আবেলিলৈ তোমাক লগ পাম (হৰি চন্দ্ৰ কোঁৱৰ মছৰ্ং)

আবেলিলৈ সময়কণ উলিয়াবা

তোমাক লগ পাম
দিশপুৰ হস্পিটেলৰ কাষত
অভাৰব্ৰীজৰ তলত

ফুচ্ কা খাম বুলি আশা নকৰিবা
নতুবা এপিয়লা চাহ
নেচকেফেৰ সোৱাদ লওঁ বুলি
নিবিচাৰিবা আবেলিৰ ৰং

এই যাব চান্দমাৰি , শিলপুখুৰী , কাছাৰী
ফেৰিৱালাৰ সস্তীয়া শব্দবোৰত
বিচাৰি চাবা কাহানিও নিবিচৰা
জীয়াই থকাৰ গান

ভাপত দিয়া পিঠাৰে চুমুক নিদিবা
মোৰ পৈণত অনুভৱত
কুণ্ডলী পকাই উৰি যাব
এৰি থৈ শত সহস্ৰ হেঁপাহ

ঘৰত মোক লৈ মুকলি আলোচনা
অচিনাকীক আপোন কৰাৰ আখৰা চলিছে
সিদ্ধান্ত হোৱা নাই এতিয়াও
তোমাৰ বাবেই ৰৈ আছোঁ মই

এমুঠি কোলাহলৰ সৈতে খোজ মিলাম
তোমাৰ সান্নিধ্যত হৃদয় জুৰাম
বৈ আনিবা এসাগৰ নীলা
শেষ হবলৈ নিদিও আবেলিৰ বেলি ।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!