আপোনাৰ তেখেতৰ পৰা সাৱধানে থাকক (উদ্দীপ তালুকদাৰ)

(ধেইত্‌! আমাৰ অসমৰ নিউজ চেনেলহে! বিশ্বমন্দাৰ কথা কৈছে যদি সেয়া আৰু দহ পোন্ধৰ বছৰ পাছত হ’ব কিজানি! নাইবা দহ পোন্ধৰ বছৰ আগৰ নিউজো হ’ব পাৰে। তথাপি বহি থাকোঁতেই বাতৰিটো ওলালেই…)

 

আপোনাৰ তেখেতৰ পৰা সাৱধানে থাকক

 

উদ্দীপ তালুকদাৰ

 

এনেয়ে কিবাকিবিঃ
মই ক’ম বুলি কোৱা নাই। টিভিতহে দেখিছোঁ। দেখিছোঁ মানে দেখা নাই আচলতে, এক্সট্ৰাপ’লেট কৰিছোঁ। কেইদিনমান আগৰ কথা। টিভিত দেখোঁ ব্ৰেকিং নিউজ। ব্ৰেকিং মানে টিভিৰ পৰ্দাখনৰ নিম্নাংশত ওলাই থকা তথা গতিশীল বাতৰিৰ শিৰোনামবোৰ। ‘বেংকত আপোনাৰ ধন কিমান নিৰাপদ?’—শিৰোনামটো বাৰে বাৰে দেখি দেখি চিন্তাই লাগিল। কি বা হ’ল এইবাৰ? বেংকবিলাক  ডুবিব নেকি? বিশ্বমন্দাৰ দৰে কিবা এটা আকৌ আৰম্ভ হ’ল নেকি? দুই মিনিটহে ভাবিছিলো এনেকৈ। তাৰ পাছতেই মনত পৰিল..’ধেইত্‌! আমাৰ অসমৰ নিউজ চেনেলহে! বিশ্বমন্দাৰ কথা কৈছে যদি সেয়া আৰু দহ পোন্ধৰ বছৰ পাছত হ’ব কিজানি! নাইবা দহ পোন্ধৰ বছৰ আগৰ নিউজো হ’ব পাৰে। তথাপি বহি থাকোঁতেই বাতৰিটো ওলালেই…

‘দেহৰ ঘাম পানী কৰি অৰ্জা টকা আপুনি বেংকত জমা থৈ নিশ্চিত হৈ টোপনি যায় নেকি? তেনেহ’লে আজি আমি এনেকুৱা ঘটনা দেখুৱাম যে আপোনাৰ টোপনি উৰি মঙল গ্ৰহ পাবগৈ। এইটো অমুক বেংক (বেংকটোত সকলোৱে কামত ব্যস্ত। চবেই নিজৰ কাম কৰি আছে।)। ইয়াত টকা জমা ৰাখিছিল এখেত শ্ৰীমান অমুকে। কিন্তু আজি পুৱা পইচা উলিয়াবলৈ গৈ দেখে তেওঁৰ একাউণ্টত টকা কমি আছে। ক’লৈ গ’ল সেই টকা! বেংকৰ ভিতৰতে ধন নোহোৱা হোৱাৰ এয়া প্ৰথম ঘটনা নহয়। এই বিষয়ে বেংকৰ মেনেজাৰক সোধাত তেওঁ কৈছে যে কোনোবাই ঠগবাজী কৰি এ টি এমৰ পৰা টকা উলিয়াই নি আছে। আন্তৰাষ্ট্ৰীয় প্ৰতিষ্ঠান যেনে চি চি এভিনিউ, বিলডেস্ক আদিৰ একাউণ্টলৈ মানুহজনৰ টকা গুচি গৈছে। আপোনাৰ বেংকৰ টকা এনেদৰে হৰলুকি হ’ব পাৰে।’—বুঢ়া মানুহজনক কেমেৰাৰ আগলৈ আনি মন্তব্য-প্ৰতিক্ৰিয়া লোৱা হ’ল। সাধাৰণ মানুহ এজন। টকা নোহোৱা হোৱাৰ বাবে দুখ পাইছে যদিও টিভিত ওলাবলৈ পাই দুখ-চুখ পাহৰিলে। তথাপি সাংবাদিকে প্ৰায় মুখত সুমুৱাই দিয়া শব্দবিলাক গাওতে অলপ গণ্ডগোল কৰি হ’লেও ঠিকেই ক’লে।”

যি নহওক। শ্বট লোৱা শেষ হ’বলৈ নাপালেই। বুঢ়াৰ ঔৰসৰ সুযোগ্য ফলাফলটো বাইক এখনত উঠি আহি সেইখিনি পালেহি! ‘আবে বুঢ়া, টিভিত ওলাইছ বে! পাৰ্টি দিবি দেই। মোক এতিয়াও পাৰ্টিটোৰ কাৰণে পাঁচখন নম্বৰী দে না।’  বুঢ়াই নিদিয়ে, বোপাই নেৰে। অৱশেষত তিনিখন নম্বৰী লৈহে বাইকখনসহ সেইজনা গ’লগৈ। তেতিয়াহে বুঢ়াই লক্ষ্য কৰিলে, পুতেকৰ ভৰিত এযোৰ ৰিবকৰ জোতা আৰু চকুত ৰে’বেনৰ ছানগ্লাছ! সেইবিলাক কিনিবলৈ পুতেকক পইচা দিয়াৰ কথা কিন্তু মনত পেলালোব নোৱাৰিলে।

এই পাছৰখিনি টিভিত দেখুওৱা নাছিল। মই শুনিছোঁহে। কিন্তু এজনৰ টকা হেৰোৱা বাতৰিটোৰ শিৰোনামা যদি “আপোনাৰ ধন বেংকত নিৰাপদ নহয়!” হয়, তেন্তে সেই যে ‘কটা মূৰ লৈ ফুৰাজন’, বা ‘প্ৰেমিকাৰ লগ-লাগি তেখেতনীৰ হত্যা’ বা ‘প্ৰেমিকৰ লগ-লাগী তেখতনীৰ দ্বাৰা তেখেতৰ হত্যা’–এনে বাতৰিবোৰৰ শিৰোনাম কি হ’ব?
১. “আপোনাৰ তেখেতৰপৰা সাৱধান হওক।”
২. “কেতিয়া আপোনাৰ ডিঙি ৰেপি দিয়ে কোনো ঠিক নাই।”
৩. “বিয়া বাৰু নপতাকৈ থাকক”
৪. “আপোনাক মৰাৰ আগতে আপুনিয়েই আত্মৰক্ষাৰ বাবে…”

—————————————————————————————————————————————————————————————

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!