আপুনি খাৰ খাই ভাল পাই নেকি? (বৰ্ণালী দেউৰী)
আপুনি খাৰ খাই ভাল পাই নেকি ?
বৰ্ণালী দেউৰী
পৄথিৱীত দেখা পোৱা কৰ্কট ৰোগ সমুহৰ ভিতৰত, পৰিসংখা অনুসৰি ইচোফেগাচৰ কৰ্কট ৰোগে দশম স্থান অধিকাৰ কৰি আছে | অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পুৰুষৰ ভিতৰত আটাইতকৈ সঘনে দেখা পোৱা কৰ্কট ৰোগৰ ভিতৰত ডিঙিৰ নলীৰ কৰ্কট ৰোগ অন্যতম | ভাৰতৰ বিভিন্ন ৰাজ্যৰ তুলনাত অসমত ইয়াৰ পৰিসংখা আটাইতকৈ বেছি | মহিলাৰ ক্ষেত্ৰতো ই দ্বিতীয় স্থানত আছে |
ডিঙি আৰু পাকস্থলী সংযোগ কাৰী দীঘল খাদ্যনলী দালকে ইচোফেগাচ বুলি কোৱা হ্য় | যদিও ইচোফেগাচৰ কৰ্কট ৰোগৰ কাৰণ এতিয়ালৈকে নিৰ্দিষ্টকৈ নিৰ্ধাৰণ হোৱা নাই আৰু ইয়াক বহুলাংশে বহুতো কাৰকৰ সমষ্টি বুলিহে কোৱা হয় | খাদ্যাভাষো ইয়াৰ অন্যতম কাৰক বুলি চিহ্নিত হৈছে |
এই ৰোগ সাধাৰণতে ৬০-৭০ বছৰ বয়সৰ মানুহৰ মাজত আটাইত কৈ বেছিকৈ দেখা যায় | ইয়াৰ প্ৰ্ধান লক্ষণ সমূহ হ’ল- কোনো গোটা বস্তু খাওঁতে দিঙিত লাগি ধৰা অনুভৱ কৰা, পিছলৈ পনীয়া বস্তুৰ কাৰণও হ’ব পাৰে | ওজন কমি যোৱা, বিষ অনুভৱ কৰা, মাত ভাঙি যোৱা, বহুদিনীয়া কাঁহ, ইত্যাদি |
এই আলোচনাটিত আমি কেনেকৈ কিছুমান কাৰকে এই ৰোগক প্ৰভাৱিত কৰে আৰু খ্যাদাভাষ আৰু জীৱন প্ৰণালী সলনি কৰি কেনেকৈ এই ৰোগৰ পৰা বহু পৰিমাণে হাত সাৰিব পাৰি তাকে আলোচনা কৰা হ’ব |
উন্নত দেশ সমুহ্ত ধঁপাত সেৱন আৰু মাদক দ্ৰব্য ই এই ৰোগৰ প্ৰ্ধান কাৰণ হিচাবে বিবেচিত হৈছে | মাদক দ্ৰব্যৰ সেৱনৰ ক্ষেত্ৰত দীৰ্ঘ দিনৰ কম পৰিমাণৰ সেৱনত্কৈ , সপ্তাহ্ত >২০০গ্ৰাম ত্কৈ বেছি সেৱন বেছি বিপজ্জন্ক বুলি প্ৰ্মাণিত হৈছে | এজন মানুহে যদি দিনে ১৩ আউন্চত্কৈ বেছি মাদক দ্ৰব্য দীৰ্ঘ দিনৰ বাবে সেৱ্ন কৰে তেওঁৰ এই কৰ্কট ৰোগ হোৱাৰ সম্ভাৱ্না ১৮ শতাংশ বাঢ়ি যায় | লগতে তেওঁ যদি ১ বা ২ পেকেট চিগাৰেট খাই তেন্তে এই সম্ভাৱ্না ৪৪% শতাংশ বৄদ্ধি পায় | আকৌ ১৫ বছৰৰ বেছি ধঁপাত সেৱন কৰা মানুহৰ আন মানুহৰ তুলনাত এই প্ৰবণতা বেছি বুলি ধাৰণা কৰা হৈছে |
উন্নয়্ন শীল দেশ সমূহত যেনে চীন , ভাৰত ,ইৰাণ আদিত আকৌ বিভিন্ন ধৰণৰ চোবোৱা অভ্যাস , ধূমপান, অপুষ্টিকৰ আহাৰ, সতেজ ফলমূল আৰু শাক-পাচলিৰ অভাৱ আদিয়ে মূখ্য ভুমিকা পালন কৰিছে |
গতিকে দেখা গ’ল এই ৰোগৰ মূখ্য কাৰক সমূহ হ’ল….
১) ধঁপাত সেৱন
২) মাদক দ্ৰব্য
৩) ডিঙি আৰু মুৰৰ কৰ্কট ৰোগৰ সমস্যা থকা
৪) সঘনাই হোৱা ইচফেগাচৰ সংক্ৰমণ
৫) ৰেডিয়েচন থেৰাপী
৬) পামাৰ-ভিনচন সিন্ড্ৰম
৭) একাইলেচিয়া
৮) তামোল পান
৯) কলাখাৰ
১০) বেৰেট ইচোফেগাচ
১১) আচাৰত থোৱা শাক –পাচলি , যিবিলাক ভেকুৰ বা অনান্য বেক্টেৰিয়াৰ দ্বাৰা
আক্ৰমনিত হৈছে |
১২) ভিটামিন “চি”, “ই”, ’ৰাইব’ফ্লেভিন’, চেলেনিয়াম আৰু জিংঙ্ক ইত্যাদি দেহৰ প্ৰয়োজনীয় খনিজ পদাৰ্থ সমূহৰ অভাৱ
১৩) গেষ্ট্ৰো-ইচফেজিয়েল ৰিফ্লাস্ক দিসিজেজ
১৪) সতেজ ফলমূল আৰু শাক –পাচলি কমকৈ খোৱা
১৫) বেছি পৰিমাণৰ মাংস ( ৰেড মিট ), আৰু নাইট্ৰেট যুক্ত আহাৰ
১৬) অতিপাত গৰম অৱ্স্থাতে পানীয় সেৱন ( ধোঁৱা বলি থকা চাহ, কফি, [স্কেলডিং হ’ট] আদি )
১৭) অতিপাত জ্বলা আহাৰ বা অতি বেছি জলকীয়া খোৱা
এতিয়া চাঁও আহক কেনেকুৱা ধৰণৰ অসমীয়া খাদ্য বা খাদ্যাভাষ এই ৰোগৰ সহায়ক কাৰক হিচাবে বিবেচিত হৈছে |
তামোল পান অসমীয়া মানুহৰ দৈনন্দিন জীৱনৰ এক এৰাব নোৱাৰা অঙ্গ | তামোল পান চূন ধপাত লৈ বা নলৈ আহাৰ খোৱাৰ পাছ্ত মুহুদি কৰাতো আমাৰ প্ৰায়ভাগ মানুহৰে অভ্যাস | ভাৰত স্বাস্থ্য সন্থাৰ, লাহোৱাল, ডিব্ৰুগঢ়ত অৱস্থিত আঞ্চলিক গবেষণাগাৰত , ইচফেগাচৰ কৰ্কট ৰোগী আৰু ৰোগমুক্তৰ ওপৰত তামোল পান, চূণ আৰু ধপাঁত সেৱ্নৰ প্ৰভাৱৰ ওপৰত এটি সমীক্ষা চলোৱা হৈছিল | সমীক্ষাত দেখা গ’ল যে তামোল দিনে খোৱা সংখ্যা, কিমান বছৰত আৰম্ভ কৰিছে, আৰু কিমান বছৰৰ পৰা খাই আছে এই সকলোবোৰে ইয়াৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় | দিনে ২০ খন বা অধিক তামোল খোৱা মানুহৰ ক্ষেত্ৰত আন নোখোৱা মানুহৰ তুলনাত পুৰুষৰ বাবে এই কাৰক ১৩.৩ শতাংশ, মহিলাৰ বাবে ৫.৭ % বৄদ্ধি পায় | ২০ বছৰৰো অধিক কাল খোৱা মানুহৰ, পুৰুষৰ ১০.৬ % , মহিলাৰ ৭.২%, আৰু ২০ বছৰৰ আগতেই আৰম্ভ কৰা লোক সকলৰ পুৰুষৰ ১০.৩ % , মহিলাৰ ৫.৩% সম্ভাৱনীয়তা বৄদ্ধি পায় | আন এবিধ আমাৰ আখলৰ জুটি লগা খাদ্য কলাখাৰোকো ইয়াৰ অন্যতম কাৰক হিচাবে ধাৰণা কৰা হৈছে | আগৰ দিনত ভীম কলৰ বাকলি , বা গা-গছ শুকুৱাই , পুৰি তাৰ পৰা প্ৰস্তুত কৰা হৈছিল , খাৰ | সমগ্ৰ অসমতে খাৰৰ ব্যাপক প্ৰচলন আছে | তাৰ পৰাই হয়তো প্ৰচলন হ’ল “খাৰ খোৱা অসমীয়া” এই বাক্য শাৰী | খাৰত থকা এলকালীৰ পৰিমাণ যথেষ্ট বেছি বাবে , সপ্তাহত তিনি দিনকৈ খাৰ খালে ইচোফেগাচৰ কৰ্কট ৰোগৰ সম্ভাৱনা আন লোকত্কৈ ৪ গুন বৄদ্ধি পায় | শুকান মাছ বা ধোঁৱা চাঙত দিয়া মাছ বা মঙহো উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ নাক আৰু ডিঙিৰ কৰ্কট ৰোগৰ অন্যতম কাৰক বুলি বিবেচিত হৈছে |
সহায় লোৱা পুস্তিকা সমূহ :
1) Role of Dietary Habits in the Development of Esophageal Cancer in Assam, the North- DOI:10.1207/S15327914nc392_7
Rup Kumar Phukan, Chandra Kanta Chetia, Mir Shahadat Ali & Jagadish Mahanta
Regional Medical Research Centre,Indian Council of Medical Research, North East Reagion,Assam ,
Journal : Nutrition and Cancer Vol 39, Issue 2
2)Beetle Nut and Tobacco Chewing , potential risk factors for cancer of esophagus in Assam, India,
Rup Kumar Phukan, Chandra Kanta Chetia, Mir Shahadat Ali & Jagadish Mahanta
Br J Cancer 2001 Sept 1 ; 85(5) : 661-7