্দুকণা মল্লযুদ্ধাৰ পিঠিত, প্রথমে বীৰৰ দৰে দুটাচাটমান সহিছিলো তাৰ পাছত পলাইয়ো বচাব পৰা নাছিলো এইতিনি ফুটিয়া বীৰৰ ঠুনুকা গৌৰব । ঔ-কিল নপৰিবনো কেলৈ, ‘মোৰ ল’ৰাটো স্কুললৈ ধুনিয়াকৈ যাঁওক’ বুলি আগদিনা মূৰত ৰ’দ লৈ কুঁৱাপাৰত ঘঁহি ঘঁহি চাফা কৰা বগা কাপোৰযোৰ যদি পিছদিনা মল্লযুদ্ধৰ পোছাকলৈ পৰিবৰ্ত্তন হয় তেনেহ’লে মাকৰ পৰা প্রাপ্য পুৰস্কাৰ ল’বই লাগিব। তাতে আকৌ যঁজা ভাইটি-ভণ্টি হালৰ পেঁপা কেইটাই ২৪/৭ চাৰ্ভিচ দিছিলে সেই সময়ত’।

আকাশ আৰু বৰষুণেৰে ভৰি থকা শৈশবৰ এই সৰু সৰু ঘটনাবোৰ মনত পৰিলে সুখৰ এক সুন্দৰ নষ্টালজিক সংজ্ঞা বিচাৰি পাঁও প্রতিবাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!