আত্মসন্মানবোধ – ৰুনাব কাঁ
আত্মসন্মানবোধ
ৰুনাব কাঁ
মই কাৰ্যালয়লৈ বুলি ওলাওতে এছোৱা খোজকাঢ়ি আৰু এছোৱা টাটা মেজিক জাতীয় গাড়ীৰে যাওঁ ৷ ৰাতিপুৱা বেলা খোজকঢ়াটো স্বাস্থ্যৰ পক্ষেও ভাল সেই কথাকে সাৰোগত কৰি এই কামফেৰাৰে যাত্রা আৰম্ভ কৰোঁ ৷ অৱশ্যে লেপটপটো নিব লগা হ’লে, খোজ কাঢ়িবলগীয়া ছোৱা মানুহে টনা ৰিক্সাত যাওঁ, অতিৰিক্ত দহ টকা ভৰি ৷ এদিনাখন মেজিক ষ্টেণ্ডত ৰিক্সাৰ পৰা নামি ততাতৈয়াকৈ বাওঁহাতেৰে বাওঁ বুকুত থকা পকেটৰ পৰা দহটকীয়া এখন উলিয়াই ৰিক্সাচালক জনলৈ আগবঢ়াই দিলোঁ ৷ মোৰ এটা অভ্যাস হ’ল, কামিজৰ পকেটত টকা লৈ ফুৰা, পইচাৰ বেগ ব্যৱহাৰ কৰিবলৈ অশান্তি পাওঁ৷ সোঁহাতত লেপটপটো লৈ মই তৰিৎগতিত প্রস্থানৰ বাবে উদ্যত হৈ থকা মুহূৰ্তত ৰিক্সাচালক জনে সোঁহাতেৰে টকাটো দিবলৈ অনুৰোধ কৰিলে৷ মই তেওঁৰ কাৰ্যত অকনো ক্ষুন্ন নহ’লো, বৰঞ্চ তেওঁৰ আত্মসন্মানবোধৰ প্রতি শ্রদ্ধাহে ওপজিল৷ প্রত্যেক বিবেকবান ব্যক্তিয়ে আত্মসন্মানক লৈ সদা সচেষ্ট থাকে৷ আত্মসন্মানৰ বাবে জাতি-ধৰ্ম-বৰ্ণ-ধনী-দুখীয়া-লিংগৰ কথা নাহে ৷ যি নিজৰ আত্মসন্মান বুজি নাপায় তেওঁ সভ্য সমাজৰ বাসিন্দাও হ’ব নোৱাৰে ৷
আত্মসন্মানবোধহীন লোকে নিজৰ,পৰিয়ালৰ তথা জাতিৰ বাবে ক্ষতিকাৰক আৰু মান অবনমিত কৰিব পৰা যিকোনো কাম কৰিবলৈ কুন্ঠাবোধ নকৰে আৰু কৃতকৰ্মৰ বাবে পাছত অনুতপ্তও নহয় ৷ আমি সৰু থাকোতে ঘৰুৱাভাবে শিষ্টাচাৰৰ কিছুমান শিক্ষা পাইছিলো, ইয়াৰে ভিতৰত এটা আছিল বাওঁ হাতেৰে কাকো একো বস্তু আগবঢ়াব নাপায় ৷ মানব দেহৰ প্রতিটো অংগই গুৰুত্বপূৰ্ণ, এপেণ্ডিক্সক বাদ দি, তাকো চিকিৎসা বিজ্ঞানে কওতেহে, কিন্তু বাওঁহাতক লৈ থকা এই অবজ্ঞাৰ কাৰণ বুজি নাপাওঁ, হয়তু মলদ্বাৰ পৰিষ্কাৰৰ বাবে ব্যৱহাৰ হোৱাৰ দোষতে এই অবহেলা৷ আমিও শৈশবতে লাভ কৰা ঘৰুৱা শিক্ষাকে স্বীকাৰ কৰি লৈছিলোঁ৷
পঢ়া শেষ কৰি উচ্চাকাংখা বুকুত বান্ধি দেশৰ ৰাজধানীলৈ আহিলোঁ৷ এইখন এখন ব্যস্ত চহৰ৷ অসমৰ এখন মন্থৰ গতিৰ ঠাইৰ পৰা এই তীব্রবেগী মহানগৰ খনত মিলিবলৈ মোৰ কিন্তু বেছিপৰ নালাগিল ৷ জীৱিকাৰ পথো মুকলি হ’ল ৷ নতুন চাকৰীৰ দৰমহাৰে ডেক্সটপ কম্পিউটাৰ এটা কিনিম বুলি পইচাৰ অংক মিলাই থাকোতে হাৰকিউলাচ চাইকেল চলাই থকাৰ পৰা কেনেকৈ যে পকাৰাস্তাত ছিটিকি পৰিলো ততকে নাপালো, যেতিয়া ততপালো তেতিয়া সোঁহাতত প্লাষ্টাৰ, এমাহৰ বাবে৷ এই দূৰ্ঘটনাটোৱে মোক জীৱনটোক নতুনকৈ চাবলৈ শিকালে৷ কিয়নো মই যে আৱিষ্কাৰ কৰিলো মোৰ বাওঁহাতখন৷ লিখি ভাল পোৱা মই বাওঁ হাতেৰেই লিখিবলৈ চেষ্টা কৰিছিলোঁ৷ এনে সময়তে, ভূতৰ ওপৰত দানহ পৰাদি, বেংকৰ এ.টি.এম. কাৰ্ডখনো বিছাৰি নোপোৱা হ’লো৷ বেংকৰ পৰা টকা উলিয়াবলৈ অসুবিধাত পৰি সুধা-সুধি কৰাত, কেশ্বিয়াৰে পৰামৰ্শ দিলে সোঁহাতৰ বুঢ়া আঙুলীৰ ছাপ দিলেই হ’ব, তেনেতে মোৰ চিনাকি আন এজন কৰ্মচাৰী আহি কাণ্ডটো দেখি দুঃখ প্রকাশ কৰি মোক বাওঁহাতেৰে মোৰ নামটো যেনেকৈ পাৰো লিখিব দিলে৷ বাওঁহাতেৰে মোৰ নামো লিখিলোঁ, বেংকৰ পৰা টকাও উলিয়ালোঁ ৷ ঘটনাৰ নাটকীয়তা আনিবলৈ ইয়াত অকনো অতিৰঞ্জনৰ প্রলেপ সনা নাই৷ তেতিয়াই মোৰ বিচাৰত বাওঁহাতখন সোঁহাততকৈ কোনোগুণে কম নহয় সেয়া প্রতিপন্ন হ’ল ৷ তেতিয়াৰে পৰা মই দুয়োখন হাত যিমানদূৰ সম্ভৱ সমানে ব্যৱহাৰ কৰি আহিছোঁ ৷ কিন্তু, ৰিক্সাচালক জনৰ কথাই মোক পুনৰ অতীতৰ শিষ্টাচাৰৰ পাঠবোৰলৈ মনত পেলাই দিলে ৷
অতীতত নৈতিকতাৰ পাঠ লওতে, যি কেইজন মণিষাৰ কথাই আমাৰ মন প্রাণমোহিত কৰিছিল, সকলোকেইজন প্রৱল আত্মসন্মানবোধ থকা ব্যক্তি আছিল,-তেওঁলোকৰ ভিতৰত গুৰুদুজনাৰ উপৰি পৰমহংস, মোহনদাস গান্ধী, লাল বাহাদুৰ শাস্ত্রী, স্বামী বিবেকান্দৰ প্রভাব আছিল অপৰিসীম। মহাভাৰতৰ সকলোবোৰ ৰথী-মহাৰথীৰ মাজত পিতামহ ভীষ্ম আছিল মোৰ প্রিয় চৰিত্র, কেনেকৈ যে এজন মানুহে স্বইচ্ছাই ইমান কঠিন প্রতিজ্ঞা ল’ব পাৰে৷ প্রবল আত্মসন্মানবোধ আৰু নৈতিকতাৰ জোৰত নিজ প্রতিজ্ঞাৰ পৰা চুলিমানো বিচ্যুত হোৱা নাছিল৷ পিতামহে মনত পেলোৱা সাঁচে মোকো সৰু সুৰা পন ল’বলৈ অনুপ্রানিত কৰিছিল, ফলত মই আনৰ দৃষ্টিত হৈ পৰিছিলোঁ তীব্রজেদী৷ ইমানকৈ নিজৰ কথা ব্যক্ত কৰাৰ বাবে পঢ়ুৱৈ সকলে নিশ্চয় ভাবিব পাৰে, এওঁনো কি এনে ডাঙৰ মানুহ যে, যেতিয়াই তেতিয়াই আত্মকথন কৰি থাকিব আৰু আমি নিৰ্বিকাৰ হৈ শুনি থাকিম৷ কিন্তু কথাতো তেনে নহয়; এনেবোৰ কথাৰ আলোচনাৰ পৰা এজন মানুহৰ জীৱনৰ ভুল-শুদ্ধবোৰ ঠাৱৰ কৰিব পৰা যায়, আনজন ব্যক্তিয়ে নিজৰ জীৱনত সেই ভুলবোৰ পৰিশোধিত কৰি নতুনকৈ গঢ় দিয়াৰ থল বিচাৰি পাই৷
পৰিশেষত, এটা পৌৰাণিক গল্পৰে আমাৰ এই লেখাটো এইবাৰলৈ ইতি পেলাম ৷ এদিনাখন এটা হ্রদৰ কাষেৰে মহাভাৰত প্রণেতা বেদব্যাস আৰু তেওঁৰ পুত্র শুকদেৱ গোস্বামী পাৰ হৈ গৈ আছিল৷ শুকদেৱৰ বৃদ্ধাৱস্থালৈকে এটি শিশুৰ দৰে চেহেৰা আছিল৷ সৰু লুঙলুঙীয়া পথত শুকদেৱ আগে আগে আৰু বেদব্যাস পাছে পাছে৷ সেই হ্রদত কেইগৰাকীমান স্বৰ্গৰ অপ্চৰাই জলকেলী কৰি আছিল৷ শুকদেৱক দেখিও নেদেখাৰ দৰে নিশ্চিন্তমনে স্নান কৰি থকা অপ্চৰাহঁতে বগা দাড়িয়ে-চুলিয়ে ভোবোকাৰ বেদব্যাসক দেখি হোৱা-দোৱা লগালে, নিজৰ নিজৰ বস্ত্রৰে শৰীৰক আঁৰ দিয়াত লাগিল৷ কৌতুহলি ব্যাসে তেওঁলোকৰ অদ্ভুত আচৰণৰ মুখ্য কাৰণ সোধাত কি উত্তৰ পালে জানেনে,- ব্রহ্মজ্ঞানত ভোল গৈ থকা শুকদেৱ গোস্বামীয়ে হ্রদ তথা সমস্ত অৰণ্যতে কি হৈ আছে একো ভূ নাপাই, কিন্তু মহাভাৰতত চল পালেই শৃংগাৰ ৰস সংযোগ কৰাত পাকৈত, বিশেষকৈ দ্রৌপদীৰ বস্ত্রহৰণত লিখা কথাবোৰৰ বাবে বৃদ্ধব্যাসৰ সন্মুখত তেওঁলোক লজ্জিত হৈ পৰিছে৷ অপ্চৰাহঁতে দেবতাৰ মনোৰঞ্জৰ বাবে ঘন্টাৰ পাছত ঘন্টা নৃত্য কৰিব পাৰে, কিন্তু ব্যাসৰ সন্মুখত এয়া আত্মসন্মানৰ প্রশ্ন৷ যদি বেদব্যাসে এইবিলাক লিখি পেলাই ৷
আত্মসন্মানবোধ থকা ব্যক্তিক উৎসাহ দিব লাগে ৷ খাদ্য, মৈথুন আৰু নিদ্রাতেই ইতৰ প্রানীৰ দৰে মানুহৰ জীৱনটো শেষ নহয়৷ মানুহক মন আৰু বিবেক পৰিচালিত চিন্তা, লগতে প্রজ্ঞাৰ অনুশীলনে জীৱশ্রেষ্ঠ কৰি তুলিছে৷ আত্মসন্মানবোধে এই শ্রেষ্ঠত্বক পূৰ্ণতা প্রদান কৰে৷