আকৌ আহিছে ব’ হাগ (মনোহৰ দত্ত)

আকৌ আহিছে ব হাগ
মনোহৰ দত্ত
 
এদিন ব’হাগে হাঁহিছিল আলফুলে
স্নিগ্ধ ফুলৰ পাহিত
আমোলমোলাইছিল আন্তৰিকতা ।
জীৱনৰ সপোনবোৰে নতুন পথৰ সন্ধান পাইছিল।
ডেউকা মেলি দিগন্তত উৰিছিল হৃদয়।
কিমানযে আনন্দই মতলীয়া কৰিছিল
আকাশৰ মেঘবোৰ।
আকৌ আহিছে ব’হাগ।
উৰিবলৈ মন যায় ফুলৰ ডেউকা লগায়।
তগৰ নাহৰৰ কথাৰে মেঘৰ আঁৰে আঁৰে খেলিম।
সেউজীয়া দলিচাত জিৰণি ল’ম।
হেঁপাহৰ লুইতত
মন ডিঙা মেলি গাম বিহুৰে নাম।
 
 
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!