আপদীয়া পদ্য ( ঘনশ্যাম ডেকা )

apodiya podyo_Ghanashyam

(১)
ডেকা গগৈ, বুঢ়া গগৈৰ কিনো চাবা দম
কথাই কামে এজনো নহয় কম।
এজনে আটাহ পাৰে সিৰ ফুলাই
আনজনে প্ৰতি চেকেণ্ডতে কথা সলায়।
কোনেনো শুনিব, মনৰ কথা যদিওবা কম।।

(২)
কংগ্ৰেছ, বিজেপি, এজিপি
নেতাই খোজ দিয়ে খুপি খুপি।
ঢোলে ডগৰে দি আহিল নমিনেচন
টিকট নাপালেহে হৈ যায় টেনচন।
ৰাইজ, চাই থাকক জুপি-জুপি।।

(৩)
পোন্ধৰ বছৰৰ বিশ্বাস
চৌদিশে আজি বিকাশ আৰু বিকাশ।
উদ্যোগবোৰ মৰে, নিবনুৱাও বাঢ়ে
চোৰ-ডকাইতে দিনতেই সকলো কাঢ়ে।
কিবা বোলেনে, মেট্ৰিক মানেই সৰ্বনাশ।।

(৪)
এশিঙীয়া গড় থাকে ক’ত
চোৰাং চিকাৰীয়ে ঘৰ সাজে য’ত।
নেতাৰ চ’ৰাঘৰতে চোৰৰ বাস
এইবাৰৰ নিৰ্বাচনত সকলোতে নিমিলা বিন্যাস।
চুৰি গাড়ী, চুৰি নাৰী পাব হেনো বৰাকত।।

(৫)
সৰ্বা দাদাই সমষ্টি সলায়
চেনেলেবোৰে বিধে বিধে খবৰ বিলায়।
হাগ্ৰামাৰ তামাম তাও
আজমলৰো হঠাতে বাঢ়িছে ভাৱ।
পুলিচৰ তালাচীত জাপে জাপে টকা ওলায়।।

(৬)
ৰাইজ আজি আকৌ ভাৱৰীয়া
কলগছৰ ভুৰ সাজি নাৱৰীয়া।
আঢ়ৈ টকাত ভাত খায়
সূতা, কম্বলো ফ্ৰীতে পায়।
এইবাৰৰ নিৰ্বাচন হ’বগৈ বঢ়িয়া।।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!