আচলতে দেৰি হোৱা নাছিল (-মৃদুল কুমাৰ শৰ্মা)

doorআচলতে দেৰি হোৱা নাছিল
-মৃদুল কুমাৰ শৰ্মা।

আপুনি ভাবি আছিল যে
তেওঁ আপোনাৰ দুৱাৰত টুকুৰিয়াব৷
ইফালে-
তেওঁ ভাবিছিল মনতে
মোৰ দেখোন দুৱাৰ খোলাই আছে
টোকৰৰ কি প্ৰয়োজন?
আপুনি ঘড়ীটোলৈ চালে
আৰু সময়বোৰ মৃত হৈ পৰিল৷

***

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!