আধ্যাত্মিক কাহিনী -(শশীমাই শইকীয়াদত্ত)

আধ্যাত্মিক কাহিনী
-(শশীমাই শইকীয়াদত্ত)


ভকতিৰ চৰণ ধূলি

“যশোদাই ভাবিছিল পুত্ৰ বুলি,
ভকতে ভাবে ৰাম-কৃষ্ণ বুলি
গকুলৰ গোপীয়ে কৃষ্ণক ভাবিছিলে
মৰমৰ কানাই বুলি..”

ভগৱান বিষ্ণুৱে পৃথিৱীত ধৰ্ম সংস্থাপনৰ বাবে মথুৰাত কংসৰ কাৰাগাৰত দৈৱকীৰ উদৰত মানৱ অৱতাৰ লৈ জন্ম গ্ৰহণ কৰিছিল৷ কংসৰ ভয়ত পিতৃ বসুদেৱে কৃষ্ণক গকুলৰ নন্দৰ ঘৰত লুকুৱাই ৰাখিছিল৷ তাতে কৃষ্ণ প্ৰায় কিশোৰ অৱস্থালৈকে গকুলৰ গোপ বালক-বালিকাৰ সৈতে উমলি জামলি দিন কটাইছিল৷ সেয়েহে কৃষ্ণ গকুলৰ গোপিনী সকলৰ অতি প্ৰিয় “কানাই” আছিল৷ কৃষ্ণৰ বাঁহীৰ মাতে তেওঁলোকৰ মন-প্ৰাণ মোহিছিল অতি তীব্ৰ ভাৱে৷ কৃষ্ণৰ মুৰুলীৰ ধ্বনি শুনিলে পতি-পুত্ৰ সৱক পাহৰি কৃষ্ণৰ কাষলৈ ঢাপলি মেলিছিল বালিকাৰ পৰা বৃদ্ধালৈকে৷ তেওঁলোকৰ ভিতৰত ৰাধা আছিল কৃষ্ণৰ প্ৰাণৰো প্ৰাণৰ প্ৰিয়তমা৷ দুয়োজনে ইজনে সিজনক নেদেখাকৈ থাকিব নোৱাৰিছিল৷ এবাৰ কৃষ্ণই ৰাধাক কৈছিল-“তুমি আৰু মই একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি আৰু একে আত্মাৰ দুটা শৰীৰ”৷ সেয়েহে কৈশোৰ কালৰ ৰাধা-কৃষ্ণ প্ৰকৃততে একেই অন্তৰাত্মা৷ সেয়ে ৰাধাক কৃষ্ণই মথুৰালৈ কংস বধৰ বাবে যাওঁতে এৰি থৈ গৈছিল, অশ্ৰু-নয়নে, বিষাদ-বদনে, পাৰ্থিৱ মোহৰ ত্যাগেৰে৷ কিন্তু অন্তৰাত্মাত থাকিল চিৰকালে৷ সেয়ে আজিও ৰাধা-কৃষ্ণ বুলিহে সম্পূৰ্ণ শ্ৰীকৃষ্ণ বুলি প্ৰণাম জনাই ভক্তিৰ অঞ্জলি যাচে৷

কৃষ্ণই মথুৰাত কংসক বধ কৰি বসুদেৱ আৰু দৈৱকীক কাৰগাৰৰ পৰা মুকলি কৰি, ককাক উগ্ৰসেনক মথুৰাৰ ৰাজপাটত বহোৱাই কৃষ্ণই নিজৰ প্ৰতিকূল পৰিৱেশৰ কথা অনুভৱ কৰি দ্বাৰকা নগৰী পাতি তাতে দ্বাৰকাধীশ হৈ থাকিল৷ তেওঁ দ্বাৰকাত ৰজা হৈ থাকিল যদিও, গকুলৰ গোপ-গোপী সকলৰ মৰম-চেনেহ-শ্ৰদ্ধা-ভক্তিৰ কথা পাহৰিব নোৱাৰিলে৷

দ্বাৰকা নগৰীত কৃষ্ণৰ আঠ গৰাকী ৰাজ-মহিষী আছিল৷ তথাপিও তেওঁ গকুলৰ গোপীসকলৰ কথা অনৱৰতে কৈ থাকে৷ তাকে শুনি এদিন সত্যভামা আৰু জাম্বোৱতীয়ে গকুলৰ গোপী সকলৰ গুণ-গাণ কৰি থকাৰ বাবে কৃষ্ণক তিৰস্কাৰ কৰিলে৷ ভগৱান কৃষ্ণই তেওঁলোকৰ অহংকাৰ নাশ কৰাৰ উদ্দেশ্যে এদিন বেমাৰীৰ ভাও লৈ পৰি থাকিল৷ তেতিয়া সত্যভামা আৰু জাম্বোৱতী দুয়ো তেওঁক শুশ্ৰূষা কৰি থাকিল৷

কৃষ্ণই তেওঁলোকক জনালে যে, তেওঁ অত্যন্ত পেটৰ বিষ হৈছে৷ আৰু কোনো ঔষধেই হেনো এই পেটৰ বিষ ভাল কৰিব নোৱাৰে, সেয়েহে তেওঁ কোনো ঔষধ সেৱন নকৰে৷ কেৱলৰ ভকতিৰ চৰণ ধুলিয়েহে এই পেটৰ বিষ ভাল কৰিব পাৰিব৷ কৃষ্ণই পেটৰ বিষত চটফটাই বাগৰি আছে, দুয়ো ৰাজ-মহিষীয়ে আতুৰ ভাৱে পৰিচৰ্যাত ব্যস্ত৷ কিন্তু কোনোপধ্যেই কৃষ্ণৰ পেটৰ বিষ নকমাত, দুয়ো ৰাজ-মহিষীয়ে উপায়ন্তৰ হৈ অক্ৰুৰক মাতি মাতি পঠিয়ালে কৃষ্ণৰ ওচৰলৈ৷ কিয়নো অক্ৰুৰ হ’ল কৃষ্ণৰ পৰম-ভক্ত৷

সত্যভামাই অক্ৰুৰক ক’লে- “তুমি আমাৰ স্বামীৰ পৰম ভক্ত, তুমিয়ে কিবা এটা উপায় কৰা৷ কিয়নো আমাৰ স্বামীৰ পেটৰ পীড়া, ভকতৰ চৰণ ধূলিয়েহে উপশম কৰিব পাৰিব বুলি তেওঁ কৈছে”৷ তেতিয়া অক্ৰুৰে জাঁপ মাৰি ক’লে- “আও, যিজন ভগৱানৰ চৰণত মই শৰণ লৈছো, সেইজন ভগৱানক নিজৰ চৰণ ধূলি খাবলৈ দি কেনেকৈ এনে এটা ভয়ঙ্কৰ অপৰাধ কৰিব পাৰো? মই সেই মহাপাপ কৰিবলৈ কেতিয়াও মান্তি হব নোৱাৰো৷”

তেতিয়া সত্যভামাই অক্ৰুৰক গোটেই দ্বাৰকা নগৰীতে ঢোল পিটি জনাই দিবলৈ ক’লে যে, কৃষ্ণৰ কোনোবা পৰম ভক্তই আহি যদি তেওঁৰ চৰণ ধূলি কৃষ্ণক খাবলৈ দিবহি পাৰে, তেতিয়াহে কৃষ্ণই পেটৰ বিষৰ পৰা উপশম পাব বুলি তেওঁ নিজমুখে ব্যক্ত কৰিছে৷ গতিকে কৃষ্ণৰ কোনো এজন পৰম ভক্তই আহি তেওঁৰ চৰণ ধুলি দি কৃষ্ণক ভাল কৰিব লাগে৷ অক্ৰুৰে সেইমতে দ্বাৰকা নগৰীৰ সকলোকে জনাই দিলে৷ কিন্তু কোনো ভক্তই সেই কাম কৰিবলৈ আহিবলৈ সাহস নকৰিলে৷ অক্ৰুৰে সেই কথা দুই ৰাজ-মহিষীৰ আগত কৈ থাকোতেই, তাত নাৰদ উপস্থিত হ’লহি৷ সত্যভামাই নাৰদক দেখি ক’লে- “হে মুনিবৰ, আপুনিও কৃষ্ণৰ পৰম-ভক্ত, আপুনিও দেখোন চৰণ ধূলি দিব পাৰে৷” সেয়া শুনি নাৰদো জাপ মাৰি উঠিল আৰু ক’লে- “নাৰায়ণ, নাৰায়ণ, এই মহাপাপ কৰিব নোৱাৰো৷ কিয়নো আমিহে তেওঁৰ চৰণ সেৱা কৰি থাকো৷ তেনেস্থলত কেনেকৈ আমাৰ চৰণধূলি তেওঁক সেৱন কৰিবলৈ দিব পাৰো, এই অসম্ভৱ৷ নাৰায়ণ, নাৰায়ণ!”

তেতিয়া সত্যভামাই নাৰদক ইয়াৰ প্ৰতিকাৰৰ উপায় আগবঢ়াবলৈ অনুৰোধ কৰিলে৷ নাৰদে ভগৱানক স্মৰণ কৰি উপায় উলিয়াই ক’লে-“অক্ৰুৰে যদি গকুললৈ যায়, তেন্তে তাত উপায় পাব পাৰে”৷
সেয়েহে নাৰদৰ কথামতে অক্ৰুৰে সমাধান বিচাৰি গকুল, বৃন্দাবনলৈ যাত্ৰা কৰিলে৷ অক্ৰুৰে শ্ৰীকৃষ্ণৰ ৰথখনকে লৈ গকুললৈ গৈছিল৷ সেই সময়ত গোপীসকলে যমুনাৰ ঘাটত পানী নিবলৈ আহি গোট খায় আছিল৷ কৃষ্ণৰ ৰথৰ শব্দ শুনি গকুলৰ গোপীসকল হঠাত কৃষ্ণ-কানাই আহিছে বুলি বাউলী হৈ পৰিল৷ তেওঁলোকে কৃষ্ণৰ ৰথ দেখি অক্ৰুৰকে আগুৰি ধৰিলে, আৰু কৃষ্ণ কানাইৰ কথা সুধি জাউৰিয়ে জাউৰিয়ে প্ৰশ্ন কৰিলে৷

প্ৰত্যেক গৰাকীয়েই “কানাই, আমাৰ কানাই ভালে আছেনে বুলি” কাতৰ কণ্ঠে সুধিবলৈ লাগিল৷ তেতিয়া অক্ৰুৰে ক’লে, “তোমালোকৰ কানাই, এতিয়া আৰু কানাই হৈ থকা নাই৷ তেওঁ এতিয়া দ্বাৰকাৰ অধিপতি ৰজা হৈ আছে৷ তেওঁক জগতে সন্মান কৰে, তেওঁক এতিয়া আৰু তোমালোকে কানাই নুবুলিবা”৷

অক্ৰুৰৰ কথা সুনি গোপী সকলে ক’লে-“ কৃষ্ণ এতিয়া দ্বাৰকাৰ ৰজা হৈছে হওক, কিন্তু যিয়েই নহওক, তেওঁ সদায়েই আমাৰ সকলোৰে মৰমৰ কানায়েই হৈ থাকিব৷ আমাৰ কানাইয়ে আমাৰ পৰা মাখন-দধি-দুগ্ধ আদি চুৰ কৰি খোৱাৰ কথা কেতিয়াও আমি পাহৰিব নোৱাৰো৷ তেওঁ এতিয়া কেনে আছে, কি কৰিছে? তেওঁৰ আমালৈ মনত পৰেনে?” আদি নানা প্ৰশ্নৰে অক্ৰুৰক ব্যতিব্যস্ত কৰি তুলিলে৷ তেওঁলোকৰ প্ৰশ্ন শুনি অক্ৰুৰে লাহেকৈ ক’লে- “কৃষ্ণৰ অসুখ, তেওঁ পেটৰ পীড়া সহ্য কৰিব নোৱাৰি শয্যাত বাগৰি আছে৷ তেওঁ কোনো ঔষধো নাখায়৷ তেওঁ বিচাৰিছে মাথো প্ৰকৃত ভক্তৰ পদধূলা৷ তাকে পালে হেনো তেওঁৰ পেটৰ বিষ উপশম হব৷ কিন্তু মই গোটেই দ্বাৰকা নগৰীতে তেনে ভক্ত বিচাৰি নাপালো৷ যিজনে নিজৰ পদধূলা কৃষ্ণক দিব, সেইজন নৰকলৈ যাব বুলি ভয় কৰি, কোনোও পদধূলা দিবলৈ মান্তি নহ’ল৷ সেয়েহ মই তোমালোকৰ ওচৰলৈ আহিছো উপায় বিচাৰি৷ তোমালোকে উপায় এটা দিয়া৷” অক্ৰুৰৰ কথা শুনি গোপীসকলে একেমুখে ক’লে- “কানাইৰ বাবে আমি নৰকলৈ গ’লেও যাম, তথাপি কানাই ভাল হোৱাটো আমাৰ মনে-প্ৰাণে বিচাৰে৷ গতিকে আমাৰ চৰণ ধূলিৰে যদি কানাই আৰোগ্য হয়, তেন্তে লৈ যোৱা আমাৰ চৰণ ধূলি”৷

এইবুলি কৈ গোপীসকলে যমুনাৰ ঘাটতে এখন বস্ত্ৰ পাৰি তাতে নিজৰ নিজৰ চৰণ দি, ধূলিখিনি বান্ধি কৃষ্ণলৈ বুলি অক্ৰুৰৰ হাতত দি পঠালে৷ অক্ৰুৰেও গোপীসকলৰ প্ৰেমৰ ভকতি দেখি আচৰিত মানিলে৷ তেওঁ আহি কৃষ্ণৰ আগত গোপীসকলৰ প্ৰেম-ভক্তিৰ কথা সকলো বিৱৰি কলেহি৷ কৃষ্ণয়ো গোপীলকলৰ চৰণ ধূলি সেৱন কৰি আৰোগ্য লাভ কৰিলে৷

তাৰ পাছত দুয়ো ৰাজমহিষীক কৃষ্ণই ক’লে – “দেখিলানে গকুলৰ গোপী সকলৰ প্ৰেম-ভক্তি? যি ভক্তিয়ে মোক বান্ধি ৰাখিছে, ভক্ত-বৎসল ভাৱে”| তেতিয়া দুই ৰাজ-মহিষী সত্যভামা আৰু জাম্বোৱতীয়ে কৃষ্ণৰ ওচৰত ক্ষমা খুজিলে৷ কিয়নো তেওঁলোকে সদায়েই কৃষ্ণক কৈ থাকে যে, দ্বাৰকাত ইমান বিলাক ৰাণী থাকোতেও কিয় কৃষ্ণই গকুলৰ গোপীসকলক বেছি গুৰুত্ব দিয়ে৷ সেই কথাৰ উত্তৰ দিবলৈকে শ্ৰীকৃষ্ণই গোপী সকলৰ ভক্তিৰ মাহাত্ম্যৰ উদাহৰণ দাঙি ধৰিলে৷ গোপী সকলৰ পদধূলাত পোৱা গৈছিল ভক্তিৰ মাৰ্গৰ সমৰ্পিত অৰ্ঘ্য, য’ত আছে শ্ৰদ্ধা, ভক্তি, সমৰ্পণৰ ভাৱনা আদৰ্শ৷ শ্ৰদ্ধাহীন ভকতি মাথো ফলহীন বৃক্ষ৷ সেয়েহে কয় – “শ্ৰদ্ধাৱান জ্ঞানম লভ্যতে”৷

–**–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!