আজি মই ভগৱান দৰ্শন কৰিলোঁ সিদ্ধার্থ শংকৰ দাস

আজি মই ভগৱান দৰ্শন কৰিলোঁ

 

সিদ্ধার্থ শংকৰ দাস

 

 

আবেলি গুৱাহাটীৰ গণেশগুৰি গণেশমন্দিৰৰ সন্মুখেৰে খোজ কাঢ়ি পাৰ হৈ আহোঁতে এনেকুৱা এটা দৃশ্য দেখা পালোঁ, মই ধন্য হৈ গ’লোঁ ৷ সাক্ষাৎ ভগৱানৰ দৰ্শন পোৱা যেন পালোঁ!

প্ৰায় চাৰি-পাঁচ বছৰ বয়সীয়া ল’ৰা এটাই মাক আৰু আইতাকৰ লগত বজাৰ কৰি মন্দিৰটোৰ সন্মুখৰ পদপথেৰে ঘৰমুৱা হৈছিল ৷ সাধাৰণতে সন্ধিয়া ৬ মান বজাত মন্দিৰত দৰ্শনাৰ্থীৰ সমাগম বেচি হোৱা বাবে সন্মুখৰ পদপথত কিছু ভীৰ আছিল ৷ ভীৰৰ বাবে লাহে লাহে যাব লগা হোৱা কাৰণে সৰুল’ৰা জনে ভিৰৰ মাজৰ পৰা ভুমূকি মাৰি বহু মানুহে মন্দিৰৰ ভিতৰত ধুপ-চাকি জলাই থকা দেখা পাই মানুহবিলাকে কি কৰি আছে বুলি মাকক সোধাত মাকে ভগৱানক পূজা কৰি থকা বুলি ক’লে ৷ মাকৰ কথা শুনি ল’ৰাজনে লগে লগে ৰৈ দিলে আৰু নিজেও ভগৱানৰ পূজা কৰিবলৈ যাবলৈ বিচাৰিলে ৷ মাক আৰু আইতাকে অলপ ইতঃস্তত বোধ কৰি ল’ৰাটোক নালাগে বুলি কৈ অলপ জোৰ কৈয়ে টানি লৈ যাব খুজিলে তাৰ পৰা ৷ কিন্তু ল’ৰাজনে কোনোপধ্যেই পূজা নকৰাকৈ যাবলৈ মান্তি নহ’ল ৷ মই লক্ষ্য কৰি দেখিলোঁ যে তেওঁলোক ইছলাম সম্প্ৰদায়ৰ লোক আৰু সেয়ে মাক আৰু আইতাকে ল’ৰাটোৰ তেনে কথা শুনি ইতঃস্তত বোধ কৰিছে ৷ কৰাটো স্বাভাৱিক ৷ কিন্তু সৰু ল’ৰাটো নাচোৰ বান্দা ৷ উপায় নাপাই ল’ৰাটোক মাক আৰু আইতাকে ধূপ এপেকেট কিনি দিলে আৰু ওচৰতে মোক দেখা পাই ল’ৰাটোক ভিতৰলৈ লৈ যাব পাৰিম নেকি সুধিলে ৷ মই ল’ৰাটোৰ সৰলতা দেখি তাক ভিতৰলৈ নিনিয়াকৈ নোৱাৰিলোঁ ৷ পৰম আগ্ৰহেৰে কণমানি ল’ৰাটোৱে গণেশৰ সন্মুখত ধূপ জ্বলাই সেৱা এটা কৰিলে আৰু পুজাৰীৰ পৰা ফোঁট আৰু ফুল-তুলসী লৈ প্ৰসাদ হাত পাতি ললে !

মন্দিৰৰ ভিতৰলৈ ল’ৰাটো লৈ গৈছোঁ যদিও মই ভিতৰত ভগৱানৰ মূৰ্তিবোৰ এবাৰো দেখা নাপালোঁ, কেৱল শিশুটোৰ ফালেই চাই থাকিলোঁ ৷ তাৰ নিষ্পাপ অন্তৰেৰে, নিষ্পাপ সৰু সৰু হাত দুখনেৰে ধূপ জ্বলাই নমস্কাৰ কৰা আৰু আগ্ৰহেৰে ফোঁট, নিৰ্মালি আৰু প্ৰসাদ লোৱা কামখিনিৰ বাহিৰে মই একোৱে দেখা নাপালোঁ ৷ মন্দিৰৰ পৰা ওলাই আহি সৰল অন্তৰেৰে প্ৰসাদখিনি সৰু সৰু হাতদুখনেৰে মাক আৰু আইতাকৰ ফালে আগবঢ়াই দিলে, নিজে খালে আৰু মোৰ ফালে আগবঢ়াই দি ক’লে খোৱা ৷ দেৱশিশুটোৰ মাততহে মই চেতনা ঘূৰাই পোৱা যেন পালোঁ, তাৰ হাতৰ পৰা দুটামান বুটমগু লৈ মুখত দিলোঁ ৷ ক’ব নোৱাৰাকৈ মোৰ দুচকুৰ পৰা দুটোপাল চকুলো বৈ আহিল ৷ সেয়া ভক্তিৰ চকুলো ! দেৱশিশুটিক চুমা এটা খালোঁ আৰু সি খুলি থোৱা জোতাযোৰ পিন্ধাই দিয়াৰ আগ মুহূৰ্তত তাৰ কণমানি ভৰি দুখন চুই সেৱা এটা কৰিলোঁ ৷ মই যেন পৰমপিতা পৰমেশ্বৰৰ সাক্ষাৎ দৰ্শন পালোঁ ৷ মই ধন্য হলোঁ ! সকলোৰে মনবোৰ যদি এই দেৱশিশুটোৰ দৰেই হ’লহেঁতেন, হয়তো পৃথিৱীখনত ভগৱানক বিচাৰি মানুহে হাবাথুৰি খাব নালাগিলহেঁতেন !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!