আজি তোৰ জন্ম দিন – ড: ৰূপাঞ্জলি চৌধুৰী

মা-দিতা,আইতা-ককা,টেঙা-এঙা,আম-মাম এইখিনি শব্দৰ থুনুক-থানাক মাতেৰে, জুনুকা-জুনুক দুভৰিৰে ওৰেটো দিন পুতলাৰ সংসাৰ পাতি থাকে ।

ক’বৰ মন যায় বহু কথা….!
সি নো কি বুজিব ,আৰু বুকুত কুৰুকি কুৰুকি সোমাই থকা প্ৰতিটো কথা শব্দৰে জানো প্ৰকাশ কৰিব পাৰি ?তথাপি নিশ্চয়তা হীন জীৱনৰ ঘনে ঘনে টুটি যোৱা আয়ুৰেখাত ,শব্দবোৰ নিশব্দ হৈ যোৱাৰ আগতেই দুওঁঠৰ কপঁনি,কাক ক’ম,কোনে শুনিব..

মোৰ মঙহ টুকুৰাটিক ক’বলৈ নৌ পাওঁতেই যদি….?”কুচ কুচ হোতা হেয়”ফিল্মখনৰ ৰাণী মুখাৰ্জীয়ে জী লৈ লিখা চিঠিখনৰ দৰেই মোৰো খুব মন গৈছে মোৰ পোনাকনটিলৈ চিঠি এখন লিখিব ।

জুলাইৰ জুই হেন গৰমৰ২৮ তাৰিখ ।
সকলোৱে কয় “হেৰৌ অষ্ট্ৰোপচাৰ কৰি ধৰালৈ আনিলিয়েই যদি জ্যোতিষ মতে ভাল দিন বাৰ কেলৈ চাই নললি।”

মই গুপুতে গুনাগথা কৰি থাকো প্ৰিয় হীৰুদাৰ উপজা দিন সেইটি ।তেখেতৰ দৰেই সুগন্ধি ছটিয়াই কল্পনাৰ কাৰেং সজাই ভালপোৱা হ’ব নেকি বাৰু পখিলাৰ পিছে পিছে ঢপলিয়াই ফুৰা মোৰ ল’ৰাকণটি ।

আইৰ মোক দিয়া সকিয়নীয়ে মনত দোলা দিয়ে -“সপোন মধুৰ অ’ই,দিঠক হে গধুৰ।

এনেদৰে কল্পনাৰ জগতত উৰি ফুৰা মৰম আকলোৱা মনটিৰ সৈতে এদিন তই পাখি ছিগি তলিত পৰি ধৰফৰাই থাকিবি অ’ই সৰুমাই”।

নাই নকওঁ,নকওঁ তেনেদৰে তাক মই..!

মই তাক সপোন জগতত ডেউকা মেলি মেলি উৰিব দিম,সপোনেইটো সঞ্জীবন জীৱনৰ ।
তিতি উঠক লাগিলে দুখৰ বৰষুণত,বিৰহৰ সন্তাপে দহিলে দহক…!!
দুখ নাথাকিলে জগতত,সুখৰ মাদকতাই নো ক’ত?পাখি ছিগি তলিত ধৰফৰাই নথকাকৈ জীৱন যুঁজাৰু হবলৈও দীক্ষা লব লাগিব ধনমইনা ।

অসাধাৰণ বুলি হেপাঁহেৰে সযতনে ৰখাবোৰৰ ছবি বোৰো চোন সাধাৰণ হৈ ধুঁৱলি-কুঁৱলি হৈ এচুকত পৰি ৰয় ।তই সাধাৰণৰ পৰা অসাধাৰণ হবলৈ শিক,বোপাই ।

মানিচুনি বেলিকা আমাৰ গাঁৱৰ নামঘৰত বৰকাঁহ বজোৱা সময়খিনিত মনটো দেখোন বৰ উৰুঙা লাগে অ’।সেয়ে তোক বুকুৰ মাজত সাবটি দেখুৱাই যাওঁ জোন,তৰাৰে খচিত আকাশ।মানুহে প্ৰতিশ্ৰুতি দিয়ে আৰু ভাঙে ,কিমান সহজে,এই আকাশখনকেই সাক্ষী কৰি ।সম্বন্ধই সলাই যায় ৰং ।আকাশখনিত যেন লিখা আছে প্ৰতিজনৰ জীৱনৰ দস্তাবেজ ।নাটক শেষ কৰি আমিবোৰো সাজৰ তৰা হৈ আকাশতেই ৰৈ যাম ‌।

জীৱনৰ বাটত খোজ-খোপনি গমি পিতি দিবি ।তই ধ্ৰুৱতৰাৰ দৰে জিলিকি থাকিব লাগিব ,মানুহৰ অন্তঃজগতত।

মানুহেই মানুহৰ শকতি,মানুহকেই কৰিবি ভকতি ।মঙহে মঙহ খোৱা দিনত ,মানুহ ভাল পাবলৈ শিক,বোপাই।

নিশা নিৰাপত্তাৰ উমেৰে নিতাল মাৰি থকা তোৰ কোমল মুখখনি চাই ভাব হয় হ’বি গৈ নে তই মোৰ কণাৰ লাখুটি।
এদিন মইও তোৰ সন্মুখত মেলি দিম নেকি এখনি হিচাপৰ খছৰা বহী ।

অ আ ক খ কুহিঁপাতৰ পৰা নেওতা গাম নেকি কিমান কি কি দিলোঁ,এতিয়া কিমান তই দিবলৈ বাকী আছে মোক……,মৰমৰ প্ৰতিদান।

এৰা সময়..,বোপাই,কেৱল সময়…সময়ত শব্দবোৰ কাহানিবা হৈ উঠে প্ৰেৰণা,কাহানিবা যাতনা ।

আজি তোৰ উপজা দিনত আশীষ দিছোঁ মনৰ জোখাৰে সুখী হ’ মোৰ দেহাধন।

কেৱল সুখৰ নক্সাখন সীমা লেখি সময়ত বান্ধিবি ।

আজিকালি চোন,ভৰাল আৰু কঙাল নুগুচাই হ’ল ।কৰিবই নোৱাৰো চোন অনুমান,কি বিছাৰি কোন নো ক’লৈ ধাবমান…।
আকাশ চুই চোৱাৰ দুৰাকাংখা মেলিলেও,ঘাই শিপা ছিগি নাযাবি বোপাই ।

শেষত কি নো ক’ম ,কি নো কৰিম জন্মদিন উদযাপন, “মোৰ বাবে” এই পৃথিৱীত জীয়াই থকাৰ তয়েইটো কাৰণ ।

বুকুৰ মাজত কুছিমুছি সোমাই থকা পুতলা যেন দেহাটি ডাঙৰ হ’ব এদিন ।

মই নাথাকিলেই,আহিবই তোৰ বছৰেকত সেই বিশেষ দিন,…

মাটি আৰু মানুহৰ অধিকাৰৰ বাবে যুঁজ দিবি সোণাই,

ৰাইজখনে পাতিব দেই এদিন তোৰ জনমদিন ।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

খুব সুন্দৰ অনুভৱ, খুব ভাল লাগিল

Copying is Prohibited!