আকাশ, মাটি…পানী ( পৱিত্ৰ দত্ত )
সূৰ্য্যই ঈশ্বৰক গিলি থ’লে
আকাশে মাটিত পানী দিলে
শিলবোৰ মাটি পানী হ’ল
ওপৰলৈ চালো
শূন্য
সাৱটি ধৰিলো
উপঙি বৰষুণ হ’লো
এটোপাল পানী চকুৱে দি সোমাই
পেটৰ গহ্বৰ পালে
আন্ধাৰতে পুলি এটা
ঠন ধৰি উঠিল
আন্ধাৰে আন্ধাৰে
পখিলা বোৰ উৰি আহিল
সময় নৈয়ে দি নামে
পৃথিৱীৰ প্ৰথম হাঁহিটো চুবলৈ
এটা বিন্দু
এটা সূৰ্য
শ্যামল
আদিৰ প্ৰথম গোন্ধ
সৰ্বত্ৰই আকাশ মাটি পানী৷