আক্ষেপ – ঈশ্বৰ প্ৰসন্ন বৰা

:বাবা, এইফালে আহচোন, বৰমাহতঁৰ ঘৰত কিবা হৈছে নেকি, তোক চিঞৰি আছে দেখোন৷

অফিচৰ পৰা আহি ঘৰ সোমাইছিলহে, কাপোৰ খোলাই নাছিল৷ মাকৰ কথাত ঈশান সমুখৰ বৰমা হঁতৰ ঘৰলৈ ঢাপলি মেলিলে৷ কথা গুৰুতৰেই, ডাঙৰ দাদা বিজিত চোফাখনতে ফিট হৈ পৰিছে, মাজে মাজে অষ্ফুট অস্বাভাৱিক শব্দ কৰি হাত ভৰি জোকাৰি আছে৷ “ ধৰাচোন ধৰা, ভিতৰলৈ লৈ যাওঁ, শুৱাই দিওঁগৈ বিছনাত৷ ঐ ঈশ্বৰ, কিনো হ’ল হয়নে? আমাকনো এইখন কি কৰিছা?” বৰমাহতঁৰ ঘৰতে থকা বিধবা বায়েকে ঈশানক দেখি হায়ৈ বিয়ৈ কৰিলে৷ ইতিমধ্যেই ঘৰত বৰদেউতা-বৰমা-খুড়া সকলোৰে অসুখ৷ এই অচেতন হৈ পৰা দাদাও অসুস্থ হৈ কিছুদিনৰ পৰা চকুৰে নেদেখা অৱস্থা৷ সকলোৰে আলপৈচান ধৰি ধৰি বাইদেউজনী যেন একেবাৰে ভাৰাক্ৰান্ত৷ ঈশানে দাদাক জিকাৰ মাৰি থকা দেখি অকলে দাঙিবলে ভয় কৰি ওচৰৰে ল’ৰা এজনক দৌৰি দৌৰি গৈ মাতি আনিলেগৈ৷ সকলোৱে ধৰি মেলি ভিতৰৰ বিছনাত ফেনৰ তলত শুৱাই দিলে৷ মাজে মাজে অতি ভয় লগাকৈ জিকাৰ মাৰি থকা দেখি ঈশানৰ মনটো ভাল নেলাগিল৷ কিবা এটা সিদ্ধান্ত দিবলৈও ঘৰখনত দ্বিতীয় এজন সুস্থ মতা মানুহ নাই৷ বৰদেউতা-বৰমাৰ শংকিত, ভয়াৰ্ত চাৱনি দেখি ঈশানৰ বুকুখন বিষাই গ’ল৷ তেনেতে দহ কিলোমিটাৰ মান দূৰত থকা বৰদেউতাহতঁৰ বিয়া দিয়া ডাঙৰ জীয়েকগৰাকী আহি পালে৷ ঈশানে বাইদেউৰ লগত কথা পাতি সকলো সুবিধা থকা এম্বুলেঞ্চ এখনলৈ ফোন কৰিলত ক’লে যে তেওঁলোকে লোকেল ভাড়া নেমাৰে৷ মানুহ মৰিবলৈ ওলাইছে অথচ কম পইচা পাব বাবে ভাড়াই নেমাৰে৷ চাল্লা!! ঈশানৰ খং উঠি আহিল৷ সকলো যন্ত্ৰ হৈ পৰিছে৷ ঈশানে বৰদেউতাহতঁৰ ঘৰৰ গাড়ীৰেও লৈ যাব নোৱাৰে, কাৰণ দাদাৰ অৱস্থা অতি গুৰুতৰ৷ উপায় নেপায় ১০৮ এম্বুলেঞ্চলৈ ফোন কৰি চৰকাৰী মেডিকেল কলেজলৈকে লৈ যোৱা হ’ল৷ এম্বুলেঞ্চখনতো যাবতীয় কোনো জৰুৰী ব্যৱস্থা সচল অৱস্থাত নাই৷ অক্সিজেন দিয়াৰ কথা ক’লত চিকিৎসাকৰ্মীজনে বৰ গহীনাই কলে, “ঠিকেই আছে, মই চালোঁ৷“

চিকিৎসকৰ পৰামৰ্শত ততালিকে ভৰ্তি কৰা হ’ল৷ চিভিয়েৰ হাইপাৰটেনচন৷ ষ্ট্ৰক! জৰুৰীভাবে দৰৱ এটা আনি দিবলে ক’লে, তাত নাই বোলে৷ আচৰিত৷ কনিষ্ঠ চিকিৎসক এগৰাকীয়ে খুচি খুচি হাতৰ তেজ উলিয়াই দিলে কিন্ত চেলাইন সংযোগ কৰিব নোৱাৰি জেষ্ঠ পৰিচাৰিকাৰ সহায় ললে৷ পোন্ধৰ মিনিটমানৰ পিছত তেনেই সাধাৰণভাবে অকনো তৎপৰতা নেদেখুৱাকৈ অক্সিজেন সংযোগ কৰিলে৷ তেতিয়ালৈকে জৰুৰী দৰৱটো বিচাৰি যোৱা ল’ৰাটো আহি পোৱাই নাই৷ ঈশানে গম পালে, লক্ষণ বৰ ভাল নহয়৷ আই চি ইউও বোলে খালি নাই—কালিলৈকেও নহবই হেনো৷ ইফালে ঠিক সমুখৰে বেডত আন এজন পেচেণ্ট৷ একেই প্ৰেচাৰ ষ্ট্ৰক৷ লগত থকা তেখেতৰ অকলশৰীয়া পৰিবাৰে কলে ”ইয়ালৈ কিয় আনিলে, আমাৰ মানুহজন ৰাতিপুৱা এঘাৰ বজাৰ পৰা এনেদৰেই আছে৷ কোনো চিকিৎসা নাই৷“ ঈশানে কি ক’ব ভাবি নেপালে৷ ইফালে দাদাৰ গতি অধিক বেয়ালৈ ঢাল খোৱা যেন লাগিল৷ তেনেতে সমুখৰ মানুহ গৰাকীয়ে ক’লে, ” দাদা চাওকচোন, মানুহজনেচোন একেবাৰে লৰচৰ নকৰা হ’ল, মুখেৰে শব্দ কৰি আছিল – সেয়াও নোহোৱা হল”—ঈশানে বূজিলে, মানুহজনে হয়তো আৰু কেতিয়াও লৰচৰ নকৰিব৷” ৷ ….. “চিন্তা নকৰিব, ডাক্তৰক খবৰ দিছো ৰ’ব“ বুলি কৈ ঈশানে নাৰ্চক কথাটো ক’লে। নাৰ্চৰ নিৰ্লিপ্ত উত্তৰ, ”গৈছো ৰ’ব, আছোৱেই দেখোন”৷ তেনেকুৱাতে জৰুৰী দৰবটৌ লৈ ল’ৰাটো পালেহি৷ দাদায়েও দীঘল গেঙনি এটা মাৰি নিঠৰ হৈ পৰিল৷ ঈশানে টানি মুঠি মাৰি ধৰা হাতৰ আঙুলি বোৰ খুলি দিবলৈ চেষ্টা কৰিলে আৰু তেতিয়াই তাৰ ঘৰৰ সমুখৰ দাদাজন চিৰদিনৰ বাবে এই ধূনীয়া পৃথিৱীৰ মায়া এৰি গুচি গ’ল৷

ঈশানে চিষ্টাৰক কলে৷ ডাক্তৰ আহিল, চালে আৰু নিৰ্লিপ্তভাবে ক’লে, ”অলপ পিছত কম ৰ’ব” ঈশানে নক’লেও বুজিলে৷
ৱাৰ্ডৰ বাকী পেচেণ্টবোৰৰ মূখত গভীৰ শংকা৷ কি বেদনাদায়ক! চকুৰ সমুখতেই দুজন মানুহ বিশেষ কোনো চিকিৎসা অবিহনেই চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল৷ তেনেতে ই.চি.জি মেচিন লগাই চূড়ান্ত পৰীক্ষা কৰি চাই চেলাইন আৰু অক্সিজেন এৰুৱাই দিলে৷ সমুখৰজনৰো একদৰেই খুলি দিয়াত তেখেতৰ পৰিবাৰ চিৎকাৰ কৰি উঠিল৷ “অ, এইবোৰ কি কৰিছে৷ ৰাতিপুৱা মানুহজনে ইমান ভালকে কথা পাতি আহিছে—হ’বই নোৱাৰে৷ কিয় খুলি দিলে এইবোৰ৷ তেওঁ মোক অকলে নেৰে, কেতিয়াও এৰিব নোৱাৰে”! আঃ!! ঈশানৰ মন গধূৰ হৈ আহিল৷ জীৱনৰ চৰম সত্যৰ আচম্বিত মুখামুখি বৰ অসহ্যকৰভাৱে বেদনাদায়ক৷ দুজনকৈ লোকৰ চকুৰ আগতে একমিনিট মানৰ ব্যৱধানত মৃত্যু দেখি ঈশানৰ কেনেকুৱা লাগিল সি নিজেই বুজিব নোৱাৰিলে৷ অৱশ্যে তাৰ লগত অহা দাদাৰ বায়েকগৰাকী বেছ ধৈৰ্য্য ধৰি চিকিৎসকৰ চূড়ান্ত কাগজখিলাৰ বাবে ৱালত ভেজা দি থিয় হৈ বাট চাই আছে, হয়তো ভাবি আছে কিমান যে আনন্দৰ সময় পাৰ কৰিছিল এসময়ত, এই মাত্ৰ নোহোৱা হৈ যোৱা মৰমৰ ভায়েকৰ লগত৷ নতুবা ৰুগীয়া, বৃদ্ধ মাক-দেউতাকৰ সৈতে দাদাৰ নিঠৰ দেহটো লৈ কেনেকৈ মুখামুখি হব?

মৃত্যু এতিয়া শিল্প হৈ থকা নাই৷ শিল্প ইমান সহজ সুলভ হব নোৱাৰে৷ যদিও ই চিৰন্তন সত্য, কথাৰ ফুলজাৰিৰে চলোৱা চিকিৎসা ব্যৱস্থাই এই চিৰন্তন সত্যক যেন উপলুঙা কৰিলে৷

সি নিজেই সিদ্ধান্ত এটা লৈ নাৰ্চিংহোম এখনলে লৈ যোৱা হলে দাদাৰ এনেকুৱা নহ’লহেতেন নেকি বাৰু? ঈশানৰ মনত যেন এটা আক্ষেপ থাকি গল৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!