আপুনি – কমল কুমাৰ তাঁতী

এক চিৰন্তন সত্য আৰু যাৰ দৰে
আপুনি সত্য
সেয়েই সত্য
আপুনি সত্য নহয়
সেয়েই সত্য

আপুনি অস্তিত্বত বিশ্বাসী যিদৰে
এজনে কাৰোবাৰ অস্তিত্বত
সেই অস্তিত্ব

যেনেদৰে মানুহৰ জন্ম হয় আৰু মৃত্যু ঘটে
যেনেদৰে জীয়াই থাকে মানুহ
যেনেদৰে জীয়াই জীয়াই মৃত্যুবৰণ কৰে মানুহ
সেই মানুহ
সেই অস্তিত্বত বিশ্বাসী মানুহ
জন্মতেই যাৰ মৃত্যু আৰু যন্ত্রণা

আপোনাক মোক সকলোকে
জন্মতেই শিকোৱা হৈছে
জীয়াই থাকিবলৈ মৃতকৰ দৰে
মৰিবলৈ মূৰ্খৰ দৰে
‘হট্টগোল’ কৰিবলৈ জ্ঞানীৰ দৰে
অচেতনৰ দৰে খাবলৈ আৰু শুবলৈ

আপুনি সর্বজনপ্রিয়
আপুনি ভালে থাকে সকলোৰে সৈতে
আপুনি পলায়ন কৰে
যুদ্ধক্ষেত্ৰৰপৰা
অকলশৰে
নিজৰ অস্তিত্বৰপৰা
অকলশৰে

আপুনি নীৰৱ সকলোতে নিসংগ
সকলোতে অঘৰী
আপুনি অঘৰী

আপুনি যে কয়
আমি প্রতিবাদ কৰাটো উচিত আছিল
কিহৰ প্রতিবাদ কিয় প্রতিবাদ নাজানে আপুনি

এক চিৰন্তন সত্য আৰু যাৰ দৰে
কেৱল আপুনিয়েই সত্য
সেয়েই সত্য
কেৱল আপুনিয়েই সত্য নহয়
সেয়েই সত্য

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!