আপেক্ষিক – দীপাঞ্জলি পাঠক
আজিকালি জোন অথবা জোনাকৰ সৈতে
ৰাতিৰ আড্ডা বৰকৈ নজমে
গাভৰু তৰাজাকৰ চঞ্চল চাৱনিয়েও
বহুদিন মোৰ টোপনি কাঢ়িব পৰা নাই
অথচ এইটো সঁচা নহয় যে মই শুই আছোঁ
কিম্বা অৱজ্ঞা কৰিছোঁ হৃদয়াবেগে জীপাল কৰা
বিমূৰ্ত সুখৰ প্ৰতিটো ৰমনীয় ক্ষণ
মই শুব পৰা নাই
মাথোঁ নিশ্চল হৈ পৰি আছোঁ।
টোপনিৰ নামত নিচুকাই আছোঁ
চেতনাৰ গভীৰতাত আন্দোলিত
এসাগৰ আবেগৰ জোঁৱাৰ
আৰু শিলাময় উপকূলত খুন্দিয়াই উভটি যোৱা
অগণিত উত্তৰহীন প্ৰশ্ন
তুমি ঠিকেই কৈছিলা
আমাৰ বয়স নাবাঢ়ে
আমি মাথোঁ বাঢ়োঁ বয়সৰ দিশে
যেতিয়াই আমি উদ্দত হাতখন কোঁচাই আনো
জোন, তৰা অথবা প্ৰিয় ফুলপাহৰ পৰা
যেতিয়া ডেও দিয়া ল’ৰালিয়ে
আকাশৰ নাকটি নিছিগে
আৰু শীতলভাৱে সম্ভাষণ জনায়
প্ৰগলভা বসন্তৰ প্ৰলুব্ধকৰ হাঁহিক
তেতিয়াই আমি বতাহত কেৱল উশাহ লওঁ
আৰু জীয়াই থকাৰ অনুশীলনৰ নামান্তৰত
চলি থকাৰ নামেই জীৱন বুলি পতিয়ন যাওঁ
তেতিয়াই সুখ -অসুখৰ মাজৰ দুৱাৰদলিত
প্ৰাণোচ্ছল সময়ৰ সমস্ত সম্ভাৱনীয়তাক আমি অস্বীকাৰ কৰোঁ
আৰু ৰূপালী চুলিৰ ছাঁয়াত অকাতৰে লুকুৱাই থওঁ
উচ্ছাসহীন কামনাৰ শেঁতা পৰা জোনটো
তুমি ঠিকেই কৈছিলা
আমাৰ বয়স নাবাঢ়ে
কেৱল আমি বাঢ়োঁ বয়সৰ দিশে
য’ত গতিৰ যতিয়ে সাগৰ শুকুৱায়
নদীখন জাহ যায় এচলু পানীৰ মায়াত
আৰু আমি হামৰাও কাঢ়োঁ এজাক বৰষুণৰ বাবে
তুমি কৈছিলা
বৰষুণৰ নিচান কঢ়িয়াই অনা মেঘৰ সমদলটো
মোৰ চোতালতে ৰৈছিল
মইচোন নেদেখিলোঁ
(নে মই নেচালোঁ!)
তুমি ঠিকেই কৈছিলা
আজিকালি মই সহজে একোকে নেদেখোঁ
নেদেখোঁ তোমাৰ মুখৰ জোন সুখৰ হাঁহি
নামহীন বিষণ্নতাত কঁপি উঠা চকুৰ পাহি
নেদেখোঁ তোমাৰ দিবা-নিশাৰ অস্থিৰ উন্মাদনা
কলিজা দহা বুকুৰ সীমাহীন আকুলতা
মই নেদেখোঁ, একোকেই নেদেখোঁ
অথবা দেখিও নেদেখাৰ সহজ অজুহাতত
পোহৰৰ স্বচ্ছতাক অহৰ্ণিশে সন্দেহ কৰোঁ
কাৰণ মই হয়তো ধৰি লৈছোঁ যে
মোৰ চকুত চামনি পৰিছে
যিদৰে মই ভাৱিবলৈ লৈছোঁ যে মোৰ বয়স বাঢ়িছে।