ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

আধুনিক- (ৰিংকি চক্ৰৱৰ্ত্তী)

দেউতাৰ বয়সৰ মানুহজনৰ ৰিক্সাত উঠিবলৈ খুড়া বুলি নামাতি “ঐ ৰিক্সা যাবা নেকি?”বুলি মই ক’ব নোৱাৰোঁ আৰু তাৰবাবেই যদি মই আধুনিক নহয় তেন্তে মোৰ কোনো আপত্তি নাই…

বাছত ওচৰতে থিয় হৈ বহিবলৈ পোৱাৰ আশাত ৰৈ থকা বয়সীয়াল মানুহজনৰ কাষত মই হেডফোনত গান শুনি এখন ভৰিৰ ওপৰত এখন ভৰি তুলি বহি যাব কাহানিও নোৱাৰোঁ আৰু তাৰবাবে যদি মই আধুনিক নহয় তেন্তে মোৰ কোনো আপত্তি নাই…
দামী ৰেষ্টুৰেন্ট এখনৰ পৰা আহাৰ গ্ৰহণ কৰি ওলাই অহাৰ সময়ত বাহিৰত যদি শুকান মুখ লৈ উদং হাত এখনে মোৰ আগত সহায় বিচাৰে “ধেই্ যা নিজৰেই নাই” বুলি মই ক’ব নোৱাৰোঁ আৰু তাৰ বাবেই যদি মই আধুনিক নহয় তেন্তে মোৰ কোনো আপত্তি নাই…
জিনচ্ পেন্ট পিন্ধা মইজনীৰো মেখেলা-চাদৰ কিন্তু প্ৰথম পছন্দ,ৰেষ্টুৰেণ্টৰ পিজ্জা কিম্বা চিলিচিকেন খাই ভালপোৱা মইজনীক ফুটপাথত থিয় হৈ খোৱা সেই চাহকাপেহে বেছি আকৰ্ষণ কৰে আৰু তাৰবাবেই যদি মই আধুনিক নহয় তেন্তে মোৰ কোনো আপত্তি নাই…
চহৰত ডাঙৰ হোৱা মইজনীয়েও কৰিব নোৱাৰিব পাৰো কাহানিও লেট নাইট পাৰ্টি কিম্বা ভাল নালাগিব পাৰে মোৰ ডিস্কো বাৰৰ অসহনীয় মাতাল ৰাতি,কিন্তু নিশ্চিতভাবেই পাৰ কৰিব পাৰো মই এটি উজাগৰী ৰাতি কেৱল শব্দৰ ঠিকনা বিছাৰি আৰু সেইবাবেই যদি মই আধুনিক নহয় তেন্তে মোৰ কোনো আপত্তি নাই….
খ্ৰীষ্টমাষ্ট পাৰ্টি,ভেলেন্টাইন পাৰ্টি আদিবোৰ নকৰিব পাৰোঁ উদযাপন, কিন্তু বজাৰৰ পৰা কিনা লাৰু-পিঠাৰে কাহানিও নকৰোঁ মই বিহু পালন আৰু তাৰ বাবেই যদি মই আধুনিক নহয় তেন্তে মোৰ কোনো আপত্তি নাই…
মেহেন্দী লগালেও ভালপাওঁচোন জেতুকা পাতৰ গোন্ধ,চহৰত থাকিলেও বিচাৰি যাওঁ চোন আজিও গাঁৱৰ পথাৰৰ সৰু সৰু আলিবোৰ,ইউকেল্পিটাছ গছৰ উচ্চতাই যিদৰে আকৰ্ষণ কৰে একেদৰেই কৰে চোন বকুলৰ সুবাসে আপোনপাহৰা,সন্ধিয়াৰ মহানগৰীৰ ফ্লাই অভাৰত খোজ কাঢ়িলেও চোন ভাল লাগে ফৰিংফুটা জোনাকত গাৱৰ ৰাস্তাৰে খোজ কঢ়া সময়বোৰ,লুইতৰ বালি চাপৰিত বহি সূৰ্যাস্ত চোৱাৰ সময়তো চোন মনলৈ আহে গাঁৱৰ আপোন নৈখনৰ পাৰৰ বিৰিণাবোৰৰ ধেমালিৰ কথা,খিৰিকীৰে বৰষুণৰ পানীবোৰ পৰা দেখিলেই চোন মনলৈ আহে জাপি লৈ লৈ ককাইহঁতে কৰা পথাৰৰ কামবোৰৰ কথা……..
মাজে মাজে ভাব হয় আধুনিক কোন?ইমানখিনি আধুনিক হ’বলৈ হয়তো কাহানিও নোৱাৰিম যিমানখিনি আধুনিক হ’লে মানুহে নিজেই নিজকে পাহৰি যায়,কিন্তু সিমানখিনি আধুনিক হ’বলৈ নিশ্চয় পাৰিম যিমানখিনিৰে মই নিজেই নিজকে সম্পূৰ্ণৰুপে চিনিম আৰু সুস্হভাবে জীয়াই থাকিম৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!