আত্মা যাৰ জলফাইৰঙী : শাক্য সমীক কৰ খাউণ্ড
বন্দুকে বন্দুকে চলে আমাৰ বিপ্লৱ,
পথৰ কাষৰ ডাষ্টবিনে ডাষ্টবিনে আমাৰ চাউনী,
আমি প্ৰতিনিধিত্ব কৰোঁ নিচলাৰ, নিষ্পেষিত আৰু বোবা সকলক,
যাৰ মনৰ গভীৰতম প্ৰদেশৰ লুপ্ত আৰ্তনাদ ইলেকচনৰ শ্লোগানত ঠাই নাপায়,
নাপায় ঠাই সভাই মেলে, বাংলোৰ সন্মুখৰ বাগিচাত বহি ৰাতিপুৱাৰ চাহৰ কাপত,
ওলোৱা পতি–পত্নীৰ “দেশ গ’ল” শীৰ্ষক আলোচনাত।
আজি পৃথিৱীত শ্বপিং মল হৈছে,
চহকীয়ে গঢ়িছে বাৰ, ডিস্কো – পাব আৰু ৰেস্তোৰাঁ
এনে কংক্ৰীটৰ মহলৰ সন্মুখতেই কতজনৰ জীৱন চলে
কোনো ডাষ্টবিনৰ আগত মুষ্টিভিক্ষাৰে কষ্টাৰ্জিত সিকি,
যাৰ বাবে হয় আল্লাৰ মোহব্বতৰ উপহাৰ।
চহৰৰ হোৰ্ডিঙবোৰে, আকাশৰ উৰাজাহাজে, মটৰ গাড়ীৰ চকাই উৰুৱাই যোৱা বোকাই
যেন উপলুঙা কৰে- এওঁলোকৰ জীৱনযুঁজৰ মেলাক,
পুঁজিবাদৰ নৰকত সন্ধান অস্তিত্বৰ কলমৰ, সন্মানৰ চিয়াঁহীৰ,
আশা এওঁলোকৰো , বুৰঞ্জীৰ উকা কাগজত কিবা এটা লিখি যোৱাৰ,
সেই উকা কাগজৰ যোগান ধৰোঁতা হোৱাৰ ইচ্ছা আমাৰ ;
সেই ইচ্ছাকে “ইণ্ডিপেণ্ডেন্ছ” আৰু “ৰিভ’লিউচন”ৰ বেজ হিচাপে
বান্ধি লৈছোঁ আমাৰ জলফাই ৰঙী গেৰিলাৰ পোছাকত
এনেকৈয়ে চলাইছোঁ আমাৰ বিপ্লৱ– অবিৰত বিপ্লৱ।