আনৰ ভুল: অনন্ত ৰামচিয়াৰী (বিতোপন বৰদলৈ)
বাহ! কিযে আনন্দ লাগে আনৰ ভুলবোৰ দেখি।
বাহ! কিযে হাঁহি উঠে আনৰ ভুলবোৰ দেখি।
বাহ! কিযে আনন্দ লাগে আনক সমালোচনা কৰি।
বাহ! কিযে আনন্দ লাগে আনৰ ভুলবোৰ সকলোকে কৈ।
কিন্তু ! নিজৰ ভুলবোৰ আনক কৈ বৰ বেয়া লাগে।
কিন্তু ! মানুহে হাঁহিব, যেতিয়া তেওঁলোকে আমাৰ নিজৰ ভুলবোৰ গম পাব।
অ’হ, মানুহে আমাক ঠাট্টা কৰিব, যেতিয়া তেওঁলোকে আমাৰ নিজৰ ভুলবোৰ গম পাব।
অ’হ, মানুহে সকলোৰে আগত প্ৰকাশ কৰিব, যেতিয়া তেওঁলোকে আমাৰ নিজৰ ভুলবোৰ গম পাব।
অ’হ, তেতিয়াহ’লে লোকক সমালোচনা কৰি কিয় ইমান ভাল লাগে।
কিন্তু কিয় মানুহে ইমান লাজ পায় নিজৰ ভুলবোৰ আনৰ আগত প্ৰকাশ কৰিবলৈ।
তেন্তে কি, মানুহে আনৰ ঘটি থকা ভুলবোৰ দেখি ভাল পায়!
তেন্তে কি, মানুহে নিজৰ ঘটি থকা ভুলবোৰ ধাকি ৰাখি ভাল পায়!