আন্ধাৰত জোনাকৰ জিলমিল

আন্ধাৰত জোনাকৰ জিলমিল

(১)
নিলোৎপল লুইত অসম
এজন নেতা, কোন দলৰ সেয়া আমাৰ আলোচ্যৰ বিষয় নহয়৷ তেওঁ দহ বছৰ(২০০১-২০১১) ধৰি এই অসম মুলুকৰে এটা বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে কার্যনির্বাহ কৰিছে৷ পিছে আপুনি জানেনে, আজিও তেওঁ বাস কৰে এটি সাধাৰণ বাঁহৰ পঁজাত৷ হয়তো এই কথাটো শুনিলে বহুতেই আচৰিত হ’ব৷ তথাপিও তেওঁলোক সুখী৷ বিধায়ক হোৱাৰ পিছত কেতিয়াবা পৰিয়ালৰ কোনোৱে হয়তো ঘৰটো পকী কৰাৰ বাবে তেওঁৰ ওচৰত আবদাৰ ধৰিছে, কিন্তু তেওঁ ওলোটাই প্রশ্ন কৰিছে, “এয়া কি ঘৰ নহয় নেকি? আৰু মোৰতো ইমান ধন নাই৷ যিখিনি আহিছে সেয়া সকলোতো ৰাইজৰ ধন৷ সেয়ে সকলো ৰাইজৰ নামতেই খৰচ কৰিছোঁ৷”

-এয়াই ৰাইজৰ এজন অসাধাৰণ ব্যক্তিত্বৰ প্রতিনিধি৷ আনকি তেওঁৰ পৰিয়ালৰ কোনো সদস্যই এতিয়াও ঠেলা চলাই-মজদুৰি কৰি পেট প্রবর্তাইছে৷ তথাপিও সুখী তেওঁলোক৷

সদায়ে ৰাইজৰ স্বার্থত কাম কৰি যোৱা এই অসাধাৰণ নেতাজন হ’ল- শ্রীযুত ৰামেশ্বৰ তেলী৷ এইবাৰ লোকসভা নির্বাচনৰ ডিব্রুগড় সমষ্টিৰ এই প্রাথীজন যেন আগন্তুক নির্বাচনত অনায়াসে জয় লাভ কৰি সদায়ে ৰাইজৰ হৈ কাম কৰি যায় তাৰে কামনা কৰিলোঁ৷ জয় ৰামেশ্বৰ তেলী৷ জয় আই অসম৷

(২)
প্ৰতিম প্ৰতাপ বৰুৱা
উদ্দেশ্য সৎ হ’লে, নিৰ্দিষ্ট লক্ষ্য থাকিলে সৰু-সুৰা অসুবিধাই কেতিয়াও বাধা দিব নোৱাৰে – এই কথাষাৰৰ এটা উদাহৰণ আজি পালোঁ। এজন ডেকা, প্ৰায় ২৬-২৭ বছৰীয়া ল’ৰা; আমাৰ কনিষ্ঠ সহকৰ্মী হিচাপে যোৱা দুবছৰমানৰ পৰা আছে। আজি কথাত কথা ওলাই সি ক’লে সি চাকৰি পোৱাৰ আগতে সিহঁতৰ ঘৰৰ আৰ্থিক অৱস্থা খুব বেয়া আছিল। সি ইঞ্জিনিয়াৰিং পঢ়িছিল দিল্লীৰ কাষৰীয়া গ্ৰেটাৰ নয়দাৰ এখন ইঞ্জিনিয়াৰিং কলেজত। ঘৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৰ কলেজখনলৈ সদায় বাছত অহা-যোৱা কৰিবলৈ যিমানখিনি খৰছ লাগে সিমানখিনি গোটাব পৰাৰ সামৰ্থ সিহঁতৰ নাছিল। সি এটা উপায় উলিয়ালে। গ্ৰেটাৰ নয়দাত থকা ছেমছাং কোম্পানীৰ কৰ্মচাৰীসকলক দিল্লীৰ পৰা অনা-নিয়া কৰিবলৈ এখন চাৰ্টাড বাছ চলিছিল। সেই বাছখনত ছেমছাং কোম্পানীৰ কৰ্মচাৰীৰ বাদে আন কোনো উঠিব নোৱাৰে। ল’ৰাটোৱে সেই বাছখনৰ চালকজনক অনুৰোধ কৰিলে – আপোনাৰ ভায়েক হিচাপে মোক সদায় গ্ৰেটাৰ নয়দালৈ অনা-নিয়া কৰি দিয়ক। অপোনাৰ কাষতে কেবিনত চুপ-চাপ বহি যাম। মই দুখীয়া ঘৰৰ ল’ৰা, ইঞ্জিনিয়াৰিং পঢ়ি আছোঁ। আপোনাক একো দিব নোৱাৰোঁ। কিন্তু গোটেই জীৱন আপোনাৰ এই উপকাৰৰ বাবে কৃতজ্ঞ হৈ থাকিম।

বাছখনৰ চালকজনৰ ল’ৰাটোলৈ বেয়া লাগিল আৰু তাৰ কথামতে সম্পূৰ্ণ চাৰি বছৰ লৰাটোক অনা-নিয়া কৰিলে। ছেমছাঙৰ স্মাৰ্ট কৰ্মচাৰীসকলৰ বাবে সেই চাৰিবছৰ এই ল’ৰাটো চালকজনৰ ভায়েক আৰু বাছখনৰ সহায়কাৰী হৈ থাকিল। এদিন ল’ৰাটোৱে ইঞ্জিনিয়াৰিং পাছ কৰি চৰকাৰী চাকৰিত সোমাই ইঞ্জিনিয়াৰ বিষয়া হ’ল।
এতিয়াও সি সেই চালকজনৰ ঘৰলৈ যায়, তেওঁক সি নিজৰ ককায়েকৰ দৰে সন্মান আৰু সমীহ কৰি চলে।

(৩) এজন পিতৃ”
দেৱপ্ৰতিম হাজৰিকা

তেওঁৰ পুত্ৰ এজন ইঞ্জিনীয়াৰিং ছাত্ৰ, জীয়েকে কৰি আছে বি.কম. লগতে চি.এ.ৰ প্ৰস্তুতি। এক অৰ্থত পঢ়াৰ নামত পুত্ৰ-পুত্ৰীৰ নামত খৰচ হয় মাহিলি প্ৰায় ১৩০০০ টকা। এই মোটা পৰিমানৰ বাবে পিতৃৰ এটা ভাল চাকৰি হ’ব লাগিব, উপাৰ্জন কৰিব লাগিব যথেষ্ট।

কিন্তু এই পিতৃজন এই ক্ষেত্ৰত ব্যতিক্ৰম। তেওঁৰ হাতত নাই তেনে ভাল চাকৰি, উপাৰ্জন সেই অনুপাতে কম। কিন্তু তেওঁ হাৰ মনা নাই।

মধ্য প্ৰদেশৰ খণ্ডৱাৰ সৰ্বোদয় কলনীত থকা ৫০ বছৰ বয়সীয়াল এই পিতৃজনৰ নাম প্ৰবীণ সিসোদিয়া। পুত্ৰ-পুত্ৰীৰ পঢ়াৰ খৰচ উলিয়াবলৈ তেওঁ দিনত কৰে হোম গাৰ্ডৰ চাকৰি আৰু ৰাতি হৈ পৰে এজন অটোচালক। দিনে ১৫ ঘণ্টাকৈ কাম কৰা এই পিতৃজনৰ পুত্ৰ শিৱমে বি.টেক. কৰি আছে আৰু জীয়েক সোণালীয়ে ইন্দোৰৰ জগদালে কলেজত বি.কম.ৰ লগতে কৰি আছে চি.এ.ৰ প্ৰস্তুতি। পুত্ৰৰ নামত খৰচ হয় বছৰি প্ৰায় ১.২০ লাখ টকা আনহাতে জীয়েকৰ নামত খৰচ হয় বছৰি প্ৰায় ৩৬০০০ টকা।

এই খৰচৰ বাবে তেওঁৰ হোমগাৰ্ডৰ চাকৰি পৰ্যাপ্ত নহয়। সেয়েহে তেওঁ চলাবলগীয়া হয় অটো। আবেলি ৪ বজাৰ পৰা ৰাতি ১২ বজালৈ হোমগাৰ্ডৰ চাকৰি কৰাৰ পাছত তেওঁ ঘৰ আহি ৩ ঘণ্টাৰ জিৰণি লয়। ইয়াৰ পাছত ৰাতিপুৱা ৩ বজাৰ পৰা ১০ বজালৈ তেওঁ চলায় অটো।

নিজৰ দুয়ো সন্তানৰ সুন্দৰ ভৱিষ্যতৰ বাবে পিতৃ দায়িত্ব বুজি নিজৰ সাধ্যৰ বাহিৰত গৈয়ো এনেদৰেই কষ্ট কৰি আছে এই পিতৃজনে। তেওঁৰ এই কষ্ট সাৰ্থক হওঁক তাৰেই কামনা কৰিলোঁ।

(৪)
দিগন্ত কুমাৰ ভট্টাচাৰ্য
আমাৰ ঘৰৰ ওচৰতে এটি ‘হনুমান মন্দিৰ’ আছে। প্ৰত্যেক শনিবাৰে পুৱাৰ পৰা ৰাতিলৈ ইয়াত অসংখ্য ভক্তৰ সমাগম হয়। ঠিক তেনেদৰে বহুকেইজন ভিক্ষাৰীও ভিৰ কৰে তাত। মই প্ৰায়েই যাওঁ। পূজা-অৰ্চনাতকৈও খালী ভৰিৰে কাষৰ ঘাঁহ-বনৰ ওপৰেৰে খোজ কাঢ়িবলৈ। মন্দিৰৰ বাহিৰত এজন ব্যক্তিক মই যোৱা ছয়-সাতবছৰে সদায়েই দেখি আহিছোঁ। তেওঁৰ বয়স প্ৰায় পঁচাশী-নব্বৈৰ ভিতৰত হ’ব। কথা ভালকৈ ক’ব নোৱাৰে। খোজ থৰক-বৰক। মোৰ মনত আছে এবাৰ বয়সীয়াল বুলিয়েই মই অলপ টকা তেওঁৰ হাতত দিছিলোঁ। তেওঁ মোলৈ চাই দুটামান পেকেট দি কৈছিল ‘এটাত পাঁচটকাকৈ’। আচলতে মই তেওঁক কাষতে বহা আন ভিক্ষাৰীকেইজনৰ দৰেই বুলি ভুল কৰিছিলোঁ। বৰ লাজ পাইছিলোঁ সেইদিনা। তেওঁ আচলতে ঘৰতে তৈয়াৰী আদা আৰু গুড়ৰ এবিধ চকলেট বিক্ৰী কৰে। খাবলৈ বেয়া নহয়। এতিয়া প্ৰায়েই তেওঁৰ পৰা সেই চকলেটবিধ কিনো। বহুলোকে তেওঁক ভুলতে তেওঁৰ ওচৰত দুটকা-পাঁচটকা দি থৈ যায়। তেওঁ তেতিয়া মাতি আনি চকলেটবিধ উলিয়াই দিয়ে। কোনোবাই এনেই পইচা দিলে কেতিয়াও নলয়। তেওঁৰ কাষতে বহি থাকে বহুকেইজন ‘নোদোকা’ ভিক্ষাৰীয়ে (নোদোকা বুলি এইকাৰণেই কৈছোঁ যে চল্লিশৰ ওচৰা-ওচৰি বয়সৰ তেওঁলোকক চালে এগৰাকী কৰ্মঠ আৰু কাৰ্যক্ষম ব্যক্তি যেনেই লাগে) কিন্তু মানুহ দেখিলেই পইচা বিচাৰি হাঁহাকাৰ কৰে। ভিক্ষাৰীকেইজনৰ এনে ব্যৱহাৰ দেখিলে সেই এতিয়াও ‘কাম কৰি খোৱা’ পঁচাশীবছৰীয়া ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধাত মূৰ দোঁ খাই যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!