আপুনিও আত্মহত্যা কৰিব নেকি? জীৱন জীৱন বৰ অনুপম… – পুৰোষত্তম সিন্‌হা

বৈদিক সাহিত্যৰ মতে ৮৪ লাখ যোনিত বা প্ৰজাতিত জন্ম লাভ কৰাৰ পাছতহে মানৱ জীৱন প্ৰাপ্ত হয়। ভাগৱত গীতাতো এই কথাৰ উল্লেখ পোৱা যায়। পদ্মাপুৰাণৰ মতে এই ৮৪ লাখ যোনিক ছয়টা ভাগত ভগাব পাৰি- জলচৰ, উদ্ভিদ, কীট বা পতংগ, পক্ষী, জন্তু আৰু মানৱ।

তাৰে ভিতৰত ৯ লাখ প্ৰকাৰৰ জলচৰ, ২০ লাখ প্ৰকাৰৰ উদ্ভিদ, ১১ লাখ প্ৰকাৰৰ কীট, ১০ লাখ প্ৰকাৰৰ পক্ষী, ৩০ লাখ প্ৰকাৰৰ জন্তু আৰু ৪ লাখ প্ৰকাৰৰ মানৱৰ কথা পোৱা যায়। অৱশ্যে আধুনিক জীৱবিজ্ঞানৰ প্ৰজাতিৰ সংজ্ঞাৰ লগত কেনেকৈ প্ৰাচীন প্ৰজাতিৰ বিৱৰণৰ সংগতি ৰাখিব পৰা যায়, সেই বিষয়ে বিজ্ঞজনে বিচাৰ কৰিব। কিন্তু মানৱ জীৱন যে বহুমূলীয়া আৰু বহু ভাগ্যৰ বলতহে মানৱ জীৱন লাভ কৰা যায় তাত কাৰো সন্দেহ নাই। সাহিত্য ৰচনা আৰম্ভ হোৱাৰেপৰা মানৱ জীৱনৰ গুণানকীৰ্তন বা বন্দনা কৰাৰ উদ্দেশ্যে এক বুজন সংখ্যক সাহিত্য সৃষ্টি হৈছে।

কিন্তু কিয় এনে হয় যে, ইমান ভাগ্যৰ বলত লাভ কৰা মানৱ জীৱনটো কোনোবাই নিজ হাতে শেষ কৰিবলৈয়ো কুণ্ঠাবোধ নকৰে? হাজাৰ কষ্ট সহ্য কৰিও ৰোগীসকলে জীৱন সংগ্ৰামত জয়ী হবলৈ আপ্ৰাণ চেষ্টা কৰে, হাজাৰ অৱহেলা, অপমান নেওচি হ’লেও মানুহে জীৱন মধু পান কৰিবলৈ বিচাৰে। তেনেস্থলত, বাহ্যিক দৃষ্টিত সামান্য যেন লগা (বহু ক্ষেত্ৰত সামান্যতকৈও অধিক সুখী যেন লগা) কিছু ব্যক্তিয়েও অকাল মৃত্যুৰ জৰিয়তে সমস্যাৰ অৱসান বিচাৰে।

কিয় এনে হয়? মানুহৰ এনে কি সমস্যা হ’ব পাৰে যাৰ সমাধান আত্মহত্যাৰ নিচিনা ভয়ংকৰ উপায়েৰেহে সম্ভৱ? আমাৰ দৰে সামান্য লোকৰ মনত অলেখ প্ৰশ্ন জাগে। কিয় এনে হয়, তাৰ আলোচনালৈ যোৱাৰ আগতে, আহকচোন, আমাৰ মনটোৰ ৰসায়ন বিজ্ঞান বুজিবলৈ অলপ চেষ্টা কৰোঁ।

সাধাৰণ ভাষাত আমি যাক মন বুলি কওঁ, সেয়া এক অশৰীৰি সত্তা হ’লেও, ই বিভিন্ন ৰসায়নৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰশীল। আমাৰ মনলৈ যিবোৰ ভাৱ আহে, সেইবিলাক মাত্ৰ কোনো এক ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলহে মাথোন। সকলোবোৰ আৱেগ-অনুভূতি, কাৰোবাক দেখি মনত কিবা-কিবি অনুভৱ হোৱা, এই সকলোবোৰৰ বাবে কেৱল কেতবোৰ নিমাখিত দ্ৰব্য আৰু কিছুমান ৰাসায়নিক ক্ৰিয়া দায়বদ্ধ।

মনৰ ওপৰত ৰসায়নৰ প্ৰভাৱৰ কথাটো অনস্বীকাৰ্য কাৰণ মনোৰোগৰ ঔষধে ৰোগীৰ মানসিক স্থিতিৰ উন্নতি সাধন কৰে। যি চাৰিটা মুখ্য ৰাসায়নিক দ্ৰব্যৰ ক্ষৰণৰ ওপৰত আমাৰ মনঃস্থিতি নিৰ্ভৰশীল, সেইকেইটা হ’ল- ডোপামাইন, চেৰ’টনিন, অক্সিট’চিন আৰু এণ্ডৰ্ফিন। আমাৰ সুখৰ অৱস্থাটো এই চাৰিটা দ্ৰব্যৰ ক্ষৰণৰ ওপৰত সম্পূৰ্ণৰূপে আধাৰিত। আপুনি যদি প্ৰকৃতাৰ্থত সুখী, তেন্তে আপুনি বুজি ল’ব যে আপোনাৰ শৰীৰত এই চাৰিবিধ ‘সুখকাৰক ৰসায়ন’ৰ ক্ষৰণ উপযুক্ত মাত্ৰাত হৈ আছে। কোনটো ৰসায়নৰ কাম কি, সেই বিষয়ে অনেক লেখা কাগজে-পত্ৰই প্ৰকাশিত হৈ আছে। পুনৰাবৃত্তিৰ আশংকাত বিশদ আলোচনাৰপৰা বিৰত থাকিলোঁ। মূঠতে এই ৰাসায়নিক দ্ৰব্যবোৰৰ সামূহিক প্ৰভাৱৰ ওপৰতে মনৰ সামগ্ৰিক স্থিতি নিৰ্ভৰ কৰে।

এই চাৰিবিধ ‘সুখকাৰক ৰসায়নৰ বাহিৰে এক অন্য ৰসায়ন হ’ল, কৰ্টিচল। ই আমাৰ মস্তিষ্কৰ কিছূমান বিশেষ অংশৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে আৰু আমাৰ মনোস্থিতি বা ভয়ক নিয়ন্ত্ৰণ কৰে। কিন্তু সংকট কালত ইয়াৰ বিশেষভাৱে প্ৰয়োজন হয়, যেতিয়া আমি অতিমাত্ৰা মানসিক চাপৰ কবলত পাৰোঁ, যেতিয়া পলকৰ ভিতৰতে সমস্যাৰ মুখামুখি হোৱাৰ বা আঁতৰি দিয়াৰ দৰে গুৰুত্বপুৰ্ণ সিদ্ধান্ত ল’বলগীয়া হয়। মানসিক চাপৰ মুহূৰ্ত্তটো পাৰ হৈ যোৱাৰ পাছত কৰ্টিচলৰ মাত্ৰা তেজত কমি আহি নিয়মিত স্তৰত থাকিব লাগে। সামান্য মাত্ৰাত নিৰ্গত হ’লে কৰ্টিচলৰ ভালেমান উপকাৰী দিশ আছে, যেনে, ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, নিদ্ৰা বা টোপনিৰ চক্ৰ নিয়ন্ত্ৰণ কৰা ইত্যাদি।

সাধাৰণ পৰিস্থিতিত এই সকলোবোৰ ৰসায়ন নিয়মিতভাৱে নিৰ্গত হৈ থাকে আৰু সামান্যভাৱে সকলোবোৰ শাৰীৰিক কাৰ্যকলাপ চলি থাকে।

এতিয়া প্ৰশ্ন হ’ল, যদি এনেকুৱাই হয়, তেন্তে সমস্যাটো ক’ত?
সমস্যা হ’ল যে আমাৰ বহুতৰ বাবে মানসিক চাঁপৰ কালটো অল্পম্যাদী নহৈ দীৰ্ঘম্যাদী হয়; কেইঘণ্টামান বা কেইটামান দিনৰ পৰিৱৰ্তে এই চাঁপত থকাসকলে বছৰৰ পাছত বছৰ পাৰ কৰিব লগা হয়। গতিকে স্বাভাৱিকতে, শৰীৰত কৰ্টিচলৰ মাত্ৰা সদায় স্বাভাৱিকতকৈ বেছি হৈ থাকে আৰু ইয়াৰ ফলত বহুত উপসৰ্গই দেখা দিয়ে, যাৰ পৰিণতি হয় ভয়ংকৰ। এনে কেইটামান উপসৰ্গ হ’ল- দুশ্চিন্তা, অৱসাদ, মূৰৰ বিষ, অনিয়মিত নিদ্ৰা, ওজন বৃদ্ধি, স্মৰণ শক্তিৰ অৱক্ষয় আৰু অন্যান্য।

সাধাৰণ ভাষাত ক’বলৈ গ’লে যদি আপোনাৰ শৰীৰত ‘সুখকাৰক ৰসায়ন’ৰ মাত্ৰা অধিক হয়, তেন্তে আপুনি সহজ অৰ্থত সুখী আৰু ঠিক তেনেদৰে যদি আপোনাৰ শৰীৰত ‘দুখকাৰক ৰসায়ন’ৰ মাত্ৰা অধিক হয়, তেন্তে সহজ অৰ্থত আপুনি দুখী বা অসুখী। এইক্ষেত্ৰত আপোনাৰ কৰিবলগীয়া কি আছে? আপুনিতো এই হৰ্ম’নবোৰৰ বা ৰাসায়নিক দ্ৰব্যবোৰৰ নিঃসৰণ নিজৰ ইচ্ছামতে কৰাব নোৱাৰে যে সকলো সময়তে সুখী হৈ থকাৰ ছাবি-কাঠি আপোনাৰ হাতত থাকিব। অথবা, এইটো সম্ভৱ নেকি যে এই মনোস্থিতি নিয়ন্ত্ৰণ কৰা দ্ৰব্যবোৰৰ উপস্থিতিত আপোনাৰো কিবা নিয়ন্ত্ৰণ আছে। ইয়াৰ উত্তৰ হ’ল – হয়। আপুনি পাৰে। আৰু এই লেখাটোৰ মূল উদ্দেশ্যই হ’ল এইটো আলোচনা কৰা যে আপুনি কেনেদৰে সদায় সুখী হৈ থাকি, আত্মহত্যাৰ প্ৰৱণতাৰপৰা নিজকে আঁতৰত ৰাখি, পৰিয়ালবৰ্গক আপোনজনক হেৰুৱাই পোৱা চূড়ান্ত দুখৰপৰা ৰক্ষা কৰিব পাৰে।

আপোনালোকে ‘প্লেচিবো’ৰ নাম নিশ্চয় শুনিছে। যদি নাই শুনা, তেন্তে মনত ৰাখি থওক। কিয়নো, আপোনাক আত্মহত্যাৰ প্ৰৱণতাৰপৰা দূৰত ৰখাত ইয়াৰ গুৰুত্ব অপৰিসীম। প্লেচিবো হ’ল কোনো ঔষধ বা বেজি বা কোনো চিকিৎসা প্ৰক্ৰিয়াৰ বিকল্প। ইয়াৰ মুখ্য লক্ষণ হ’ল যে ইয়াত কোনো ধৰণৰ ঔষধিয় গুণ নাথাকে। নতুন কোনো ঔষধৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিবৰ বাবে প্লেচিবোৰ ব্যৱহাৰ বহুদিন আগৰেপৰা হৈ আহিছে। ধৰক, ৰক্তচাপ কম কৰিবৰ বাবে কোনো নতুন ঔষধৰ আৱিষ্কাৰ হ’ল আৰু ইয়াৰ কাৰ্যকাৰিতাৰ প্ৰমাণ চাবৰ বাবে এদল লোকক এই নতুন ঔষধ দিয়া হ’ল আৰু আন কিছু লোকক তেওঁলোকৰ অজানিতে দিয়া হ’ল প্লেচিবো, অৰ্থাৎ এনে কোনো দ্ৰব্য যাৰ কোনো ঔষধিয় গুণ নাই; যেনে পানীৰ বেজি বা তেনে কোনো বিকল্প। এতিয়া এই দুয়োটা দলৰ লোকসকলৰ প্ৰতিক্ৰিয়া চাই সেই বিশেষ ঔষধবিধৰ গুণাগুণ নিৰ্ণয় কৰা হয়। এনে পৰীক্ষা-নিৰীক্ষাৰ আৰম্ভণিতে প্লেচিবো প্ৰয়োগ কৰা লোকসকলক জানিবলৈ দিয়া নহৈছিল যে তেওঁলোকৰ ওপৰত প্ৰকৃত ঔষধৰ সলনি প্লেচিবোহে প্ৰয়োগ কৰা হৈছে। কিন্তু অতি আচৰিতধৰণে পিছৰ পৰীক্ষাবোৰত দেখা গ’ল যে প্লেচিবো প্ৰয়োগ কৰাৰ পূৰ্বে যদি কৈ দিয়াও হয় যে তেওঁলোকৰ ওপৰত প্ৰকৃত ঔষধৰ সলনি প্লেচিবোহে প্ৰয়োগ কৰা হৈছে, ফলাফল একেই থাকিল। অৰ্থাৎ, মানুহে প্ৰকৃত ঔষধ নহয় বুলি জানি লোৱাৰ পাছতো তেওঁলোকৰ শৰীৰে তেনেধৰণেই প্ৰতিক্ৰিয়া দেখুৱাইছে, যিদৰে প্ৰকৃত ঔষধৰ ক্ষেত্ৰত আশা কৰা হৈছিল।

প্লেচিবো প্ৰভাৱৰ কথা ভালদৰে বুজি পাবৰ বাবে এটি ঘটনাৰ আলম লওঁ আহকচোন। কাহিনীটো হ’ল এজন ৰাছিয়ান বিজ্ঞানীৰ। কোনো এজন কয়দীৰ ফাঁচীৰ আদেশ হোৱাৰ পাছত ৰাছিয়ান বিজ্ঞানীজনে তেওঁক লগ ধৰি অনুৰোধ কৰিলে যে যিহেতু তেওঁৰ মৃত্যু নিশ্চিত, যোৱাৰ আগে আগে তেওঁ মানৱতাৰ লাভৰ বাবে কিছু অৱদান আগ বঢ়াই যাব পাৰে। মৃত্যু তেওঁৰ হ’ব, কিন্তু পাৰম্পৰিকভাৱে ফাঁচীকাঠত ওলোমাই নহয়, বৰং বিষাক্ত সৰ্পেৰে দংশন কৰাই। কয়দীজন মান্তি হ’ল আৰু কৰ্তৃপক্ষৰদ্বাৰা কয়দীজন ৰাছিয়ান বিজ্ঞানীক গটাই দিয়া হ’ল। যথাসময়ত কয়দীজনক এক ভয়ংকৰ বিষাক্ত সাপ দেখুৱাই কোৱা হ’ল যে এই সাপটোৰ দংশনৰ ফলতেই তোমাৰ মৃত্যু হ’ব। কিন্তু শেষ সময়ত আতংকিত নকৰাবৰ বাবে তোমাৰ চকূ দূটা বান্ধি দিয়া হ’ব যাতে সাপটোৱে দংশন কৰা তুমি দেখা নোপোৱা। কয়দীজন মান্তি হ’ল। তেওঁ ইতিমধ্যেই ভয়ংকৰ বিষাক্ত সাপটোক দেখি যথেষ্ট আতংকিত হৈ পৰিছিল।

বিজ্ঞানীজনৰ নিৰ্দেশত সাপটোক আঁতৰাই দুটা বেজিৰে তেওঁৰ ভৰিৰ পতাত বিন্ধি দিয়া হ’ল। ঠিক সেইদৰে, যিদৰে বিষাক্ত সাপে দংশন কৰিলে দুটা দাঁতৰ দাগ বহে আৰু অতি আশ্চৰ্যকৰভাৱে প্ৰকৃত সৰ্পদংশনত হোৱাৰ দৰেই তেওঁ শৰীৰ নীলা পৰি আহিল আৰু মুখেৰে ফেন ওলোৱা আৰম্ভ হ’ল। মানুহৰ মানসিক শক্তিৰ প্ৰভাৱ কিমান বেছি সেইটো বুজিবলৈ বৰ অসুবিধা নহয়। সাপটোক দেখাৰ পাছৰেপৰা তেওঁৰ মনত কেৱল এটা চিন্তাই ক্ৰিয়া কৰি আছিল যে অলপ পাছতে সাপটোৱে তেওঁক দংশিব আৰু বিষক্ৰিয়াৰ ফলত নিশ্চিতভাৱে তেওঁৰ মৃত্যু হ’ব। তেওঁ ভাবি থকা কাৰণেই প্ৰকৃত সৰ্পদংশন নোহোৱাৰ পাছতো তেওঁৰ শৰীৰত সেই বিষাক্ত দ্ৰব্যবোৰ সৃষ্টি হ’ল। এনেকুৱা অনেক উদাহৰণ দিব পৰা যায়। ভয়ত ভূত দেখাটো এনেধৰণৰ আন এক উদাহৰণ। ভূত তেওঁলোকেহে দেখে যি ভূতক ভয় কৰে বা ভূত আছে বুলি বিশ্বাস কৰে। আৰু তেওঁলোকে ভূত দেখিছোঁ বুলি কোৱা কথাটো সম্পূৰ্ণ মিছাও নহয়। পাৰ্থক্য মাথোঁ এইটোৱেই যে এই ভূতৰ সৃষ্টিকৰ্তা তেওঁৰ মনটোহে।

এতিয়া আমি ভাবিবলগীয়া কথাটো হ’ল, ই আমাৰ জীৱনত কি প্ৰভাৱ পেলাব পাৰে। ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ’ব পাৰে। আামাৰ মনটো এটা অবোধ শিশুৰ দৰে। এটি শিশুৰদৰে ই অতি সহজে ভয় খায়, শংকিত হয় আৰু অতি সহজে শান্তও হৈ পৰে। আমি আমাৰ মনটোক যিমানেই ফুচুলাই ৰাখিম, সিমানেই মানসিক চাঁপজনিত কাৰকবিলাকৰ প্ৰভাৱ আমাৰ মনৰ ওপৰত কম হ’ব। ‘থ্ৰি ইডিয়ট’ চিনেমাখনত দেখুওৱাৰ দৰে মনটোক সদায় আশ্বাস দি থাকিব লাগে যে, সকলো ঠিকেই আছে, ‘অল ইজ ৱেল’। আপুনি যদি হেৰী পটাৰৰ চিনেমা চাইছে বা কিতাপ পঢ়িছে, আপুনি ‘ডিমেণ্টৰ’ নামৰ ভৌতিক চৰিত্ৰটোৰ লগত নিশ্চয় পৰিচিত। এই ভৌতিক চৰিত্ৰটোৰ খাদ্য হ’ল মানুহৰ সুখ আৰু আনন্দ আৰু সেইবাবে ই ইয়াৰ সংস্পৰ্শলৈ অহা যিকোনো মানুহৰ মনৰপৰা সুখ আৰু আনন্দ অপসাৰিত কৰি অভাৱনীয় বিষাদ আৰু হতাশাৰ ভাৱ জাগৃত কৰে আৰু শেষত যাঁচি দিয়ে মৃত্যুৰ চুম্বন। ইয়াক পৰাস্ত কৰাৰ উপায় এটাই, যাদুদণ্ডৰ সহায়ত এক বিশেষ মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব। কিন্তু সেয়াই যথেষ্ট নহয়। সেই মন্ত্ৰ উচ্চাৰণ কৰাৰ সময়ত মানুহজনে নিজৰ জীৱনৰ সকলোতকৈ আনন্দদায়ক স্মৃতি মনলৈ আনিলেহে মন্ত্ৰটো ফলপ্ৰসূ হ’ব। সেই আনন্দদায়ক স্মৃতি যিমানেই শক্তিশালী হ’ব, মন্ত্ৰৰ প্ৰভাৱ সিমানেই বেচি হ’ব। এইটো যদিও কাল্পনিক, আমাৰ জীৱনৰ লগত ইয়াৰ গভীৰ সম্পৰ্ক আছে। এই ‘ডিমেণ্টৰ’বিলাক আমাৰ হতাশাৰ প্ৰতীক। গতিকে কাৰোবাৰ মনত যদি হতাশাৰ ভাৱ আহিছে, তাক দূৰ কৰাৰ উপায় হ’ল, মনত যিকোনো প্ৰকাৰে আনন্দদায়ক স্মৃতি জাগ্ৰত কৰা। অৱসাদগ্ৰস্ত মানুহ এজন বহুত দিনৰ পাছত অন্তৰংগ বন্ধু এজন লগ পালে, পুৰণি হেৰোৱা সুৰ এটি শুনিলে বা মনে বিচৰা কাম এটা কৰিবলৈ পালে জীপাল হৈ উঠে। যিদৰে প্লেচিবো প্ৰভাৱত প্ৰকৃত ঔষধ নোখোৱাকৈও মানুহে ঔষধৰ প্ৰভাৱ দেখুৱাব পাৰে, তেন্তে মনৰপৰা অৱসাদ আৰু ঋণাত্মক অনুভূতি দূৰ কৰাত ই নিশ্চয় সহায়ক হ’ব।

কিছুদিন আগতে হোৱা সুশান্ত সিং ৰাজপুতৰ অকাল মৃত্যুৱে প্ৰায় সকলোকে জোকাৰি গ’ল। অসাধাৰণ প্ৰতিভাৱান এজন অভিনেতা, প্ৰতিভাশালী ছাত্ৰ, অমায়িক ব্যক্তি, ধনাত্মক চিন্তাৰে ভৰপূৰ এজন যুৱকৰ মৃত্যু সহজভাৱে লোৱা কঠিন। পৰিস্থিতি নিশ্চয় বিষম আছিল। কিন্তু তেনে পৰিস্থিতি আপোনাৰ যে নহ’ব তাৰ কোনো নিশ্চয়তা নাই। তেন্তে কি আপুনিও আত্মহত্যা কৰিব নেকি? নিশ্চয় নকৰে। কিয়নো আপুনি জানে, জীয়াই থকাৰ নামেই জীৱন। আপোনাৰ ওপৰত সময় যিমানেই কঠোৰ নহওক কিয়, পাৰ হৈ যাবই। আপোনাৰ সমস্যাবোৰ ভগাই ল’বলৈ, দিহা-পৰামৰ্শ দিবলৈ আপোনাৰ ওচৰত ভাল বন্ধু কেইজনমান সদায় থাকিবই। নিজক ভাল পাবলৈ শিকক। জন্ম লোৱাটো আপোনাৰ সিদ্ধান্ত নাছিল, জীৱন শেষ কৰাটো আপোনাৰ সিদ্ধান্ত কেনেকৈ হ’ব পাৰে? সময়ে সকলোবোৰ ঘাঁ শুকুৱাই দিব। কেৱল সময়ক অলপ সময় দিয়ক। আপোনাৰ সুখ বা দুখৰ কাৰণ কেৱল আপুনি। কিয়নো সুখ আৰু দুখ হ’ল কোনো সুবিধাজনক বা অসুবিধাজনক পৰিস্থিতিত আপোনাৰ নিজৰ প্ৰতিক্ৰিয়া। ই কোনো বাহ্যিক কাৰক নহয়। গতিকে যেতিয়াই মনটো ঋণাত্মক চিন্তাৰে ভৰিবলৈ আৰম্ভ কৰে, মনৰ শান্তি ব্যাহত হ’বলৈ ধৰে, তেতিয়া মনত পেলাব, আপোনাৰ শৰীৰত ‘সুখকাৰক ৰসায়ন’ৰ মাত্ৰা কমি গৈছে আৰু ‘দুখকাৰক ৰসায়ন’ৰ মাত্ৰা অধিক হৈ পৰিছে। আপুনি সচেতনভাৱে হলেও মনটোক কিছু আনন্দৰ খোৰাক দিয়ক। প্লেচিবোৰ নিচিনাকৈ মনটোক বুৰ্বক সজাওক। জোৰকৈ হ’লেও হাঁহক। কোনো এখন উপন্যাসত পঢ়া মনত পৰিছে, দুখবোৰ হ’ল বাঢ়নী পানীত উটি অহা মেটেকাৰ দৰে। আমি যদি মেটেকাবোৰ কাষলৈ চপাই আনি থাকোঁ, সেই মেটেকাৰ তলত সোমাই মৰিবও পাৰোঁ, কিন্তু তাকে নকৰি আঁতৰি দি অলপ বাট চালে সেইবোৰ নিজে নিজে দূৰলৈ উটি যাব। এতিয়া সিদ্ধান্ত আপোনাৰ হাতত। যাদুদণ্ড হাতত তুলি লওক আৰু উচ্চাৰণ কৰক হতাশাৰূপী ‘ডিমেণ্টৰ’ক দূৰ কৰিবলৈ সেই মন্ত্ৰ-
“এক্সপেক্টো পেট্ৰোনাম।” হৃদয়ত অৱশ্যেই থাকিব লাগিব সকলোতকৈ উজ্জ্বল, সকলোতকৈ শক্তিশালী আনন্দৰ স্মৃতি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!