আত্মগাঁথা- পলিমা চেতিয়া বসুমতাৰী

বহেমিয়ান সপোনৰ বুকুত ওপঙি
জী আছে তাই
আছেনে জী সঁচাকৈয়ে?

এইযে সকলোৱে তাইক সোধে কিয় প্ৰতিপল
তাই কঢ়িয়ায় চকুলোৰে সিক্ত অতীতক
তাই মৌন হৈ ৰয়৷
এনে নহয় যে তাইৰ উত্তৰ নাই
সত্য এয়া যে তাইৰ ক’বলৈ সাহস নাই
কাৰণ সত্য বুজিব পৰা কোনোবা আছে বুলি
তাইৰ ভৰসা নাই৷

জুই লগা অতীত তাইৰ
নুবুজে কোনেও
কেনেকৈনো বুজিব
জুইলগা জীৱনৰ উত্তাপ পোৱাজনেহে বুজিব৷

অতীতৰ স্মৃতিৰ গইনা লৈ তাই
মনত পেলাব নোখোজে সামাজিক স্বীকৃতিৰ সুবাদত
ধৰ্ষিতা হোৱা এজনী কিশোৰীক
আন্ধাৰ সাৱটি কুচিমুচি বিছনাৰ এচুকত আঁঠুত মুখ গুজি
উজাগৰে উচুপি ৰোৱা এজনী কিশোৰীক৷

বিবাহ মানে কি তাই নুবুজে
সংসাৰৰ বন্ধন কি তাই নাজানে।
তাইৰ বাবে এক ভয়ংকৰ সপোনৰ নাম বিবাহ
তাইৰ বাবে কেচেমা তেজৰ গোন্ধৰ নাম বিবাহ
তাইৰ বাবে গাৰ প্ৰতিটো অংগ
বিষত কোঙা হোৱাৰ নাম বিবাহ

তাই মাথোঁ সপোন দেখে
তাই মাথোঁ আশাৰ বালিঘৰ সাজে
তাই মাথোঁ শব্দৰ মালা গোঁঠে
সংগোপনে সকলো নিজতে সামৰি ৰাখে৷

সপোনৰ বাটত খোজ দিয়াৰ অধিকাৰ নাই তাইৰ
আশাবোৰ বেকত কৰাৰ সাহস নাই তাইৰ
জন্মদাত্ৰীৰ ঋণেৰে ঋণী তাই
দায়িত্বৰ দায়ত বন্দী তাই৷

আজিকালি তাই অভিনয়ত পাকৈত হৈ উঠিছে
শিকিছে তাই কেনেকৈ হাঁহিৰে লুকুৱায় নিজক
অন্তহীন কথকতাৰে তাই শব্দহীন কৰি তুলিছে
যন্ত্ৰণাকাতৰ বুকুৰ শব্দক
পাৰিছে তাই ৰঙীন প্ৰলেপেৰে সামৰি ঢাকি ধৰিব
নিষ্ঠুৰ বিৱৰ্ণ সময়ক৷

সপোন হেৰুৱায়ো তাই জী আছে
নিজক হেৰুৱায়ো তাই জী আছে
তাইৰ বাবে আশাবোৰ অভিমানী সপোন
মৃত্যু নিচাসক্ত চেতনা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!