আজি মই গান শুনিম : মনোহৰ দত্ত

আজি মই গান শুনিম
তোমাৰ শব্দই তোলা ঝংকাৰত
হৃদয় ধুই ল’ম।
চকুপানীৰে আইৰ চকু ভৰিলেও
মই যে নোৱাৰো কান্দিব
হে আই মোক কৰিবা ক্ষমা।
তুমি থকাহেঁতেন
চিটিবাছবোৰে ৰিঙ মাৰি
ৰ’লহেঁতেন তোমাৰ কাষত
‘হীৰু দা উঠক।’
তুমি থকাহেঁতেন
বিদ্যালয়, মহা-বিদ্যালয়ত
কবিতাৰ সভা বহিলহেঁতেন
ল’ৰাবোৰে সুধিলেহেঁতেন তোমাক
‘প্ৰেমে কিয় আৱৰণ খুলি
হৃদয় জুৰায়।’
তোমাৰ ওঁঠত বিৰিঙি
শব্দৰ সমুদ্ৰত
তুলিলেহেঁতেন লহৰ
‘প্ৰেমৰ কথাতো আৰু আনক ক’ব নোৱাৰি।’
ছোৱালীবোৰে কাষ চাপি
‘আপোনাৰ বুকুৰ দাৱনিজনী ক’ত?’
বিনম্ৰতাত লীন হৈ
শব্দৰ সেউজীয়া সৰিলহেঁতেন
‘পাতবোৰ আঁতৰাই দিলে কোনে
কাৰ বাৰু সিখনি স্নিগ্ধ হাত।’
এনেকৈয়ে তুমি আছিলা
এনেকৈয়ে তুমি থাকিবা
এনেকৈয়ে তুমি গঢ়িবা
সোণোৱালী সুদিন
আইৰ বাবে
দেশৰ বাবে
জীৱনৰ বাবে
প্ৰতিটো প্ৰহৰত তোমাক লগ পাম।
আজি মই গান শুনিম
তোমাৰ শব্দই তোলা ঝংকাৰত
হৃদয় ধুই ল’ম।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!