আধুনিক অসমৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া, সংস্কৃতি জগতৰ মুকুটবিহীন সম্ৰাট ভূপেনদালৈ শ্ৰদ্ধাৰ্ঘ()
(অংকন – ৰূপালী গগৈ বৰুৱা)
———————————————————————————————-
শ্ৰদ্ধাঞ্জলি হে মহানায়ক !! – ধ্ৰুৱজ্যোতি শৰ্মা
বৰদৈচিলানে…..
সৰদৈচিলানে….
অসমৰ আকাশত বৰ বৰ চিলা……
সঁচাকৈয়ে অসমৰ আকাশত আজি বৰদৈচিলা নামিল । কেবা সহস্ৰাধিক গুণমুগ্ধক সহযাত্ৰী হিচাপে লৈ ভূপেন দা আকাশ মাৰ্গৰপৰা নামি আহিল আই অসমীৰ বুকুলৈ । সকলোৰে চকুত তেওঁলৈ সজতনে সাঁচি ৰখা আছিল অশ্ৰুধাৰা । গোটেই পথতেই হৈ গ’ল পুষ্পবৃষ্টি । নামি আহিল ভূপেন্দ্ৰ সংগীতৰ ধাৰা ।
আহ আহ ওলাই আহ
সজাগ জনতা
আহ আহ ওলাই আহ
পোহৰ আনোতা……..
এটি মাত্ৰ বাতৰিতেই সকলো যেন সজাগ হৈ গ’ল । হিলডোল ভাঙি ওলাই আহিল সজাগ জনতা । হৃদয়ৰ সকৰুণ অশ্ৰুখিনিক ভেঁটা দি ৰাখিবলৈ কাৰো যেন সাহস নহ’ল । এন্ধাৰৰ মাজতো যেন জিলিকাই তুলিলে তেওঁৰ নশ্বৰ শৰীৰৰ কেউফাল ।
বুকু হম কৰে মোৰ আই
কোনে নিদ্ৰা হৰে মোৰ আই
পুত্ৰ হৈ মই কিমতে তৰোঁ
আই তোৰে হৈ মৰোঁ………………
মটৰচাইকেলেৰে আগবাঢ়িছে সমদল । কণ্ঠত ভূপেন্দ্ৰ সংগীতৰ কলি । শৃঙ্খলাৱদ্ধ শ্লোগান….”ভূপেনদা…অমৰ হওক…ভূপেনদা…অমৰ হওক” । শুনি শিয়ঁৰি উঠিছিল অপেক্ষাৰত তেওঁৰ সন্তানসকল । বাকহীন হৈ পৰিছিল সকলো । অসমী আইৰ চিন্তাত গোটেই জীৱন নিদ্ৰাহীনভাবে কটোৱা ভূপেনদা একান্তমনে কফিনটোৰ ভিতৰত শুই গৈছে….তেওঁৰ পুত্ৰসকলৰ ওপৰতে যেন এতিয়া তেওঁক তৰাৰ দায়িত্ব ।
বোলো ও মিছিং ডেকাটি
বজালিযে পেঁপাটি…বজালিযে পেঁপাটি
সুৰেৰে সজালি দেখোন
দিচাং মুখৰ নিশাটি………………….
কোন আছিল তেওঁ ? মিছিং নে ৰাভা ? নে আন কিবা ? হে অসমীয়াৰ পিতৃ, কি লৈ বজাম আজি পেঁপাটি….. কিহেৰে সজাম আজি দিচাং মুখৰ নিশাটি ? তোমাৰ কণ্ঠৰে সজাম আজিৰ নিশাটি…গাম তোমাৰেই গান….ব্ৰহ্মপুত্ৰৰ বৰপুত্ৰ হিচাপে তোমাকেই কম ব্ৰহ্মপুত্ৰৰ দুখৰ কাহিনী….তোমাৰ গানৰ কথাৰেই….।
ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে
চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে
মানুহৰ মনলৈ চেনেহ দলং বোৰ নিবলে’
হে মহীয়ান, আজি আমি ওলাই আহিছোঁ – মানুহৰ কথা ভাবিবলৈ । ওলাই আহিছোঁ তোমাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ….ভয় নকৰিবা, আমি তুমি কৈ যোৱা লাচিতৰ দেশৰ ডেকাদল । চন্দ্ৰৰ বুকুলৈ যেনেকৈ মানুহ যাবলৈ ওলাইছে, তোমাৰ সপোনবোৰো আমি দিঠক কৰি যাম….আৰু তাৰ পৰাই গাম…..মহাবাহু ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ….তোমাৰ সপোনৰ নেদেখা দেশখনত ফুলিব এদিন এপাহ শেৱালি………
এয়া তোমাৰ নিথৰ শৰীৰৰ সন্মুখত আমাৰ সংকল্প ।
ভুপেন দাৰ কথা কৈ শেষ করিব নোৱাৰি……, এই, স্রদ্ধাঞ্জালি মুলক লেখা টোৱে মোক আপ্লুত কৰিছে…