আপুনি যন্ত্ৰ হ’ব বিচাৰে নেকি ??? (সুস্মিতা বৰা)

বৰ্তমানৰ আধুনিক সমাজত সকলোৰে মাজত যন্ত্ৰ হোৱাৰ প্ৰৱণতাই গা কৰি উঠা দেখা গৈছে ৷ যদিহে বৰ্তমানৰ পৃথিৱীখনৰ সৈতে তাল মিলাই আপুনি যন্ত্ৰ হ’ব পাৰিছে তেন্তে এই পৃথিৱীত এটা দাম আছে ৷ জীৱনৰ মৌলিক উপাদান কেইটা আহৰণৰ বাবে স্বাৰ্থপৰৰ দৰে যদি আপুনি নিজকে দৌৰাই ফুৰাব পাৰিছে তেন্তে আপুনি এক সম্ভ্ৰান্ত শ্ৰেণীৰ যন্ত্ৰ হ’বলৈ আগবাঢ়িছে ৷ তাৰ মাজতেই কোনোবাই বুটামটো টিপি দিলেই জ্বলি উঠা বিজুলী বাতিৰ দৰে বাংলাদেশী বিতাৰণ , সোৱনশিৰি বান্ধ , হাজাৰ কোটি টকীয়া দুৰ্নীতি, ফেচবুক , হেমকোষ এইবোৰত সৰৱ হৈ পৰা আন্দোলন বোৰত হয়ধ্বনি দিয়াত আপুনি নিপুণ তেন্তে বুজিব লাগিব যে সঠিক ভাৱে নিৰূপিত কৰিব পাৰিছে আপোনাৰ যান্ত্ৰিক জীৱন ৷ বিভিন্ন কাৰণত দিয়া বন্ধবোৰ সফল কৰিবলৈ মুৰ্গী মাংস , পোলাও , দূৰদৰ্শনটোৰ সৈতে বিদেশী পানীয়ৰ জুতি লোৱোতো আপুনি পিচপৰা নহয় ৷ আপোনাৰ দৰ্মহাৰ পৰা এটকা কমালেই কৰ্তব্য নকৰি অনশন কৰিবলৈ সদা প্ৰস্তুত যন্ত্ৰ আপুনি ৷ কিন্তু ৰাজ্যৰ বাহিৰৰ পৰা অহা সামগ্ৰীৰ বাবেই যে আমাৰ থলুৱা কৃষকে কম দামতে সামগ্ৰী বিক্ৰি কৰিব লগা হৈছে তাত আপুনি মাত নামাতে কাৰণ সেয়া আপোনাৰ বিষয় নহয় ৷

বিহু , পূজা , জন্ম দিনত নিজৰ ল’ৰা- ছোৱোলীক আপুনি উপহাৰ দিয়ে লেপটপ , ভিডিঅ’ গেম , ম’বাইল নতুবা বাইক ৷ সেই সময়ত আপুনি পাহৰি যায় যে গাৱঁত থকা আপোনাৰ দেউতাৰ চশমাৰ এডাল নাল তেওঁ ফটাকানি মেৰিয়াই হে বান্ধি ৰাখিছে ৷ আপোনাৰ পত্নীক যেতিয়া কোনোবা দামী শ্ব’ ৰুমৰ পৰা হাজাৰ টকীয়া শাৰী বা লাখ টকীয়া এটা গহনাৰ ছেট কিনি দিয়ে তেতিয়া আপোনাৰ স্মৃতিয়ে আপোনাক ফাঁকি দিয়ে ৷ আপোনাৰ মনলৈ নাহে আপোনাৰ জন্মদায়িনী মাতৃয়ে পিন্ধা ফিচিকি যোৱা চাদৰ খন অথবা পুষ্টিহীনতাত ভোগা তেখেতৰ কোটৰগ্ৰস্ত চকুযোৰ ৷ আপোনাৰ গাৱঁৰ ঘৰলৈ যোৱাৰ দুৰ্বাৰ ইচ্ছা হ’লেও আপুনি যাব নোৱাৰে কাৰণ আপোনাৰ পত্নী , পুত্ৰ , কন্যাই সেইবোৰ ঠাইত থাকিব নোৱাৰে ৷ কংক্ৰীটৰ অৰণ্য এৰি কেচাঁ মাটিৰ স্পৰ্শ তেওঁলোকৰ বাবে বিজাণুৰ বাহক স্বৰূপ ৷ নামঘৰ ,

বিহু , শংকৰদেৱ , জ্যোতিপ্ৰসাদ সিহঁতৰ বাবে সাধাৰণ জ্ঞানৰ কিতাপত থকা কিছুমান প্ৰশ্নৰ উত্তৰ মাথোন ৷ উত্তৰ আধুনিকতাবাদত বিশ্বাসী আপোনাৰ পৰিয়ালত নিজৰ মাতৃভাষাত কথা পতাটোতকৈ মৰ্যাদাহানিকৰ কাম একো নাই ৷ সেয়ে আপুনি নিজৰ সন্তানক নাম ভৰ্তি কৰি দিছে চহৰৰ আটাইতকৈ দামী ইংৰাজী মাধ্যমৰ স্কুলখনত ৷ আপুনি ঈশ্বৰ আৰু জ্যোতিষী বিশ্বাসী ৷ নামঘৰ অথবা মছজিদলৈ আপুনি মোটা অংক বৰঙনি আগবঢ়ায় ৷ বিহু সন্মীলন জাতীয় অনুষ্ঠান বোৰত উপদেষ্টাৰ শাৰীত আপোনাৰ নাম প্ৰায়েই থাকে কিন্তু সেইসময়ত আপুনি ফুৰিবলৈ যায় কাশ্মীৰ অথবা কন্যাকুমাৰীলৈ ৷ নাম প্ৰকাশ কৰি সদনাম আৰ্জিবৰ বাবে আপুনি কাকত- আলোচনীত মাজে –সময়ে লিখা- মেলা কৰে ৷ পঢ়িবৰ বাবে নহ’লেও আনক দেখুৱাবৰ বাবে আপোনাৰ আছে কেইবাটাও কিতাপ ভৰ্ত্তি আলমাৰী ৷

বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সৈতে জড়িত আপোনাৰ নাম ৷ কিন্তু বাটত এগৰাকী মানসিক ৰোগী দেখিলে মুখ খন ঘুৰাই দিয়াত অলপো পলম নকৰে আপুনি ৷ এইদৰেই আৱেগ অনুভূতিক জলাঞ্জলি দি আপুনি হৈ পৰিছে সম্পূৰ্ণ এটা যন্ত্ৰ ৷

 

সহানুভূতিৰ একলম :  আপোনালৈ

মনত পেলাওঁক এদিন আপুনিও মানুহ আছিল ৷ আপোনাৰ দেউতাই মাটি বন্ধকত থৈ আপোনাক উচ্চ শিক্ষাৰ বাবে পঠিয়াইছিন ৷ মায়ে চকুপানী টুকি আপোনাক আগবঢ়াই দিছিল তেওঁৰ সাচঁতীয়া টকাকেইটা ৷ গাৱঁৰ ভাল ঢুলীয়া আছিল আপুনি , ভাওনাত অৰ্জুনৰ ভাও লৈছিল কেইবাবাৰো ৷ মাঘৰ বিহুৰ উৰুকাৰ দিনা জেওৰা চুৰ কৰিছিল আপুনি , পইতা ভাত-পোৰা মাছেৰে ভাত খোৱা মানুহ আছিল আপুনি ৷ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ শিক্ষাগুৰুৰ প্ৰিয় ছাত্ৰ আছিল আপুনি ৷ সময়ৰ কোবাল সোতঁত কেতিয়া মানুহৰ পৰা যন্ত্ৰলৈ পৰ্য্যবসিত হ’ল আপুনি গমেই নাপালে ৷ আপোনাৰ পুত্ৰ- কন্যা শ্ৰেণীৰ আটাইতকৈ চোকা ছাত্ৰ- ছাত্ৰীৰ মাজৰ এটা তথাপিও আপোনাৰ সংশয় নাতঁৰে কাৰণ আপুনি জানে যে ঘোচ নিদিলে সিহঁতে এটা ভাল প্ৰতিষ্ঠানত পঢ়াৰ বাবে আসন নাপায় , অথবা পৰৱৰ্তী সময়ত নাপায় এটা ভাল চাকৰি ৷ তাকেই কৰিবলৈ যাওঁতে আপুনি ঘটিব লগা হয় ক’লা ধন ৷ যিহেতু আপোনাৰ জীৱন আপোনাৰ পুত্ৰ- কন্যা , পত্নীৰ মাজত সীমাৱদ্ধ গতিকে এনে কৰিবলৈ আপুনি বাধ্য ৷ যদিহে জীৱনৰ লক্ষ্য ধন- সম্পত্তি সেই কথা আপুনি বুজি উঠিছে তেন্তে আপুনি সফল যন্ত্ৰ হ’ব পাৰিছে ৷ আপোনালৈ শুভ- কামনা থাকিল ৷

 

অনুৰোধ :  আপোনালৈ

পৃথিৱীত জনসংখ্যা বাঢ়িছে কিন্তু সেই অনুপাতে বঢ়া নাই ’ মানুহৰ ’ সংখ্যা ৷ আপুনি আপোনাৰ পৰৱৰ্তী প্ৰজন্মক দিবলৈ চেষ্টা কৰক মানৱীয়তাৰ পাঠ ৷ তেওঁক শিকাওঁক –নিজৰ ঐতিহ্যক শ্ৰদ্ধা কৰিবলৈ তথা সেই ঐতিহ্যক জীয়াই ৰখাৰ চেষ্টা কৰিবলৈ ৷ তেওঁলোকক শিকাওঁক যে অগ্ৰজসকল আমাৰ বাবে সন্মানীয় ৷ তেওঁলোকক শিকাওঁক যে  দুৰ্নীতি নকৰাকৈও জীয়াই থাকিব পাৰি, সুখেৰে ৷ নিজৰ সাহিত্য- সংস্কৃতিক সন্মান কৰিবলৈ শিকাওঁক তেওঁলোকক ৷ আনৰ উপকাৰৰ বাবে সদা প্ৰস্তুত থাকিব পৰাকৈ গঢ়ি তোলক তেওঁলোকক ৷ ধন সৰ্বচ্চ পৃথিৱীত জীৱনবোধৰ গুৰুত্ব তেওঁলোকক বুজাই দিয়ক আপুনি ৷ কেৱল সেইখিনি কৰিলেই তেওঁলোক আগবাঢ়িব পাৰিব মানুহ হোৱাৰ জোনাকী বাটত ৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments