জাংফাই বৰণীয়া আবেলিটো
জাপিকুছি ভৰাই থোৱা আছে
হিয়াৰ মাজত
ব চেৰা জীৱনৰ পাৰঘাটত
কেতিয়াবা লাগি ধৰে
একো একোটা হুমুনিয়াহ
নাৱৰীয়া ডেকাৰ কণ্ঠত
বাজি আছে এক মোহনীয়া সুৰ
নৈৰ পাৰত আছে চাগে’
পানী নিবলৈ অহা গাভৰুৰ জাক
উদং পাৰঘাটত
বহি আছে এক উদাস ছাঁয়া
বিচাৰি আছে
এৰি অহা হাইতাল সনা আবেলিবোৰ।।