আন্ধাৰত ঠিকনা মোৰ (আৰাধনা বৰুৱা)
আন্ধাৰত ঠিকনা মোৰ
(গলিৰ অন্ধকাৰত সোনালী শৈশৱ,কৈশোৰ হেৰুৱা সকলৰ কথাৰে)
পৰিচিত হ’ব বিচাৰিছা মোৰ স’তে
কিন্তু মোক নুসুধিবা জীৱনৰ ৰং কেনেকুৱা
নৈশ বিষণ্ণতাহে মোৰ নিচেই চিনাকি।
মোক সপোন নেদেখুৱাবা
কাৰণ আইৰ বুকুৰ কামিহাড় গণি
মই শিকিছিলোঁ জীয়াই থকাৰ আদিপাঠ
সেয়ে অভ্যস্ত নহয় মই সপোনৰ সৈতে সহবাসত।
মোক নুসুধিবা প্রেমৰ ৰং সেউজীয়া নে নীলা
মোৰ বুকুৰ কেঁকুৰীত বাঁহীৰ মাতত কৃষ্ণচূড়া নুফুলে
নাজানো সোণাৰুৰ ৰং কিয় হালধীয়া।
নুসুধিবা প্রেয়সীৰ ওঁঠৰ উষ্ণতা কিমান
কিমান আপোন হ’লে বুকুৰ মোহনাত
বাহৰ পাতে ভালপোৱাই
ৰাতিৰ ব্যস্ত গলিৰ সস্তীয়া হাঁহিৰ দৰ দামহে জানো মই
আৰু চিনি পাওঁ সেই হাঁহিত লুকাই থকা বেদনা।
নাজানো কিমান দূৰলৈকে পোখাব পাৰে বিশ্বাসৰ শিপা
আত্মীয়তাৰ বালিচৰত খোজ পেলোৱা নাই কেতিয়াও
অমাৱস্যাৰ স’তেহে মোৰ আজন্ম অভিসাৰ।