আকৰী (ইন্দ্ৰনীল গায়ন)
ডেউকাখন
মেলি দিছে
উৰিবলৈ
উৰক
উলাহ উলাহ মন
পকা সুমথিৰাটো
সৰি পৰে পানীত
সুমথিৰা নহয় অ’
বেলিহে
বেলি লহিয়াবৰ হ’ল
আগ পিছ কৰি কৰি
ছাঁটো খেদি খেদি আহি আছ
ধেৎ
নিজৰ ছাঁ চাব নাপায়
দোষে ধৰিব
দোৰোণ ফুল ফুলিছে…
হৰি মোৰ ঐ
আকৰী ডাঙৰ হ’ল..৷৷