আমাৰ খাদ্য আৰু পাকঘৰৰ পৰা পৰিপুষ্টি — কুমকুম শৰ্মাবৰুৱা

(১) আমাৰ শৰীৰটোৰ বাবে প্ৰথম আৰু প্ৰধান দৰকাৰী উপাদান হৈছে খাদ্য। এই খাদ্য সুষম হোৱাৰ লগতে পৰিষ্কাৰ হোৱাও বাঞ্ছনীয়। মিহলি পাচলি আৰু মিহলি দাইলে পৰিপুষ্টি যোগানত প্ৰভুত সহায় কৰে। ইটোত নথকা ভিটামিনটো সিটোত থাকে। গতিকে সকলো মিহলি হৈ উপকাৰী হৈ পৰে। পাচলি সদায় কুটাৰ আগতে ধুব লাগে। কুটাৰ পিচত ধুলে বহুতো উপকাৰী পদাৰ্থ গুচি যায়। লগতে ৰন্ধা-বঢ়া কৰোঁতে সকলো পাত্ৰ পৰিষ্কাৰ হোৱা বাঞ্ছনীয়। আমাৰ বাৰী-ঘৰত হোৱা শাক-পাচলি অথবা নিজে নিজে গজা শাক মানিমুণি, মাটিকাঁদুৰি, কচু, ঢেঁকীয়া ইত্যাদিত প্ৰচুৰ ভিটামিন আৰু খনিজ লৱণ থাকে। এইবোৰ সঘনাই খাই থাকিব লাগে। সদায় বতৰৰ পাচলিহে খাব লাগে।

(২) বস্তুবিলাক ৰান্ধোঁতে সদায় সিজিবৰ কাৰণে যিমান পানীৰ প্ৰয়োজন সিমানহে দিব লাগে। তাকে কেৰাহীত ৰান্ধিলে একেবাৰে দিয়াতকৈ দুবাৰে দিয়া বেচি ভাল। একেবাৰে কম জুইত বহু সময় ভাজি বা সিজাই থাকিলে তাত থকা খনিজ লৱণ আৰু ভিটামিনবোৰৰ ৰাসায়নিক সাজোনটো ভাগি যায় আৰু ই বেলেগ পদাৰ্থহে হয়গৈ। সেয়ে মধ্যমীয়া জুইত ৰান্ধিব লাগে আৰু সিজিলেই নমাই থ’ব লাগে। পাতত দিয়া বা ভাপত সিজোৱাবোৰৰ কথা বেলেগ। সেইবোৰত কম জুই দিব লাগে। সেইদৰে লুচি ইত্যাদিৰ কাৰণে বেচি তাপ লাগিবই।

(৩) প্ৰেচাৰ কুকাৰৰ তলটো জুইৰে ঢাক খাব লাগে। তাতকৈ বেচি বা কম জুই দিব নালাগে।

(৪)অসমৰ মাটিবোৰ বেচি আম্লিক(Acidic)। সেইয়ে ইয়াত শাক-পাতত এচিড বেচি থাকে। যিটো গেষ্ট্ৰিকৰ কাৰণে বেয়া। সেয়ে মাজে মাজে খাৰ খাবই লাগে। শাকত টেঙা নাৰান্ধিলে অলপ খাৰ দিয়া ভাল। টেঙা আৰু খাৰ একেলগে কিন্তু কেতিয়াও খাব নালাগে। ই নতুন অপকাৰী লৱণ সৃষ্টি কৰি খাদ্যবস্তু বিহলৈ ৰূপান্তৰিত কৰিব। খাৰ বুলিলে ভীম কলৰ বাকলি অথবা কলগছৰ মধুনাৰ পৰা তৈয়াৰ কৰা খাৰহে খাব লাগে। কিয়নো ইয়াত পটাচিয়াম থাকে আৰু ই শৰীৰৰ বাবে বৰ উপকাৰী। ই গেষ্ট্ৰিক আৰু উচ্চ ৰক্তচাপৰ কাৰণে মহৌষধ। কিন্তু চৌডাখাৰত চডিয়াম থাকে আৰু ই উচ্চ ৰক্তচাপৰ কাৰণে একেবাৰে বেয়া।

(৫)ভাৰতৰ তথা অসমৰ মহিলাসকল লৌহ পদাৰ্থৰ অভাৱৰ কাৰণে হিমগ্ল’বিন কম হৈ ৰক্তহীনতা অসুখত ভোগে। প্ৰায় বেছি সংখ্যক মহিলাৰে এই অসুখ হয় অসমত। হিমগ্ল’বিন কমিলে লৌহ পদাৰ্থ থকা বস্তু খাব লাগে। যিবোৰ বস্তু কাটিলে হাতত আৰু কটাৰীত ক’লা দাগ লাগে সেইবোৰেই লৌহ পদাৰ্থ থকা বস্তু। কলডিল, কাচকল, ভেদাইলতা, নৰসিংহ, ভৃংগৰাজ, পদিনা, ক’লাকচু ইত্যাদি শাকত প্ৰচুৰ পৰিমাণে লৌহ পদাৰ্থ থাকে। তাকে পিহি লৈ মাছৰ লগত আঞ্জা ৰান্ধি অথবা এনেয়ে বেলেগ ধৰণেৰে ৰান্ধি মহিলাসকলে প্ৰচুৰ পৰিমাণে খালে ৰক্তহীনতা অসুখৰ পৰা হাত সাৰি থাকিব পাৰে। আমলখিতো প্ৰচুৰ পৰিমাণে লৌহ পদাৰ্থ থাকে।

(৬)আমাৰ মা-আইতাসকলে আৰু আমিও পুৱাতে উঠি ঘৰ-চোতাল সাৰোঁ। ই শৰীৰটোৰ জড়তা ভাঙি উমাল কৰে। তাৰপিছত গা ধুই চাহ খাই আঁঠটা/নটা বজাত বাৰীত শাক বোটলে বহুতে। বাহিৰতে বাচি-কুচি আনে। পুৱাৰ কোমল ৰ’দত থকা অতি বেঙুনীয়া ৰশ্মিয়ে তেওঁলোকৰ শৰীৰত ডি ভিটামিন তৈয়াৰ কৰে। ফলত শৰীৰে খাদ্যবস্তুৰ পৰা সহজে কেলচিয়াম শোষণ কৰিব পাৰে। মহিলাসকলক কেলচিয়ামৰ অতি প্ৰয়োজন। কিয়নো মহিলাসকলৰ গাৰ পৰা কেলচিয়াম নিজে নিজে কমি গৈ থাকে। তাৰফলত হাড়বোৰ ঠুনুকা হৈ পৰে। ভিটামিন ডি-ৰ অভাৱত শৰীৰে খাদ্যবস্তুৰ পৰা কেলচিয়াম শোষণ কৰিব নোৱাৰে। সেয়ে পুৱা ৯-৩০ বজাৰ আগতে ৰ’দ অকণ ল’ব লাগে। সৰু ল’ৰা-ছোৱালীৰ কাৰণেও ই অতি প্ৰয়োজনীয়। কিয়নো হাড়ৰ গঠন মজবুত হ’বৰ বাবে কেলচিয়ামৰ অতি প্ৰয়োজন।

(৭) শেষত পাকঘৰৰ গেচ মোচা অথবা কেৰাহী ধৰা কাপোৰবোৰ সদায়েই কপাহী কাপোৰ হ’ব লাগে আৰু ধুই পৰিষ্কাৰ কৰি ৰাখিব লাগে। কাপোৰবোৰ ধুই ৰ’দত শুকুওৱা ভাল। কিয়নো ৰ’দে বীজাণু ধ্বংস কৰে।

(৮) চি ভিটামিন অলপ তাপতে নষ্ট হয় আৰু শৰীৰেও বেচি সময় সঞ্চয় কৰি ৰাখিব নোৱাৰে। সেয়ে সদায় চি ভিটামিন থকা খাদ্য ফলমূল ইত্যাদি অলপ খাবই লাগে। ভাতৰ লগত নেমু অকণ খালেও হৈ যায়।

পিচে সকলো ঠিকে থাকিলেও খোৱাৰ আগতে হাতখন ভালকৈ নুধুলে সকলো অসাৰ্থক হয়। গতিকে ল’ৰা-ছোৱালীয়ে হাত ধুবলৈ এলাহ কৰিলে জোৰ কৰি ধুৱাব লাগে। খোৱাৰ আগতে হাতখন চাবোনেৰে ভালকৈ নুধুলে বহু বীজাণু পেটলৈ যায়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!