আঘোণৰ পথাৰখন….(- পলাশ বৰা)
আঘোণৰ পথাৰখন বুকুত আঁকি
বৰষুণত তিতি হাল বাওঁ মই
জাপিটোত বৰষুণে ৰামধেনু সাজে
আয়ে সেউজীয়া সপোন ৰোৱে|
আঘোণৰ দুপৰীয়া
পকা ধান আৰু ৰবাব টেঙাৰ মলমলীয়া গোন্ধ এটা
উৰি ফুৰে পথাৰৰ বুকুৱে বুকুৱে
কুঁৱলীৰ বসন পিন্ধা আঘোণৰ পথাৰখনক
বতাহে গান গাই শুৱাই থয় ৰাতি…!!
চামপৰা নৈ পাৰ হৈ এজাক গাভৰু চৰাই
আঘোণৰ পথাৰলৈ সপোন বুটলিবলৈ আহে
ধান পাতে কলাফুলত বুটাফুল বাচে
সিহঁতৰ হাঁহিৰ খিলখিল শব্দত
ডেকা চৰাইবোৰৰ গাত নিচা লাগে
সপোনৰ ভৰত দেখোন বাৰে বাৰে বিৰিয়া ভাগে…
অ’ লখিমী আঘোণৰ পথাৰ
কান্দি কান্দি মোৰ বুকুখন নাভাঙিবি অ’
শাওনৰ বানত সৰ্বস্ব হেৰুৱালোঁ বাবেই
এইবাৰ তোৰ বুকুখন উকা হৈ ৰ’ল….!!