আকৰ (উচ্চজিৎ কলিতা)

বিহু আনন্দীয়া

বিহু বিনন্দীয়া

বিহুৰ মৌ-মিঠা মাত,

বিহু থাকে মানে বিহুকে বিনাবি

বিহু গ’লে বিনাবি কাক?

 

অসম আমাৰ ৰূপহী

অসম আমাৰ জননী

বৈষম্যৰ মাজত ঐক্যই আছিল

সুৰীয়া অসমৰ মান,

অসম থাকে মানে অসমকে ভগাবি

অসম শেষ হ’লে ভগাবিনো কাক?

 

মানুহ সহোদৰ

মানুহে সহচৰ,

মানুহে দেখুৱায় মানুহক বাট,

মানু্হক লৈহে মানুহৰ দেশ

নানা ভাষা নানা বেশ,

মানুহ থাকে মানে মানুহকে মাৰিবি

মানুহ শেষ হ’লে মাৰিবিনো কাক?

 

ৰাইজেই প্ৰজা

ৰাইজেই ৰজা,

ৰাইজ থাকে মানে ৰজা আছে

ৰাইজ থাকে মানে দেশ আছে,

ৰাইজ থকালৈকে ৰাইজকে লুটিবি

গঁড় থাকে মানে খড়্গ কাটিবি

দেশ থাকে মানে দেশকে লুটিবি,

ৰাইজ-দেশ শেষ হ’লে লুটিবিনো কাক ?

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!