আপেল কেক – মেদিনী মেধী

 

পদ্ধতিঃ

আপেল এটা জোনবাইৰ আকাৰত কাটি ললো৷

এক কাপ ময়দা,
আধা কাপ কাচটাৰ্দ পাউদাৰ,
এক কাপ চেনি (আধা কাপ গাখীৰ গৰম কৰি চেনিখিনি দি গলাই ললো),
এক চাহ চামুচ বেকিং পাউদাৰ,
এক চিকুট বেকিং চ’ডা,দুইটুপাল গোলাপ জল,
কণী ৩টা,
ৰিফাইন এক কাপ
দুটোপাল ৰং
এক চিকুট নিমখ

 

গোটেইখিনি বস্তু এটা বাচনত ফেটি ললো

কেক তৈয়াৰ কৰা বাচনটোৰ তলত ৰিফাইন সানি বাটাৰ পেপাৰ পাৰি দিলো৷ আপেলবোৰ তলত সজাই দি কেক মিশ্ৰণটো ঢালি দিলো৷

ইনদাকচনত কেৰাহী পাতি গৰম হোৱাত চাৰি চামুচ নিমখ দি গৰম হ’বলৈ দিলো৷ নিমখখিনিৰ ওপৰত এডাল ষ্টেণ্ড দি তাৰ ওপৰত কেক তৈয়াৰ কৰা বাচনটো পাতি কেৰাহীৰ ঢাকোন টানকৈ মাৰি দিলো৷ ইনদাকচনখন ৭ ত থলো৷

(গেচ হ’লে চিমত থব)৷ ৪০ মিনিটত আপেল কেক সাজু৷

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!