আঘোণৰ সোণোৱালী পথাৰ আৰু তুমি (✍ধৰ্মজ্যোতি ভট্টাচাৰ্য)

আঘোণৰ সোণোৱালী পথাৰ আৰু তুমি
………………………………………………
✍ধৰ্মজ্যোতি ভট্টাচাৰ্য

১)
আঘোণৰ পথাৰত
তুমি হ’বা দাৱনী
মই হ’ম ধান
এজাক বৰষুণ আহিব
তাতে দুয়ো তিতিম ,
মাটিৰ হৃদয়ে পাব প্ৰাণ ।
২)

Farmers are busy crops cultivation on field during monsoon season on black clouds on background in Lakhimpur district on 17th July 2012. Photos: UB PHOTOS
তোমাৰ যৌৱন ভৰা বুকু
আৰু আঘোণৰ পথাৰ
একেই অনুভৱ মোৰ
য’ত পাওঁ সৃষ্টিৰ প্ৰেৰণা দুৰ্বাৰ ।
৩)
আঘোণৰ পথাৰত ৰ’দৰ জিলমিল
মুকুতাৰ নিয়ৰত সোণগুটি ৰঙীণ
স্বপ্ন মোৰ তোমাক পোৱাৰ
বিষাদ সীমাহীন ।
৪)
আঘোণৰ পথাৰত শালিকীৰ কলৰোল
ভদৰকলি , বুলবুলি
ঘনচিৰিকাৰো নাচোন
সিহঁতৰ তামাচাত
তোমালৈ নপৰে মনত
হয় বুকুখন ভৰুণ ।
৫)
আঘোণৰ পথাৰত ৰৈ
আকাশৰ নীলিমালৈ চাওঁ
আকাশৰ বিশালতা
কিজানি পথাৰতেই পাওঁ !
****

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

দাদা বহুত সুন্দৰ

Copying is Prohibited!