আখল – প্ৰণালীঃ পিংকি বৰুৱা

১) ভেঁকুৰি বেঙেনাৰ পিটিকা
উপকৰণঃ
ভেকুৰি বেঙেনা এবাতি
মজলীয়া আকাৰৰ আলু এটা বা দুটা (ঐচ্ছিক)
পিয়াঁজ এটা
আদা আধা ইঞ্চি
জলকীয়া ৪/৫ টামান
মিঠাতেল প্ৰয়োজনমতে
ধনিয়া পাত অলপ

প্ৰণালীঃ
ভেকুৰি বেঙেনা আৰু আলুখিনি ধুই ল’ব৷ প্ৰেচাৰ কুকাৰত ভেকুৰি বেঙেনা, আলু আৰু প্ৰয়োজনমতে পানী দি জুইৰ ওপৰত বহাই দিব৷ এটা বা দুটা হুইচেল মাৰিলে কুকাৰটো নমাই ঠাণ্ডা কৰিব৷ আলুৰ বাকলিখিনি গুচাই ল’ব আৰু আনহাতে ভেকুৰি বেঙেনাখিনিৰ ঠাৰিবোৰ আঁতৰাই আলু আৰু ভেকুৰি বেঙেনাখিনি পাত্ৰ এটাত পিটিকি ল’ব৷ এতিয়া তাতে কুটি লোৱা পিয়াঁজ, আদা, কেঁচা জলকীয়া, ধনিয়া পাত, মিঠাতেল এক চামুচ আৰু স্বাদ অনুযায়ী নিমখ দি ভালদৰে মিহলাই দিব৷ গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিব৷ খাবলৈ বৰ ভাল হয়৷

২) লাইশাক আৰু ভাঙোন মাছৰ আদখৰীয়া
উপকৰণঃ
লাইশাক এমুঠিমান
ভাঙোন মাছ চাৰিটা
মিঠাতেল প্ৰয়োজনমতে
পিঁয়াজ এটা
কেঁচা জলকীয়া তিনিটা
নহৰু ৫/৬ কোঁহমান
আদাৰ পেষ্ট এক চাহ চামুচ
নিমখ প্ৰয়োজনমতে
জালুকৰ গুৰি আধা চাহ চামুচ
পানী প্ৰয়োজনমতে

প্ৰণালীঃ
কুমলীয়া লাইশাক লোৱা হৈছে৷ লাইশাকখিনি চাফা কৰি ধুই পানী চেপি ল’ব আৰু মিহিকৈ কুটি ল’ব৷ মাছকেইটা পৰিষ্কাৰ কৰি ধুই ল’ব আৰু নিমখ-হালধি সানি ল’ব৷ নহৰু আৰু আদা পৃথকে পৃথকে থেতালি ল’ব৷ কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি মাছকেইটা দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি নমাই থ’ব৷ কেৰাহীত প্ৰয়োজনমতে তেল ৰাখি কুটি লোৱা পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া দি ৰঙচুৱাকৈ ভাজিব৷ তাৰপিছত লাইশাক আৰু প্ৰয়োজনমতে নিমখ দি লৰাই ঢাকি দিব৷ লাইশাকখিনি পাঁচ মিনিটমান সময়ৰ পিছত লৰাই আকৌ ঢাকি দিব৷ শাকৰ পৰা ওলোৱা পানীখিনি কমি শাকখিনি পমি আহিলে প্ৰয়োজনমতে গৰম পানী ঢালি দিব৷ তাৰপিছত আদাৰ পেষ্টখিনি দি প্ৰায় পাঁচ মিনিটমান সময় উতলাব৷ তাৰপিছত ভজা মাছখিনি দি আকৌ পাঁচ মিনিটমান সময় উতলাব৷ এতিয়া জালুকৰ গুৰিখিনি দি ভালদৰে লৰাই নমাই থ’ব৷ গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিব৷ খাবলৈ বৰ সোৱাদ হয়৷

৩) গ্ৰীণ চিকেন
উপকৰণ:
নৰসিংহৰ পাত এবাটি (প্ৰয়োজনমতে)
ভেদাইলতাৰ পাত এবাটি (প্ৰয়োজনমতে)
পানী প্ৰয়োজনমতে
লোকেল চিকেন ছশ গ্ৰাম
শুকান জলকীয়া দুটা
ইলাচি দুটা
দালচেনি এডোখৰ
লং তিনিটা
ধনিয়াগুটি আধা চামুচ
জিৰাগুটি আধা চামুচ
জালুক এক চামুচ
তেজপাত এখিলা
পিঁয়াজ তিনিটা
মিঠাতেল (প্ৰয়োজনমতে)
হালধি (প্ৰয়োজনমতে)
নিমখ স্বাদ অনুযায়ী

প্ৰণালীঃ
নৰসিংহৰ পাত, ভেদাইলতাৰ পাতখিনি ধুই সামান্য পানী দি মিহিকৈ পেষ্ট বনাই ল’ব৷ ইলাচি, দালচেনি, লং, ধনিয়াগুটি, জিৰাগুটি আৰু জালুকখিনি কেৰাহীত শুকানে অলপ সময় ভাজি ঠাণ্ডা হ’বলৈ দিব৷ তাৰপিছত সামান্য পানী দি মছলাখিনিৰ মিহিকৈ পেষ্ট বনাই ল’ব৷ মাংসখিনিত হালধি, আদা-নহৰুৰ পেষ্ট আৰু মিঠাতেল এক টেবুল চামুচ দি সানি লৈ আধা ঘণ্টামান সময় ঢাকি ৰাখিব৷ কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি তাতে কুটি ৰখা পিঁয়াজ আৰু তেজপাতখিলা দি প্ৰায় ৰঙচুৱা হোৱাকৈ ভাজিব৷ তাৰপিছত মাংসখিনি দি ভালদৰে লৰাই ঢাকি দিব৷ পাঁচ মিনিটমান সময়ৰ পিছত প্ৰয়োজনমতে নিমখ দি ভালদৰে লৰাই আকৌ ঢাকি দিব৷ মাংস আধা সিজা যেন দেখিলে আলু আৰু মছলাৰ পেষ্টখিনি দি ভালদৰে লৰাই ঢাকি দিব৷ মছলাখিনি মাংসৰ লগত মিলি মাংস ফুটিবলৈ ধৰিলে ভেদাইলতা আৰু নৰসিংহৰ পেষ্টখিনি দি ভালদৰে মিলাই অলপ সময় ভাজিব৷ মাংসৰ পৰা তেল বিৰিঙিবলৈ ধৰিলে প্ৰয়োজনমতে গৰম পানী ঢালি উতলিবলৈ দিব৷ মাংসখিনি ভালদৰে উতলাৰ পিছত জোলখন ডাঠ হৈ আহিলে মাংসখিনি নমাই থ’ব৷ গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক৷ খাবলৈ বৰ সোৱাদ হয়৷

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Pinki Baruah
2 years ago

https://youtu.be/r_3oXZlR_SU
https://youtu.be/ngSswy38gbI
https://youtu.be/YoUUXwJfKU0
ৰেচিপিকেইটাৰ ভিডিঅ লিংক কেইটাত পাব৷

Copying is Prohibited!