আজ্জৌ , মোৰে মানুহজনী (দেবব্ৰত গগৈ)
গাতে চাদৰ এৰীয়া
আজ্জৌ , মোৰে মানুহজনী বিচনা তলত চৰিয়া
ভয় কৰিব নালাগে ,
আজ্জৌ , মোৰে মানুহজনী জাৰতে পুহমহীয়া……….. ,
কুকুৰে ভুকিলে চাকিটো জ্বলাবি
মেচিদাখনকে শিতানত ৰাখিবি ……….,
মহৰ নাকি ঘোঁৰাৰ লেকাম
বাটে বাটে নানান কাম
কৰি উঠি , কৰি উঠি
ৰাতিয়েই মই ওভতি যাম …….
হেই হেয়া , হেই হেয়া গেগেনা পতি ধেই —– ( ঢোলৰ চেও )