আকৌ নতুন প্ৰভাত (মানবেন্দ্ৰ ৰনহাং চৌধুৰী)


 
 

-All station stand by… This is kilo47… district Control from kilo47…
-Kilo47 from district control, good evening Sir, please carry on…
-Ok… আপুনি পি.এচ.বোৰত জনাই দিয়ক ৰাতি নাকা চেকিং যাতে ভালদৰে কৰে। আৰু শুনক পি.এচ. আৰু অ’.পি.বোৰৰ অ’.চি., আই.চি কেইজনক ক’ব ৰাতি কুকুৰ এটাই ভুকীলেও যাতে লক-আপত ভৰাই দিয়ে। District control from kilo47 আৰু শুনক আপোনালোকৰ ৰ’জাৰ মাইক কচাৰীক মই এতিয়াই মতা বুলি ক’ব। control information clear নে?
-Kilo47 from control, your information quite clear sir, clear, ok rojer wilko… নমস্কাৰ চাৰ…।

সচৰাচৰ নিগনিটোৱে কচাৰীৰ অবচেতন মনত আলোকিত হোৱা চিন্তাবোৰক নিস্ক্ৰিয় কৰাৰ দৰে আজিও যতি লগালে। প্ৰাণৰ তাৰণাত নিগনিটোৱেও কচাৰীৰ উৱলি যোৱা টিভিটোৰ অৰ্ধ খোল খাই থকা পিছপিনৰ ঢাকণি খনৰ ক্ষুদ্ৰ ছিদ্ৰ এটাৰে ভিতৰত প্ৰবেশ কৰিলে। নিগনিটোৱে সি বিচনাত উঠাৰ পিছত কেৱল টিভিৰ তাঁৰডালেৰে বগুৱাবাই আহি এনেদৰেই তাৰ জৰাজীৰ্ণ টিভিটোত সদায়ে প্ৰবেশ কৰে। হয়তো সি আগদিনাখন ৰাতি খাই শেষ কৰিব নোৱাৰা খাদ্যকণ খোৱাৰ লোভতেই এনেদৰে টিভিটোৰ ভিতৰত প্ৰবেশ কৰে। এজন ভাল ৱায়েৰলেচ টেকনিচিয়ান হোৱা হেতুকে কচাৰীৰ টিভিটো ভাল কৰি লোৱাটো বেছি টান কাম নহয় যদিও আজিকালি তাৰ সেইবোৰলৈ কোনো ধৰণৰ মন কাণ নাই। আজি নিগনিটোৱে অসাৱধানতা বশতঃ তাৰ আই.পি.এম. পোৱাৰ সময়ত উঠোৱা উৱলি যোৱা ফটোখন টিভিৰ ওপৰৰ পৰা মাটিত পেলালে যদিও কচাৰী উদাসীন হৈয়েই ৰ’ল। ঘৈণীয়েক যশোদাইও কেইদিনমানৰ পৰা লক্ষ্য কৰিছে- আগতে যদি কোনোবাই ভুল বশতঃ ফটোখন অলপ ইফাল সিফাল কৰে, কচাৰীৰ তৰ্জন-গৰ্জনত ভূ-ভাৰস্থ এক হৈ গৈছিল। কিন্তু আজি তাৰ কোনোধৰণৰ প্ৰতিক্ৰিয়া নাই। যশোদাই লাহেকৈ বিছনাৰ পৰা উঠি গৈ আকৌ ফটোখন টিভিটোৰ ওপৰত থৈ কচাৰীৰ কাষতে শুই পৰিল। কচাৰী আকৌ তাৰ যতি পৰা অৱচেতন মনত আন্দোলিত চিন্তাবোৰত লাহে লাহে বুৰ যাবলৈ ধৰিলে।
অ ঠিকেই, সেইদিনাখন ৰাতিয়েইতো এচ.পি. ফুকন চাহাবে মাতি নি তাক খবৰটো দিছিল। সি আনন্দতে একো ক’ব নোৱাৰা হৈ গৈছিল। সি তাৰ উৎফুল্লতাৰ বহিঃপ্ৰকাশ চাহাবৰ আগত নেদেখুৱাই মৌন হৈ মাথো শুনি গৈছিল। দেখিলেই ভয় লগা, ক’লা হটঙা ওখ চেহেৰাৰ মানুহজনে যেতিয়া তাক কৈছিল—

-“Congratulation Kachari, You lucky man, this year you have been selected for INDIAN POLICE MEDAL. You deserved it.

কচাৰীয়ে মাথোঁ ভেবা লাগি পুলিচ-পাব্লিক সকলোৱে ভয়তে মতা বাঘ ফুকন নামৰ এচ.পি.জনৰ মুখলৈ চাই ৰৈছিল।
-অই কি চাই আছ ভেবা লাগি? এইবাৰ তই পুলিচ মেডেলৰ বাবে চিলেক্ট হৈছ। মেৰাপানীৰ এনকাউন্টাৰত quick exchange of informationৰ বাবে তই আৰু তোৰ লগতে মেৰাপানীত থকা সেই অপাৰেটৰজনো চিলেক্ট হৈছে। হোঁ, ল, এই দুশ টকা মোৰ ফালৰ পৰা ৰিৱাৰ্ড-মানি হিচাপে ৰাখি থ। আৰু শুণ ষ্টেট্ হেড-কোৱাৰ্টাৰৰ লগত RT Conversation কৰোঁতে মোৰ গাড়ীৰ ৱায়েৰলেচ চেটটোৰ চিগনেল অলপ Poor পাই আছো, কাইলৈ চেটটো অলপ চাই দিবি। তহঁতৰ কণ্ট্ৰোলৰ ৰিপীতাৰ যোৰো Weak হ’ব পাৰে চাবিচোন ভালদৰে অলপ। এনেই দিনকাল সিমান ভাল নহয়, এই ৰাতিখন তই অকলে যাব নালাগে, মই যাদব হাবিলদাৰক কৈ দিওঁ, সি পি.এচ.ও এটা লৈ তোক অকণমান আগবঢ়াই দি আহক।

এচ.পি. বাঘফুকন চাহেবৰ বাংলোৰ পৰা ওলাই সিহঁত যেতিয়া কচাৰীৰ ঘৰমুৱা হৈছিল, টাউনৰ ফালে যোৱা প্ৰথম কেকুঁৰীটো বাদ দি দ্বিতীয় কেকুঁৰীটোত দেখা পাইছিল- কেইজনমান আন্দোলনকাৰীয়ে পথৰ মাজতে কেইটামান টায়াৰ জ্বলাই থকা। যাদব হাবিলদাৰে চলাই যোৱা জীপ গাড়ীখনৰ পোহৰ সিহঁতৰ ওপৰত পৰাৰ লগে লগে চেঙেলীয়া আন্দোলনকাৰী কেইজনে যেনি তেনি দৌৰি সেই ঠাই ত্যাগ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল।
জীপ গাড়ীখনে জ্বলি থকা টায়াৰ কেইটা পাৰ হোৱাৰ পিছত, চোলাৰ পকেটৰ পৰা ওলাই লোৱা অন্তিমটো বান্দৰ বিড়ি জ্বলাই লৈ যাদব হাবিলদাৰে যেন ক্ষোভৰ জ্বালামুখীত হে জুই লগালে—

-চাল্লা, এইবোৰ চব এনেক্কাই মৰিব। তহঁত চব মৰ যদি মৰ আৰে হামকো ভি কিউ মাৰ ৰহে হো! দিনভৰ কুত্তাকা মাফিক ইহঁত চবৰ পিছত দৌৰি থাক, ওচকা ওপৰ মে ঔৰ চাহাব লোঁগো কা গালি। চাল্লা হাৰাম কা জীন্দেগী হেই। হাম চাল্লা চোটা লোগ দোনোকা বিচ মে ৰেহকে হিজিৰা বন গয়া। নে কি কয় কচাৰী বাবু?

কচাৰীয়ে তাৰ কথাৰ প্ৰত্যুত্তৰ নিদি মৌন হৈ মাথোঁ শুনি ৰ’ল।

-শুনাহে কচাৰী বাবু..উ, আপনি এই চাল আই.পি.এম. পাব। খুউব ভাল কথা, খু..উ..ব ভাল কথা। একটা কথা কওঁ, বেয়া নাপাব, আপনি আৰ.এম. চবক চাহাব বিলাকে খুউব ভাল পায়। ভালটো পাবই আপনি আৰ.এম. চব নাথাকিলে district ৰ communication কোনে চালাব? আপনি চব একদিন ডিউটিত নাথাকিলে district communication ত চব গণ্ডগোল লাগি যাব, তাৰ ওপৰত যদি ক’ৰবাত একটা হংগামা হয়, চাহাব কেইটাতো মৰি যোৱাৰ নিচিনা হ’ব। তাতে আপনা চব আছে পঢ়া-শুনা কৰা আদমী, চব সময় কি কয়- আলফা, ব্ৰেভো, চাৰ্লি কৰি থকা চিপাহী, আমি চাল্লা দাণ্ডা লোৱা চিপাহী, আমাক চাহাব বোৰে মানুহ বুলিয়েই নাভাবে।
কচাৰীয়ে আকৌ খপজপকৈ শুই থকাৰ পৰা উঠি বহিল। হয়তো নিগনিটোৱে সেইদিনাৰ খাদ্য ভাগ খাই আদায় কৰাৰ পিছত গন্তব্য স্থানলৈ গতি কৰোতে হোৱা খচ-মচ শব্দত কচাৰীৰ চিন্তাত আকৌ যতি পৰিল।
-হেৰা তোমাৰ আকৌ কি হ’ল, টোপনি অহা নাই নেকি?
যশোদাই মাত দিলে।
-নাই নহয় মানে…
-কি নহয় মানে? শুই থাকক এতিয়া।
যশোদাই তাইৰ সৰলীকৃত স্বভাৱতোৰে গিৰিয়েকক এটি মৃদু ধমক দিলে।
নাই তাৰ টোপনি নাই। আহিব ক’ৰ পৰা, ৰাতি পুৱালেই সৰু জীয়েক বৰষাৰ মৰমৰ পখৰা পঠা ছাগলীটো জব্বৰ কচাইক দি আহিব লাগিব। বৰষাই আজি দিনতে তাৰ ভাড়ালৈ লোৱা ঘৰতোৰ কাষৰ হাজৰিকা ককাকৰ লগত মিলি গোটাই থোৱা কঠালৰ পাত কেইটা পখৰা ছাগলীটোক খুৱাবলৈ নাপালে তাই কম খন নকৰিবনে? ৰাতি পুৱালতেই তাই প্ৰথমে ছাগলী পোৱালীটোক কেইটামান কঠালৰ পাত খুৱাব। তাৰ পিছতহে তাই তাইৰ প্ৰাতঃকাম আৰম্ভ কৰিব। আনকি স্কুলৰ পৰা আহি কাপোৰযোৰ নসলোৱাকৈয়েই তাই একধমক তাৰ লগত খেলিব। তাৰ পিছত তাক বান্ধি থোৱাৰ পৰা খুলি আনি তাইৰ কণমানি হাত দুখনেৰে কোলাত তুলি লৈ কেইটামান কঠালৰ পাত খুৱাব। তাৰপিছত হে তাই কাপোৰ-কানি সোলোকাই খাবলৈ বহিব।
-হেৰা, ছাগলীটোক নেবেচাকৈ নোৱাৰি নেকি হে? তাই তাক দেখা নাপালে দেখোন কান্দি কাটি হাঁহাকাৰ লগাই দিব। আৰু অলপ ডাঙৰ হবলৈ দিওঁ দিয়া।
সি বাৰু তাইক শিয়ালে নিয়া বুলি মিছা কথা ক’লেই যেনিবা, তাইৰ কান্দোন জানো সিহঁতে ৰখাব পাৰিব? যোৱা ছমাহমান আগতে তাৰ লগৰ ক’লা ছাগলীটোক বেচোতে কমখন কৰা নাছিল নে তাই। সেইবাৰ তাই দুদিন ধৰি পানী এটুপিও মুখত দিয়া নাছিল। বায়েক বিনীতাৰ এই মাহতহে পেটৰ বিষতো উঠিবলৈ পালে নে! এফালে তাইক চহৰৰ মাজৰ ইংৰাজী স্কুলখনত নামভৰ্তি কৰাই দিব লাগে আৰু আনফালে বিনীতাৰ পেটৰ বিষৰ চিকিৎসা। এটা মাহত দুটাকৈ ডাঙৰ বিপদ আহিলে সি খৰছ কৰে ক’ৰপৰা। দৰমহাৰ টকা কেইটাৰে টানি-আজুৰি মাহটো চলেহে কিবা কৈ। আগতে হোৱাহেঁতেন কথাই নাছিল। চাহাবৰ লগত ঘুৰি ফুৰিলেই হ’ল। এজন চাহাবে যদি কয়- কচাৰী মোৰ গাড়ীৰ ৱায়েৰলেচ চেটতো ভাল কৰি দিবি। সেইতো ঠিক নৌহওঁতেই আন এজনে ক’ব বাংলোৰ চেটতো খেৰখেৰাই আছে, অলপ আপুনি আহিব পাৰিব নেকি? আৰু তাৰ বিনিময়ত চাহাববোৰেও মৰমতে কচাৰীক দুই-এটকা দি সহায় কৰিছিল। আগৰ কথা বেলেগ আছিল, এতিয়া এখন সম্পূৰ্ণ বিপৰীত ছবি প্ৰতিফলিত হৈছে তাৰ জীৱনত।

এইবাৰ যশোদাই তাৰ পিনে পিঠি দি শুই থকাৰ পৰা ঘুৰি লৈ তাইৰ কাম কৰি কৰি খহতা হৈ যোৱা সোঁহাত খন যিমান পাৰে সিমান আলস ভাবে আলফুলকৈ তাৰ চুটিকৈ কটা চুলিখিনিৰ মাজেৰে বুলাই বুলাই এটি অবুজ শিশুক বুজোৱাৰ দৰে বুজাবলৈ ধৰিলে-
-হেৰা তাইৰ ভালৰ কাৰণেহে আমি তাক বেচিব ওলাইছো। একো নহয় দিয়া, দুদিনমান পিছত তাইতো তাৰ কথা পাহৰি যাবই, কিন্তু তাৰ বিনিময়ত তাই যে এখন ভাল স্কুলৰ মুখ দেখা পাব। সেইতো জানো ডাঙৰ কথা নহয়?
ৰেলৰ আলিৰ টুকুৰা এটাত টং টং কৈ কোৱাই ষ্টেচনত নিশা ডেৰ বজাত আহি সোমাবলগীয়া নামনিমুৱা মেইল গাড়ীখনৰ আগজাননী দিলে নিশাৰ কৰ্মৰত কোনোবা ৰেল-কৰ্মচাৰীয়ে। ঠিক তাৰ লগে লগে ঘেৰ্ ঘেৰ্ শব্দ কৰি থানাৰ জীপ গাড়ী খনো সচৰাচৰ পেট্ৰোলিঙত যোৱাৰ দৰে আজিও গৈছে তাৰ ভাড়ালৈ লোৱা ঘৰটোৰ সন্মুখৰ পথটোৰে। বোধহয় জীপ গাড়ীখন অইন দিনাৰ নিচিনা আজিও ষ্টেচনৰ ফালেই গৈছে। আজিকালি সি প্ৰায়েই গম পায় জীপ গাড়ীখন ৰাস্তাটোৰ কেঁকুৰিটো পোৱাৰ লগে লগে কেনেদৰে ৰাস্তাৰ কুকুৰ কেইটাই ভুকিবলৈ ধৰে আৰু পাৰ হৈ যোৱাৰ পিছত আকৌ কেনেদৰে ঠাইডোখৰ নিৰ্জন পৰি যায়। ৰেলখনৰ দীঘল উকিটোৰ শব্দ আহি কাণত পৰাত সি উৰি থকা কম্বলখনেৰে মূৰটো ঢাকি লৈ যশোদাৰ মৰমসনা হাতখন আঁতৰাই দিলে। ৰেলখনে হয়তো ষ্টেচন এৰাৰ সংকেত দিছে। ৰাতিৰ শয্যাশায়ীৰ মৰমসনা কোমল স্পৰ্শইয়ো আজি যেন তাৰ দেহত কোনোধৰণৰ ভাবৰ উদগীৰণ ঘটাব পৰা নাই। বহুদিন বহু ৰাতি তাৰ হয়তো ভালদৰে মনত নাই, যশোদাৰ কমনীয় স্পৰ্শইও তাক প্ৰতিভাত কৰিব পৰা নাই। শয্যাশায়ীৰ সংগসুখৰ পৰা পৃথিবীৰ গোলকীয় পৰিবৰ্তনে তাক যেন বহু দূৰলৈ ঠেলি লৈ গৈছে। সি হয়তো বিশ্বায়নে আনি দিয়া প্ৰগতিৰ মৈদানত শুকান বালিতো হৈ বতাহৰ সোঁতত উটি যাব নোৱাৰিলে। সি পানীত তিতি থকা বালিতো হৈ তাৰ আদি প্ৰান্ততে ৰৈ গ’ল নেকি?  বহুতো প্ৰশ্ন। কিন্তু উত্তৰ বিহীন। চেলুলাৰ ফোনৰ আকাশলংঘী টাৱাৰবোৰ আৰু তাৰ পৰা নিৰ্গত হোৱা ইলেকট্ৰো-মেগনেটিক ৰেডিয়েচন। মকৰা-জালৰ দৰে ৰেডিয়েচন পেটাৰ্ণত হোৱা ইন্টাৰফেয়াৰেঞ্চ। চেলুলাৰ ফোনৰ টাৱাৰবোৰক আজি কচাৰীহঁতৰ টাৱাৰবোৰে ঢুকি নাপায়। প্ৰথম জেনেৰেচন। দ্বিতীয় জেনেৰেচন। তৃতীয় জেনেৰেচন। আৰু এতিয়া চতুৰ্থ। লাইন অব চাইট কমিউনিকেচন, শূণ্য জেনেৰেচন। সিহঁত থাকি গ’ল শূণ্য জেনেৰেচনত। চেলুলাৰ ফোনৰ আকাশলংঘী টাৱাৰৰ ৰেডিয়েচন পেটাৰ্ণৰ লগত সিহঁত আজি বিলীন হ’ব নোৱাৰিলে। যেন মকৰা জালসদৃশ ইন্টাৰফেয়াৰেঞ্চ সিহঁতৰ জীৱনলৈ নামি আহিল।

কচাৰীয়ে এইবাৰ কম্বলখন গাৰ পৰা গুচাই দিলে। উৎকট গৰম গৰম ভাব এটাই তাৰ সমষ্ট শৰীৰ তিয়াই পেলালে। নিগনিটো আকৌ আহিছে তাঁৰডালেৰে। এইবাৰ সি বহি লৈ বিচনাৰ কাষতে থকা জাৰতোৰ পৰা পানী দুধোক খালে। যোৱা পৰহি সি হিতেনক লগ পাইছিল। হিতেন এতিয়া ডাঙৰ অইল কোম্পেনী এটাৰ executive officer। গাঁৱৰ স্কুলত একেলগে পঢ়িছিল, আনকি কলেজতো একেলগে পঢ়িছিল। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দুমাহ পিছতে সি ৱায়াৰলেচ টেকনিচিয়ান হিছাপে আৰক্ষীৰ ৰেডিঅ’ বিভাগত জইন কৰিছিল। সি যশোদাৰ ফালে চালে, তাইৰ নাকৰ পৰা এটি মৃদু ঘোৰ-ঘোৰণি শব্দ বাহিৰ হৈছে। তাইৰ হয়তো টোপনি আহিবলৈ ধৰিছে। কেইদিন মানৰ পৰা লক্ষ্য কৰিছে যশোদা আগতকৈ বহুত খীনাইছে। ডাক্তৰক দেখুৱাওঁতে ধৰা পৰিল যশোদাৰ থাইৰয়েদ হেনো বহুত বাঢ়িছে। মেৰাপানীৰ যুঁজত তাৰ কাণৰ পৰা দুই ইঞ্চি মান আঁতৰেৰে যোৱা গুলীটো এইবাৰ যেন তাৰ বুকুত হে লাগিল। নিশাটো ইমান দীঘল কিয়? সদায় দিন ভাঙি নিশা কেলেই আহে।

মেৰাপানীৰ এনকাউণ্টাৰৰ সময়ত চেলুলাৰ ফোন থকাহেঁতেন কচাৰীয়ে আই.পি.এম. পালে হয় নে? এটি প্ৰশ্ন, কিন্তু উত্তৰ?
-মাইক পাপা ফ্ৰম ভিক্টোৰ চাৰ্লী…
-ভিক্টোৰ চাৰ্লী ফ্ৰম মাইক পাপা…
-মাইক পাপা ফ্ৰম ভিক্টোৰ চাৰ্লী, one crash information নদীৰ সিতো পাৰৰ পাহাৰৰ পৰা ব্ৰাচ ফায়াৰ হৈ আছে, সিহঁত আমাৰ ফালে আগুৱাই আহি আছে। ইমিদিয়েট ফোৰ্চ পঠাব লাগে…।

ফায়াৰিং আৰম্ভ হোৱাৰ লগে লগে অপাৰেটৰ তালুকদাৰৰ লগত ধৰা-ধৰি কৰি চেটতো লৈ ওচৰতে খান্দি থোৱা ডাঙৰ গাতটোত জাপ দিছিল। শত্ৰুৰ প্ৰথম লক্ষ্য কচাৰীহঁতৰ ৱায়েৰলেচ চেটতো। প্ৰায় ওঠৰ ঘণ্টামান সময় সিহঁতে মৃত্যুক ওচৰৰ পৰা দেখি আছিল। চাৰিওফালে ধোৱাময়, ঘৰবোৰ দপ দপ কৈ জ্বলি উঠিছে।
-চেৰা ৱান ফ্ৰম ভিক্তৰ চাৰ্লি।
চেৰা ৱান ফ্ৰম ভিক্তৰ চাৰ্লি।
চেৰা টু ফ্ৰম ভিক্তৰ চাৰ্লি।

নাই কাৰো মাত বোল নাই। ডি-ছেক্তৰ, এ-ছেক্তৰ কোনেও প্ৰত্যুত্তৰ দিয়া নাই। দীঘলপানী, চেছোপানী বি.অ.পিৰ. পৰাও কাভাৰিং ফায়াৰ পোৱা নাই।

তাৰ ট্ৰেইনিং শেষ নহওঁতেই হিতেন মেকানিকেল ইঞ্জীনিয়াৰ হৈ ওলাই আহি কোম্পেনীত যোগদান কৰিছিল। সিদিনাখন, (১৯৮৫ চনৰ ৪ জুন তাৰিখে) চেলুলাৰ ফোন নোহোৱা পৃথিবীত তালুকদাৰ আৰু কচাৰীয়ে মিলি বহুতৰে প্ৰাণ বচাইছিল। লাইন অফ চাইট কোমিউনিকেচন সিদিনা ফেইলৰ হোৱা নাছিল। চেলুলাৰ ফোনৰ ওখ ওখ টাৱাৰ বোৰে সেই সময়ত সিহঁতৰ ৱায়েৰলেচ টাৱাৰবোৰক গ্ৰহণ লগাব পৰা নাছিল।

-ভিক্টৰ চাৰ্লী ফ্ৰম চেৰা টু…, ANY INFORMATION FOR US…
-চেৰা টু ফ্ৰম ভিক্টৰ চাৰ্লী…, ইয়াত কেজুৱেলিটি বহুত বাঢ়িছে…। হেড কোৱাৰ্টাৰত কওঁক ইমিডিয়েট ফোৰ্চ পঠাব লাগে।

মেৰাপানীত তাৰ প্ৰথম পোষ্টিং। ট্ৰেইনিং শেষ হোৱাৰ পিছত ঘৰলৈ যাবলৈ নাপালেই। প্ৰথম প্ৰেমৰ অনুভূতি, যশোদা তাৰ বাবে ৰৈ আছিল। এইজনী সেই তাইয়েই আছিল নে? বয়সনো কিমান হৈছে তথাপি দেহত বয়সৰ চাপ বহিছে। মানুহজনীয়ে ইমান চিন্তা কেলেইনো কৰে? যি হ’ব লগা আছে হ’ব!

পথৰ কুকুৰকেইটাই ভুকিবলৈ আকৌ আৰম্ভ কৰিছে। জীপ গাড়ীখন ষ্টেচনৰ পৰা থানালৈ বুলি উভতি আহিছে। জীপ গাড়ীখনৰ ঘেৰ্ ঘেৰ্ শব্দটো লাহে লাহে ডাঙৰ হৈ আহিছে। আজি কুকুৰ কেইটাৰ ভুক-ভুকনি বহুত বেছি হৈছে। বোধহয় কিবা মৰা মাংস পাইছে। অলপ পাছত সিহঁতৰ মাজতেই খোৱা-কামোৰা লাগিব মৰা মাংসৰ টুকুৰাটোক লৈ। জীপ গাড়ীখনে কেঁকুৰিটোৰ ওচৰত ডাঙৰ কৈ হৰ্ণটো বজাই দিছে। যাদৱ হাবিলদাৰে যেন কচাৰীৰ কাণৰ কাষত চিঞৰী চিঞৰী কৈ গৈছে—

-আপনি আৰ.এম. চব এতিয়া কোনো কামৰ মানুচ নহয়। চাহাববিলাকে ম’বাইলত নাম্বাৰ টিপে আমি হাজিৰ হৈ যাওঁ। চাহাব বিলাকে নাম্বাৰ টিপে, চবে চব খবৰ পাই যায়। আপনি্ চব আছে পঢ়া-শুনা কৰা চিপাহী আৰু আমি চব দান্দা লোৱা। লেকিন আভি মই ভাবো দান্দা লৈ কিনেই মই থিক কৰিলো। দান্দা আভী হামাৰে লিয়ে…।

বান্দৰ বিড়িটোৰ আন্তিমটো টানৰ ধোঁৱাকণ উৰি গৈ এইবাৰ যেন কচাৰীৰ মুখত হে খুন্দা মাৰিলে। চেলুলাৰ ফোনৰ ওখ ওখ টাৱাৰবোৰে সিহঁতৰ ৱায়েৰলেচ টাৱাৰ বোৰলৈ চাই যেন তাচ্ছিল্যৰ হাঁহিহে মাৰিছে। দূৰৈত বন-কুকুৰাই ডাক দি আকৌ এটা নতুন প্ৰভাতক ৰিঙিয়াই মাতিবলৈ ধৰিছে। পুৱাৰ প্ৰথম পোহৰ হেলাৰঙেৰে মুধচৰ ফুটা টিংছতাৰে কচাৰীৰ ভাড়ালৈ লোৱা ঘৰটোৰ ভিতৰত সোমাই পৰিছে। যেন অ’পটিকেল ফাইবাৰৰ মাজেৰে হোৱা ফোটন কণাৰ যাত্ৰা-পথহে। বৰষা আৰু বিনীতাৰ কোনো সাৰি-শব্দ নাই। কচাৰীয়ে যশোদাই বাকি দিয়া ৰঙা চাহ কাপ খাই পখৰা পঠা ছাগলীটোক কঠালৰ পাত কেইটা খুৱাই ল’লে। ৰাতিপুৱা ছয় বজাৰ লগে লগে জব্বৰ কচাইৰ দোকান খুলিব।
(গল্পটোত ব্যৱহাৰ হোৱা পুলিচ ৰেডিঅ’ৰ কিছুমান শব্দৰ অৰ্থ:-
(১) Kilo47 – ফোনেটিক এলফাবেট ব্যবহাৰ কৰি দিয়া সাংকেতিক নাম।

(২) Rojer, Wilko etc. – সাংকেতিক শব্দ।

(৩) Rojer Mike – ৰেডিও মেকানীকচ্।

(৪) Alpha, Bravo, Charlie – ফোনেটিক এলফাবেট।

(৫) RT – Radio Telephonic.
(৬) Mike Papa, Victor Charlie, Sierra1, Sierra2 – ফোনেটিক এলফাবেট ব্যৱহাৰ কৰি দিয়া ৱায়েৰলেচ ষ্টেচনৰ সাংকেতিক নাম
।)

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

সার্থক গল্প|