আফ্ৰো-আমেৰিকান কবি নিকি জিওভানিৰ ‘I wrote a good Omlet’ শীৰ্ষক কবিতাৰ অনুবাদ – প্ৰকল্প ৰঞ্জন ভাগৱতী

‘মই এটা ভাল ওমলেট লিখিলোঁ’
নিকি জিওভানি

মই এটা ভাল ওমলেট লিখিলোঁ… আৰু খালোঁ
এটা গৰম কবিতা… তোমাক ভালপোৱাৰ পাছত

মোৰ গাড়ীখনত বুটাম মাৰিলোঁ… আৰু মোৰ কোটটো চলাই
ঘৰলৈ আহিলোঁ… বৰষুণতে…
তোমাক ভাল পোৱাৰ পাছত

মই সেউজ সংকেতত ৰ’লোঁ… আৰু ৰঙা সংকেতত
গ’লোঁ… ইয়াত থকা আৰু তাত থকাৰ মাজতে
কোনোবাখিনিত ভাঁহি ফুৰিলোঁ…
তোমাক ভাল পোৱাৰ পাছত

মই বিছনাখন সামৰিলোঁ… মোৰ
চুলিখিনি পাৰিলোঁ… অলপমান
দোধোৰ-মোধোৰত পৰিলোঁ… কিন্তু মই বেপৰোৱা…

মোৰ দাঁতবোৰ সামৰি থ’লোঁ… আৰু মোৰ গাউনটো
কুলকুলি কৰিলোঁ… তাৰপাছত মই থিয় হ’লোঁ…
…আৰু নিজকে পেলালোঁ…
শুবলৈ..
তোমাক ভাল পোৱাৰ পাছত

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!