আমাৰো পেট আছে… – প্ৰাণজিৎ বৰুৱা

 

ঢেঁকীয়া খিনি বাৰীৰ

মানিমুনি,
ভেদাইলতা খিনিও ঘৰৰে,

বিশ টকা খুজিছো
দি যাওক চাৰ,
দাম দৰ নকৰিব চোন,

মহাজনৰ ওচৰত এতিয়াও ছকুৰি চাৰি টকা ধাৰ …!
আপুনি চাহ খাওঁতে উৰাই দিয়ে পাঁচশ হাজাৰ,

তৰা ভৰা হোটেলৰ নামত ,

অথচ আপুনি বাগী
ধৰে দিনটোৰ ঘাম সৰা

হাজিৰাৰ দামত৷
চাৰ, আপোনাৰ বেজাৰ লাগে,

বনাব পৰা নাই তিনি নম্বৰ মহলাটো এতিয়াও,

অথচ বৰুৱাই ওচৰতে সাজিলে চাৰি মহলৰ দালান,

আমাৰো বেজাৰ লাগে লৰাটোৱে
কান্দে যেতিয়া ঠাণ্ডাত

মাজ ৰাতি বৰষুণ পৰিলে গাত,

পিতৃ হোৱাৰ গৌৰৱ তেতিয়াই পৰে দেখোন মোলান৷
চাৰ, ভোক আমাৰো আছে,
জীয়াই থকাৰ ভোক,

অহ লোভ অৱশ্যে নাই আমাৰ,

দিনটোৰ ভাত সাজ আৰু ৰাতিৰ আহাৰ,

এইয়াই চিন্তা মাথোঁ সদায়

ধৰ্ম, চৰকাৰ, শোষণ, সংস্কৃতি, জাতীয়তা বাদ, ৰাষ্টা ঘাট,

কি ভাল কি বেয়া কোনোদিনে মাথা মৰা নাই,

কাৰো মূৰত কঠাল ভাঙিব যোৱা নাই,
আছে দুখন হাত বিষ নোহোৱালৈকে কাম কৰিছো,

আছে দুই ভৰি বিষাই নোযোৱালৈকে ঘূৰিয়েই ফুৰিছো

কোনো দিনাই কোনো কথাতেই

কৰা নাই প্ৰতিবাদ৷
জানে চাৰ,
ৰাতি টোপনিয়ে নাহে কেতিয়াবা,

এই বোজাত
এতিয়াও যে বাকী ছকুৰি চাৰি টকা মহাজনৰ তাত,
চিন্তাত দোমোজাত ভাগৰি যাওঁ

কেনেকৈ মিলাওঁ বাৰু কাইলৈৰ দিনটোৰ সাজ৷
দৰ দাম নকৰিব,
নিদিব না লাজ,
অলপ কলিজা খন পৰিব শাঁত,
আপোনাৰ একো হানি নহয়,

তৰ্ক নকৰাকৈয়ে

এই মানিমুনি ঢেঁকীয়া খিনি লৈ যাওক,
, বেছি নহয়,

দৰ বিশ টকাত…

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!