আমাৰো পেট আছে — প্ৰাণজিৎ বৰুৱা

ঢেঁকীয়াখিনি বাৰীৰ
মানিমুনি,
ভেদাইলতাখিনিও ঘৰৰে,
বিশ টকা খুজিছোঁ দি যাওক চাৰ,
দাম-দৰ নকৰিবচোন,
মহাজনৰ ওচৰত এতিয়াও ছকুৰি চাৰি টকা ধাৰ!
আপুনি চাহ খাওঁতে উৰাই দিয়ে পাঁচশ হাজাৰ,
তৰা ভৰা হোটেলৰ নামত,
অথচ আপুনি বাগী
ধৰে দিনটোৰ ঘাম সৰা
হাজিৰাৰ দামত।
চাৰ আপোনাৰ বেজাৰ লাগে,
সাজিব পৰা নাই তিনি নম্বৰ মহলাটো এতিয়াও,
অথচ বৰুৱাই ওচৰতে সাজিলে চাৰি মহলৰ দালান,
আমাৰো বেজাৰ লাগে লৰাটোৱে
কান্দে যেতিয়া ঠাণ্ডাত
মাজ ৰাতি বৰষুণ পৰিলে গাত,
পিতৃ হোৱাৰ গৌৰৱ তেতিয়াই পৰে দেখোন মোলান।
ছাৰ ভোক আমাৰো আছে,
জীয়াই থকাৰ ভোক,
অহ্‌ লোভ অৱশ্যে নাই আমাৰ,
দিনটোৰ ভাতসাঁজ আৰু ৰাতিৰ আহাৰ,
এয়াই চিন্তা মাথোঁ সদায়
ধৰ্ম, চৰকাৰ, শোষণ, সংস্কৃতি, জাতীয়তাবাদ, ৰাষ্টা ঘাট,
কি ভাল কি বেয়া কোনোদিনে মাথা মৰা নাই,
কাৰো মূৰত কঁঠাল ভাঙিব যোৱা নাই,
আছে দুখন হাত বিষ নোহোৱালৈকে কাম কৰিছোঁ,
আছে দুই ভৰি বিষাই নোযোৱালৈকে ঘূৰিয়েই ফুৰিছোঁ
কোনো দিনাই কোনো কথাতেই
কৰা নাই প্ৰতিবাদ।
জানে ছাৰ,
ৰাতি টোপনিয়ে নাহে কেতিয়াবা,
এই বোজাত
এতিয়াও যে বাকী ছকুৰি চাৰি টকা মহাজনৰ তাত,
চিন্তাত দোমোজাত ভাগৰি যাওঁ
কেনেকৈ মিলাও বাৰু কাইলৈৰ দিনটোৰ সাজ।
দৰ-দাম নকৰিব,
নিদিব না লাজ,
অলপ কলিজাখন পৰিব শাঁত,
আপোনাৰ একো হানি নহয়,
তৰ্ক নকৰাকৈয়ে এই
মানিমুনি ঢেঁকীয়াখিনি লৈ যাওক,
বেছি নহয়,
দৰ বিশ টকাত৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!