আপুনি লাহে লাহে মৰিব ধৰিছে- পাবলো নেৰুদা( অনুবাদ: ডা° ভূপেন্দ্ৰ শইকীয়া)
আপুনি লাহে লাহে মৰিব ধৰিছে
১- যদি নকৰে কোনো যাত্ৰা, নপঢ়ে কোনো কিতাপ
নুশুনে জীৱনৰ ধ্বনি, নকৰে কাৰো প্ৰশংসা
২- শেষ কৰিছে স্বাভিমান, আনৰ সহায় নলয় আৰু নকৰে সহায় আনকো
৩- যদি হৈছে দাস নিজৰ অভ্যাসৰ,
গৈ থাকে নিতৌ একে পথেৰে, সলনি নকৰে নিজৰ নিয়ম ব্যৱহাৰ
নিপিন্ধে আন ৰঙ, নামাতে নাপাতে কথা অচিনাকী যেন লগাজনৰ সৈতে
৪- অন্তৰৰ আৱেগ নকৰে অনুভৱ,
নহয় হৃদগতি ক্ষিপ্ৰ বা সজল দুনয়ন ভাৱনাৰ ঢৌত
৫- অসন্তুষ্ট, তথাপিও নোৱাৰে কৰিব সলনি নিজ জীৱন পথ
অনিশ্চয়তাৰ ভয়ত নিশ্চয়তাৰ মোহ নোৱাৰে ত্যাগিব
নোখোজে দৌৰিব সপোনৰ পিছত
নিদিয়ে অনুমতি নিজকে,
কমেও এবাৰ,
সুবিধাজনক পৰামৰ্শৰ বিপৰীতে গৈ চোৱাৰ…