আবেলিৰ চিন্তা(২) (– তনুৰূপা গোস্বামী)
———————–
আজি বঙাইগাওঁ জিলাৰ এক গাওঁ পঞ্চায়তলৈ গৈছিলোঁ কৰ্মসূত্ৰে৷ তাৰে এগৰাকী বৃদ্ধাই আমাক জনালে যে তেওঁক স্বচ্ছ ভাৰত মিছনৰ ফালৰপৰা দিয়া লেট্ৰিনটো আধা বনোৱা অৱস্থাতেই তেওঁৰ নাতি ল’ৰাই চকীৰে কোবাই কোবাই ভাঙি পেলাইছে, তেওঁক বিভাগীয় কৰ্তৃপক্ষই আকৌ নতুনকৈ সজাই দিয়ে যেন৷ বৃদ্ধাগৰাকীৰ অসহায় অৱস্থা দেখি দুখ লাগিল৷ মই সুধিলোঁ, “আইতা, আপোনাৰ নাতিল’ৰাই কিয় ভাঙিলে?
বৃদ্ধাৰ উত্তৰ, “নাজানো, তাৰ মাজে মাজে কি হয়, এবছৰমান হ’ল, শুয়েই থাকে, মাজে মাজে মাকৰ পৰা কাজিয়া কৰি টকা কাঢ়ি লৈ যায়, আহি আকৌ শুই থাকে, যেতিয়া টকা নাপায় তেতিয়া মাকক ধৰি কিলায়, ঘৰ দুৱাৰ ভাঙে৷ তাৰ মূৰৰ দোষ হৈছে চাগে, মাজে মাজে তাক বান্ধি থ’ব লগা অৱস্থা হয়৷ বহুত বেজক দেখালোঁ, ডাক্তৰক দেখালোঁ কোনোৱে ভাল কৰাব নোৱাৰিলে, কোনোবাই তাক ক’লা যাদু কৰিলে…..“বৃদ্ধাৰ এক দীঘল হুমুনিয়াহ৷ লেট্ৰিনটো মেৰামতি কৰোৱা হ’ব বুলি আশ্বাস দি বৃদ্ধাক পঠাই দিলো৷ আমাৰ লগত উপস্থিত থকা তাৰেই এন জি অ’ৰ মানুহ এজনক ক’লোঁ, “ঘটনাটো কি? ল’ৰাজন সঁচাই পাগল হৈছে যদি তাৰ উচিত চিকিৎসা কৰাব লাগে, আপোনালোকে বৃদ্ধাগৰাকীক সহায় কৰি দিব৷”
এনজিঅ’ৰ মানুহজনে ভেকাহি মাৰি ক’লে, “বাইদেউ আপুনি এইবোৰ কথা নাজানে, ল’ৰাজন পগলা নাইহোৱা নহয়”৷
মই চকু পকাই সুধিলোঁ, “মানে? কি বুজাব বিচাৰিছে?”
উত্তৰত মানুহজনে যিখিনি ক’লে মোৰ চকুত ভাহি উঠিল কেৱল মেক্সিকোৰ ’জিয়া’, পঞ্জাৱৰ ’বল্লি, গব্ৰু’ৰ প্ৰতিচ্ছবি, বাৰে বাৰে অগাদেৱা কৰিলে ’জিয়া’ আৰু ’উড়তা পঞ্জাৱ’৷
“ল’ৰাজনে কিবাকিবি খায় বাইদেউ, গাঁৱৰ ল’ৰাবোৰক এইবোৰ কোনে আনি দিয়ে আমি জানো, কিন্তু ধৰা পেলাব পৰানাই, কেতিয়া কেনেকৈ আনে ক’ৰপৰা আনে একোৱে উলিয়াব নোৱাৰোঁ৷ কাষৰ মুছলিম গাঁওখন এতিয়া নিচাত ডুবন্ত, কফ চিৰাপ, ডেণ্ড্ৰাইট এইবোৰতো খায়েই, আমি শুনিছোঁ আজিকালি পাউডাৰবিধো আহিছে হেনো ইয়াত“, এনজিঅ’ৰ মানুহজনে এটা হাৰি যোৱা মানুহৰ দৰে সেমেকা হাঁহি মাৰিলে৷
ধুবুৰী জিলা এতিয়া বহুত বেছিকৈ নিচাসক্ত, কিন্তু হিংসা আৰু অনৈক্যৰে ভৰা এই দুখীয়া জিলাখনত নিচাবিৰোধী আন্দোলন চলোৱাৰ কাৰো ইচ্ছা আৰু সাহস নাই৷ বঙাইগাঁও জিলাও ধুবুৰীৰ দৰে হৈ গৈ আছে, নিচাযুক্ত সামগ্ৰীৰ মুকলি বজাৰ৷ কাঠফুলাৰ দৰে আগুৱাই গৈ আছে ড্ৰাগছৰ বেহা৷ “উড়তা অসম“ত নিঃচিহ্ন হোৱাৰ পথত অনাগত প্ৰজন্ম৷ আমাৰ কৰণীয়???????
‘য়েপ’……………..“যায় যেংকে মৰে মৰক নিজৰ চলিটো ভালে থাকলি হ’ল৷ ”
****