আড্ডা -ত্ৰিদিৱ ভাগৱতী
জেৰুজালেমৰ হিব্ৰেও (Hebrew) বিশ্ববিদ্যালয়ৰ অধ্যাপক য়ুভাল নোৱা হাৰাৰিয়ে ’21 Lessons for the 21st Century’ শীৰ্ষক গ্ৰন্থখনত লিখিছে – “মানুহে নিজৰ কথা নিজে খুব কমেই ভাবে৷ আমি সদায় দলীয়ভাৱে কথাবোৰ ভাবোঁ, চিন্তা কৰোঁ৷ এই দলীয়ভাৱে চিন্তা-চৰ্চা কৰিব পৰা ক্ষমতাটোৱেই প্ৰকৃততে মানুহক আন জীৱ-জন্তুতকৈ উচ্চ স্থান দিছে৷ “ এই দলীয় চিন্তা-চেতনাৰ আঁৰতেই আড্ডাৰ জন্ম৷ কিংবদন্তি পৰিচালক সত্যজিৎ ৰায়ৰ শেষৰখন ছবি ’আগন্তক’৷ আড্ডাৰ ঐতিহাসিক প্ৰেক্ষাপট সম্পৰ্কে ’আগন্তুক’ত সত্যজিৎ ৰায়ে আমাৰ অন্যতম প্ৰিয় অভিনেতা উৎপল দত্তই ৰূপায়ণ কৰা মনমোহন মিত্ৰৰ চৰিত্ৰটোৰ যোগেদি কিছু গুৰুত্ত্বপূৰ্ণ তথ্য আগবঢ়াইছে৷ বঙালীসকলেই আড্ডাৰ আৱিষ্কাৰক – এই কথা নস্যাৎ কৰি মনোমোহন মিত্ৰই কয় হাজাৰ বছৰ পূৰ্বে গ্ৰীক ৰাজধানী এথেন্সত উন্নত মানৰ আড্ডা জমিছিল৷ সেই আড্ডা জমিছিল জিমনেছিয়ামসমূহত৷ ছক্ৰেটিছ, প্লেটোৰ দৰে গুণীজনে অংশ লোৱা সেই আড্ডাত জন্ম হৈছিল শিল্প, সাহিত্য আৰু জ্ঞান-বিজ্ঞানৰ নানা মতবাদৰ৷ এথেন্সৰ সেই আড্ডা আহি পাণবজাৰত ১৯১৮ চনত নলবাৰী চামতাৰ নৰোৰাম বৰ্মনে আৰম্ভ কৰা মহামায়া ৰেষ্টুৰেণ্টৰো অলংকাৰ হৈছিল৷ বিষ্ণুপ্ৰসাদ ৰাভা, ডঃ ভূপেন হাজৰিকা, লক্ষ্যধৰ চৌধুৰীৰ পৰা আৰম্ভ কৰি নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মালৈ – বিভিন্নজনৰ আড্ডাৰ সাক্ষী হৈ ৰৈছে মহামায়াৰ পুৰণি চকী মেজকেইখন৷ এথেন্সৰ সেই আড্ডা বিয়পি পৰিছিল প্ৰতিটো চাৰিআলিৰ চাহৰ দোকানবোৰত, কফি হাউচত৷ আড্ডা হেৰাই গৈছিল মানুহৰ মাজত; আড্ডা জী উঠিছিল মানুহৰ মাজত৷
মহামায়াৰ ১ পইচাৰ চাহ আজি ৭ টকা হ’ল৷ মহামায়াৰ আড্ডা কিন্তু এতিয়াও জীয়াই আছে৷ আড্ডা জীয়াই আছে স্কুলৰ শেষৰখন বেঞ্চত বহা শ্ৰেণীৰ আটাইতকৈ খটাসুৰ ল’ৰাকেইটাৰ মাজত৷ আড্ডা জীয়াই আছে কলেজৰ কেম্পাছত; প্ৰতিটো কাৰ্যালয়ৰ লান্স ব্ৰেকত জীয়াই আছে আড্ডা৷ ৰাজনীতি, সমাজনীতিৰ পৰা আৰম্ভ কৰি প্ৰেমৰ সূত্ৰলৈ সকলো আড্ডাৰ বিষয় হৈছে৷ চলি আছে বুলিয়েই চলি থকা কথাবোৰত ক্ষোভ উজাৰি কোনোৱে এদিনৰ আড্ডা হতাশাৰে শেষ কৰিছে, ইফালে আকৌ কাৰোবাৰ আড্ডাতেই প্ৰস্তুত হৈছে নতুন দিনৰ নতুন সময়ৰ আঁচনি৷ আড্ডাত যিদৰে নৰেন্দ্ৰ মোদীৰ সমালোচনা হৈছে, একেদৰে ৰাহুল গান্ধীৰ পৰিপক্বতাৰ প্ৰতিও প্ৰশ্ন উঠিছে৷ শশী থাৰুৰৰ নতুন কিতাপখনৰ কথাই যিদৰে আড্ডাত স্থান পাইছে, অনুপম খেৰৰ The Accidental Prime Ministerক লৈও আড্ডা জমিছে৷ ৰাজনৈতিক ঘটনাৱলীৰ কোনো টিভি চেনেলৰ তথাকথিত নিৰপেক্ষ আলোচনাতকৈ নিৰ্মোহ বিশ্লেষণ দাঙি ধৰা হৈছে আড্ডাত৷ আড্ডাত জন্ম হৈছে নতুন গানৰ, নতুন কবিতা এটাৰ প্ৰসৱ বেদনা লুকাই ৰৈছে আড্ডাৰ মাজত৷ আড্ডাৰ মানুহবোৰক সময়ে কাঢ়ি লৈ যায়, কিন্তু আড্ডাবোৰ জীয়াই থাকে৷ আড্ডাৰ মানুহবোৰ গুচি যায় নিজৰ নিজৰ জগতখনলৈ; কিন্তু আড্ডা জীয়াই থাকে৷ আড্ডা সাৰে থাকে৷ দূৰলৈ যোৱাজনকো জগাই ৰাখে আড্ডাবোৰে৷ সোঁৱৰাই থাকে আড্ডাত লোৱা সততাৰ সংকল্পৰ কথা কিম্বা সদম্ভে ঘোষণা কৰা জীৱনৰ পৰিকল্পনাৰ কথা৷ আড্ডাই মানুহ গঢ়ে, দুখন ভৰি দুখন হাত থকা জীৱটোক মানুহ হোৱাত সহায় কৰে; গম নোপোৱাকৈয়েই৷
প্ৰশ্ন হয়- ছ’চিয়েল মেডিয়াৰ এই যুগত আড্ডাৰ প্ৰয়োজনীয়তা ক’ত! কিমান ব্যস্ততাৰ মাজতো আমি কিয়নো সময় উলিয়াই কোনো ফুটপাথৰ হোটেলত বহি চাহ খাই অনৰ্থক কথা পাতি সময় নষ্ট কৰিব লাগে? উত্তৰ সহজ আৰু সৰল৷ ফেচবুকত বিদেশৰ অচিনাকি বন্ধু এজনৰ লগত মুকলিকৈ আপোনমনেৰে কথা পতা আপুনি যেতিয়া একেখন ঘৰতে থকা আপোন মানুহখিনিৰ লগত কথা পাতিবলৈ সংকোচবোধ কৰে, যেতিয়া একেখন ঘৰতে থকা মানুহখিনিৰ সৈতে আপুনি ক্ৰমাৎ অচিনাকি হৈ পৰে তেতিয়াই আড্ডাৰ প্ৰয়োজনীয়তা পৰিষ্কাৰ হৈ পৰে৷ পিতৃ-মাতৃৰ পৰা সন্তানৰ দূৰত্ব যেতিয়া বাঢ়ি আছে তেতিয়াই আড্ডাৰ প্ৰয়োজনীয়তা বাঢ়ি আহে৷ জীৱনবোধৰ শিক্ষাৰ প্ৰসংগ যেতিয়াই আহে, জীৱনক বুজি পোৱাৰ চেষ্টাৰ কথা যেতিয়াই আহে আড্ডাৰ প্ৰাসংগিকতাও তেতিয়াই আহে৷ আড্ডা এক নিৰ্মল আৰু নিৰ্ভেজাল আনন্দৰ বিষয়৷ আড্ডাৰ আমেজ এক অনুভৱৰ বিষয়৷ আড্ডাবোৰে সম্পৰ্কবোৰ জীয়াই ৰাখে, আড্ডাই মনবোৰক সজীৱ কৰি ৰাখে৷ দকৈ ভাবি চালে আড্ডাও এক মানসিক অনুশীলন৷ মেচিনেৰে আৱৰা AI ৰ এই পৃথিৱীৰ পৰা আঁতৰি কিছু সময় আড্ডা মৰাৰ অভ্যাস এটা গঢ়ি তুলিব পাৰিলে জ্ঞানৰ লগতে স্বাস্থ্যৰ পৰিপুষ্টি সাধনৰ এটা উজু আৰু আনন্দময় বাট ই মুকলি কৰে৷
ৰাজনীতি, অৰ্থনীতি, গান, নাটক, চিনেমা সকলো সামৰি আড্ডা জীয়াই থাকিব৷ বহুজনৰ সুখ দুখৰ বোজা কঢ়িয়াই আড্ডাবোৰ জীয়াই থাকিব৷ বহু উজাগৰী ৰাতি পাৰ কৰি আড্ডা মৰা ঠাইডোখৰ হয়তো চকুৰ পচাৰতে এদিন আনৰ দখললৈ যাব, কিন্তু আড্ডাৰ প্ৰতিটো পল বুকুত নিগাজী হৈ ৰ’ব৷ কোনো অজান গাঁৱৰ এচুকত মৰা আড্ডাত জাতিটোৱে নিজৰ সৈতে কথা পাতিব৷ আড্ডাবোৰে নিৰন্তৰ দি যাব মানুহ হৈ জীয়াই থকাৰ প্ৰেৰণা৷ আড্ডাই সম্পৰ্কৰ সাঁকোডখন একতাৰে বান্ধে, মৰমেৰে গাঁথে – আড্ডাই জীয়াই ৰাখিব আপোনাক, মোক, আমাক…
আহক, আমি প্ৰাণ খুলি প্ৰাণৰ কথা পাতোঁ, আহক, আমি আড্ডা মাৰোঁ৷