আন্ধাৰত জোনৰ পোহৰ – ৰিমঝিম দত্ত

“নক’ব বুজিছেনে নবৌ, ডাঙৰ মাজু দুইজনী ছোৱালীকে শিক্ষাই-দীক্ষাই কামে-বনে সকলো ফালে উপযুক্ত কৰি তুলিলোঁ, কিন্তু সৰুজনীকহে বলে নোৱাৰিলোঁ। কি কৰি খাব, ভগৱানেহে জানে!” ওচৰৰ বুলু বৰমাৰ আগত ঘৰৰ বাৰাণ্ডাত বহি মাকে আক্ষেপেৰে কোৱা কথাখিনি শুনি ঘৰ সাৰি থকা কৃষ্ণা তভক খাই ৰ’ল।

কপালত চপৰিয়াই চপৰিয়াই মাকে আকৌ খুউব দুখেৰে ক’লে “সিহঁত দুজনীয়ে যেনিবা নিজৰ নিজৰ ভাগ্যৰ বলত ভাল ঘৰ একোখনেই পালে। ল’ৰাটোক লৈও মোৰ অকনো চিন্তা নাই। তাৰ সমান শিক্ষা-দীক্ষা থকা, গুণী-জ্ঞানী ল’ৰা এই অঞ্চলটোত কেইটা আছে?  কিন্তু এইজনীয়ে মোৰ মুৰটো খাইছে বুজিছে!”

“চিন্তা নকৰিবা ৰেণু, মাকৰ ঘৰতহে ছোৱালীবোৰে এলাহ কৰে। বিয়া হ’লে গিৰীয়েকৰ ঘৰত গৈ সকলো শিকিবগৈ” মাকে আগবঢ়াই দিয়া তামোলখন মুখত লৈ পকতিয়াই পকতিয়াই বুলু বৰমাই ক’লে।

“আই অ’ কৃষ্ণা, ঘৰত তামোল খাবলৈ চূণ অকণো নাইকিয়া হ’ল। কাগজ এখিলাতে চূণ অকণমান লগাই লৈ আনচোন, মই লৈ যাওঁ” বুলু বৰ্মাকে তাইক ৰিঙিয়াই মাতিলে।

কৃষ্ণাই কাগজ এখনত চূণ অলপ লগাই বৰমাকক দিবলৈ গ’ল। বৰমাকে তাইক গায়ে-মুৰে হাত ফুৰাই ক’লে, “আই অ’, পঢ়া-শুনা সম্পূৰ্ণ নকৰিলি যেতিয়া কাম-বন ভালদৰে শিক। বিএ, এম এ পাছ ছোৱালীয়েও গিৰীয়েকৰ ঘৰত কাম কৰি তত নাপায়, তোৰ গতি কি হ’ব?”  

তাই মুখেৰে একো নামাতি ভিতৰলৈ আহি ঘৰ সৰাত লাগিল। ভিতৰৰ পৰা শোক এটাই তাইৰ বুকুখনত উজাই আহিছিল। কান্দোনটো কোনোমতে চেপি ৰাখি তাই ঘৰ সৰা কামটো সম্পূৰ্ণ কৰি বিচনাত বাগৰি পৰিল।

ঘৰখনৰ তিনিজনী ছোৱালীৰ ভিতৰত আটাইতকৈ সৰু হ’ল কৃষ্ণা। তাইৰ তলতে ঘৰখনৰ আটাইৰে আলাসৰ লাৰু ভায়েকটো। বায়েক দুজনীয়ে বিএ পাছ কৰি সমাজৰ তুলাচনীত যোগ্য একোজন ল’ৰালৈকে বিয়া হৈ গ’ল। ভায়েকেও এইবছৰ সুখ্যাতিৰে এম.এ পাছ কৰি গাৱঁৰ হাইস্কুলখনতে চাকৰিত যোগদান কৰিছে। ওচৰৰ সীমা নামৰ ছোৱালী এজনীৰ লগত তাৰো বহু বছৰৰ পৰাই প্ৰেমৰ সম্পৰ্ক। ঘৰখনত ব্যতিক্ৰম হ’ল কৃষ্ণা, তাই দুবাৰৰ মূৰত কথমপি মেট্ৰিকৰ দেওনা অতিক্ৰম কৰিলে। কেইবাবাৰো পৰীক্ষা দিও তাই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰিব নোৱাৰিলে। গোটেই কেইটা ল’ৰা-ছোৱালীতকৈ পঢ়া-শুনাত পিছপৰা কৃষ্ণাক লৈ ঘৰখনৰ সকলোৱে মনত এক অসন্তুষ্টিৰ ভাৱ পোষণ কৰি থাকে। বায়েকহতঁৰ মতে তাই ঘৰখনৰ সন্মানহানিৰ প্ৰধান কাৰণ; মাক-দেউতাকৰ মতে তাই অকল গাধই নহয়, অকৰ্মণ্যৰ চূড়ান্ত। ভায়েকটোকো তাই একো ক’বই নোৱাৰে, গেঙেৰি মাৰি খেদি আহে। মাকক ভায়েকৰ কথা কৈ আপত্তি কৰিলে তাই ওলোটাই গালিহে খায়, “তই তাৰ লগত লাগিবলৈ যোৱাৰ আগতে তাৰ সমকক্ষ হৈ দেখুৱাচোন।”

কৃষ্ণাই নিৰৱে চকুলো টোকে। দিনৰ দিনটো গোটেই ঘৰখনৰ কাম-বন কৰিও তাই মাকক সন্তুষ্ট কৰিব নোৱাৰে। সেই অসন্তুষ্টি মাকে সদায় পুৱা-গধূলি ফোনত বায়েকহতঁৰ আগত প্ৰকাশ কৰে। বিহুৱে-সকামে বায়েকহতঁ ঘৰলৈ আহিলে তাইৰ তত নোহোৱা হৈ যায়। বায়েক-ভিনিহিয়েক, ভাগিনীয়েকহতঁক আলপৈছান ধৰি তাই ভাগৰুৱা হৈ পৰে। কেতিয়াবা অলপ এলাহ কৰিলে বায়েকহঁতে গালি দিয়ে, “পঢ়া-শুনাত গাধ যেতিয়া কাম নকৰি কি কৰিবি?”  মাকেও আহি সিহঁতৰ কথাত উজান দিয়েহি।

অকৰ্মণ্য, গাধ, অপৰিপাটী শব্দবোৰে কৃষ্ণাক খাওঁতে-শোওঁতে, উঠোঁতে-বহোঁতে, অনবৰতে খেদি ফুৰে। মাকৰ মুখত আখৈ ফুটাদি ফুটি থকা এই শব্দবোৰে সদায় তাইক অজগৰ একোটা হৈ উশাহত গিলি থবলৈ বিচাৰি ফুৰে। জীয়াই থকাৰ তাড়নাত তাই হাঁহাকাৰ কৰে আৰু সেই অজগৰৰ উশাহৰ পৰা পৰিত্ৰাণ পাবলৈ পুৱাৰ পৰা গধূলিলৈকে ঘৰখনত তাই কেৱল দৌৰি থাকে আৰু দৌৰি থাকে।

“কৃষ্ণা, বিচনাৰ পৰা উঠ। পৰহিলৈ তোক চাবলৈ মানুহ আহিব। ঘৰখন পৰিপাটী কৰ।” দেউতাকৰ মাতত তাই খপজপ খাই বিচনাৰ পৰা উঠিল। তাইক চাবলৈ মানুহ আহিব, কথাষাৰ ভাবি কৃষ্ণা ঘামি উঠিল। বিছনাৰ পৰা নামি গৈ তাই মাকক ভয়ে ভয়ে সুধিলে, “দেউতাই কোৱা কথাটো সঁচা নেকি মা?”

“সঁচা, অথনি বুলু নবৌ সেইকাৰণেই আহিছিল। ল’ৰাক তই দেখিছই, বুলু নবৌৰ সম্পৰ্কীয় ভাগিন কমল যে, সিয়েই তোক পছন্দ কৰিছে। পৰহিলৈ মাক-দেউতাক আহিব কথা পাতিবলৈ।”

কমলৰ নামটো শুনি কৃষ্ণা উচপ খাই উঠিল। দুই এবাৰ তাই তাক বুলু বৰমাকৰ ঘৰত দেখিছে। প্ৰচণ্ড শকত-আৱত, ক’লা-মলা কমলৰ মুখখন চকুৰ আগত ভাঁহি অহাত কৃষ্ণাৰ উশাহ বন্ধ হৈ আহিল। তাই একে দৌৰে গৈ দেউতাকৰ ওচৰত থিয় হ’ল আৰু ক’লে, “দেউতা, মই এই বিয়াত নবহোঁ।”

জ্বলি থকা জুইকুৰাত যেন কোনোবাই এসোপা ঘিঁউহে ঢালি দিলে। মাকে পকা বেৰখনত মুৰটো আচাৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে, দেউতাকে তাইক চুলিকোঁচাত ধৰি জোকাৰি পেলালে। গধুলি মাকৰ ঘৰত হাজিৰ হোৱা বায়েকহঁতে,  “তোৰ নিচিনা এজনীয়ে ইয়াতকৈ কি ভাল ল’ৰা পাবি” বুলি গালি বৰষিবলৈ ধৰিলে। ভায়েকে খঙতে তাইক চোঁচা মাৰি আহিল, “সীমা আৰু মই কিমানদিন তোৰ কাৰণে ৰৈ থাকিম?  লোকৰ ল’ৰা এটাক বিয়াত নবহোঁ বুলি কোৱাৰ আগতে নিজৰ যোগ্যতা খিনি চাই ল’বি। গাধী চাল্লা….থুই।”

ভায়েকৰ মুখৰ পৰা ওলাই অহা ‘গাধী’  শব্দটোৱে দীঘল জোঙা নখ থকা নোমাল ৰাক্ষসৰ হাত এখন হৈ তাইৰ ডিঙিটোলৈ লক্ষ্য কৰি যেন খেদি আহিল। হাতখনে ডিঙিটোত ধৰি চেপি মোহাৰি তাইক শেষ কৰাৰ ভয়ত কৃষ্ণাই চিঞৰি উঠিল, “হব, মই বিয়াত বহিম”।

যথাৰীতি অনুযায়ী কৃষ্ণাৰ বহাগতেই বিয়া হৈ গ’ল। কইনা উলিয়াই দিবৰ সময়ত মাক-দেউতাকক সেৱা কৰোঁতে তাইৰ সৰসৰকৈ চকুপানী ওলাইছিল। মাকেও চকুলো টুকি তাইৰ মুৰটোত হাত ফুৰাই কৈছিল, “যা শহুৰৰ ঘৰত ভালেৰে থাকিবি।কাম-বন ভালদৰে কৰিবি। অকৰ্মণ্য আৰু গাধ স্বভাৱটো এৰিবি। নহ’লে সংসাৰ টিকি নাথাকিব অ’ আই।”

মাকৰ কথা শুনি বিদায় বেলাত কৃষ্ণাৰ চকুলো চকুতে শুকাই পাথৰৰ ৰূপ লৈছিল। অকৰ্মণ্য, গাধ শব্দকেইটাই তাইক মাকৰ ঘৰৰ পদূলিৰ পৰা দৰাঘৰৰ পদূলিলৈকে খাওঁ খাওঁ মূৰ্তিৰে তীব্ৰ গতিত পিছে পিছে আহিছিল। এক অজান ভয় আৰু আশংকাই তাইৰ বুকুত খোপনি পুতিছিল। বাহী বিয়াৰ পিছদিনা সেই ভয় আৰু আশংকাকেই বুকুত বান্ধি চোতাল সাৰি গা ধুই কৃষ্ণা পাকঘৰত সোমাল। ঘৰৰ পৰা অনা পিঠা, লাড়ু্ৰে চাহৰ প্লেটকেইখন সজাই তাই শহুৰ-শাহুৱেকক যতনাই দি সেৱা কৰিলে। শাহুৱেকে তাইৰ গালত এটা মিঠা চুমা আঁকি দি ক’লে, “লখিমী বোৱাৰী মোৰ”।

বিদায় বেলাত কৃষ্ণাৰ দুচকুত শুকাই পাথৰ হোৱা চকুলোবোৰ আকৌ গলি পানী হ’ব খুজিলে। সেৱা কৰি উঠি তাই দেখিলে পিছফালে এমোকোৰা হাঁহি লৈ ৰৈ অআছে কমল, তাইৰ মানুহজন। তাৰ ক’লা বহল মুখখনত অযুত তৃপ্তিৰ পোহৰে চিকমিক কৰিছিল। সেই পোহৰত কৃষ্ণাক খেদি ফুৰা অকৰ্মণ্য, গাধ, অপৰিপাটী শব্দবোৰ আন্ধাৰ হৈ লুকাই পৰিছিল। কৃষ্ণাইও কমলৰ ফালে চাই হাঁহিলে; আলফুলে, গভীৰ আবেগেৰে।।

০০০০০

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!