আমাৰ বিশ্বব্ৰহ্মাণ্ড, সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডবোৰ বা বহুবিশ্ব : ধনজিৎ কুমাৰ শৰ্মা
আমাৰ বিশ্বব্ৰহ্মাণ্ড, সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডবোৰ বা বহুবিশ্ব
ধনজিৎ কুমাৰ শৰ্মা
এন্ধাৰ ৰাতি মুক্ত আকাশত জিকমিকাই থকা শত-সহস্ৰ তৰালৈ চাই আপুনি বাৰু কেতিয়াবা ভাবিছেনে ইমানবোৰ গ্ৰহ, উপগ্ৰহ, ধুমকেতু, নক্ষত্ৰ, তাৰকাপুন্জ আদিৰ অস্তিত্ব ক’ৰপৰা আহিল? ক’ৰপৰা আৰু কেনেকৈ সৃষ্টি হৈছিল এই বিশ্বব্ৰহ্মাণ্ড? এই বিশ্বব্ৰহ্মাণ্ডত আমি অকলেই নে আন বেলেগ প্ৰাণীও (বহিঃপ্ৰাণী) আছে? বিশ্বব্ৰহ্মাণ্ডৰ শেষ ক’ত? আৰু বেলেগ বিশ্বব্ৰহ্মাণ্ডও আছে নেকি?
অনুসন্ধিৎসু মনৰ এনে অনেক প্ৰশ্নৰ কিছুমানৰ উত্তৰ হয়টো বিজ্ঞানে দিব পাৰিছে; আন বহু প্ৰশ্নৰ উত্তৰ এতিয়াও মহাশূন্যৰ গৰ্ভতে লুকাই আছে।
ধৰি লওক এইবাৰ ইউনিক’ডৰ বিশ্ব মহাসভা বৃহস্পতিৰ উপগ্ৰহ ‘ইউৰোপা’ত অনুস্থিত হৈছে; এই সন্মিলনত ভাগ ল’বলৈ আপোনাৰ লগতে বিভিন্ন গ্ৰহ, উপগ্ৰহ, বহিঃগ্ৰহ (Exoplanet), বিভিন্ন তাৰকাৰাজ্য আৰু বহিঃবিশ্ব বা আন বিশ্বব্ৰহ্মাণ্ডৰ পৰাও বিশেষজ্ঞ আৰু বুদ্ধিজিৱী আহিছে – তেওলোক মানব সদৃশ ন’হ’বও পাৰে; যদিও বৈজ্ঞানিক আৰু যান্ত্ৰিকভাবে আমাৰ সমতুল্য বা আমাতকৈ বহু বেছি উন্নত। এতিয়া আপোনাৰ ওচৰৰ আসনত বহা (বহি:মানব/বহি:জীৱ) বিজ্ঞজনে আপোনাক প্ৰশ্ন কৰিছে আপুনি ক’ৰপৰা আহিছে? {ইয়াৰ উত্তৰ নিৰ্ভৰ কৰিব আপোনাৰ বৰ্তমান (আপেক্ষিক) স্থানৰ ওপৰত।} তেওঁলোকৰ সম্মুখত আপুনি আপোনাৰ পৰিচয় তেজপুৰ, যোৰহাট বা নলবাৰীৰ পৰা অহা বুলি দিব নোৱাৰে; আপুনি ক’ব লাগিব যে আপুনি ‘পৃথিৱীৰ’ পৰা আহিছে। {অবশ্যে বিজ্ঞজনৰ পৃথিৱীৰ বিষয়ে সাম্যক জ্ঞান থাকিলে বাৰ্মূডা ত্ৰিভূজ, জাতিংগাহ, বা ভুমিকম্প আৰু গ্ল’বেল ৱাৰ্মিং নিয়ন্ত্ৰনৰ বিষয়ে সুধি সুধি আপোনাৰ মুৰটো অলপ গৰম কৰিব পাৰে!}
আপুনি কি বা ক’ৰপৰা আহিছে সেয়া নিৰ্ভৰ কৰে আপোনাৰ আপেক্ষিক চিন্তনৰ ওপৰত। সমাজত আপোনাৰ পৰিচয় এজন (বা এগৰাকী) সুখ্যাত ডাক্তৰ, শিক্ষক, চাকৰিয়াল, খেতিয়ক, ব্যাৱসায়ী, ব্যৱস্থাপক, লেখক, গায়ক, বিজ্ঞানী, ইন্জিনিয়াৰ, দাদা, ভাই বা মাফিয়া হ’লেও প্ৰকৃতিৰ বাবে আপুনি মাত্ৰ ‘ভগৱান কণা’ই ভৰ দান কৰা মৌলিক কণিকাসমুহে সৃষ্টি কৰা পৰমানু-অনু-বৃহতানুৰ বিভিন্ন জৈৱিক প্ৰক্ৰিয়া আৰু প্ৰণালীৰ সুসংগবদ্ধ জটিল গঠনহে।
এনেদৰেই সুক্ষ্মাতিসুক্ষ্ম মৌলিক কণিকাবোৰ বিভিন্ন প্ৰকাৰে সংগঠিত হৈ, বিভিন্ন পৰিঘটনা আৰু বলৰ প্ৰভাবত এই সুবিশাল বিশ্বব্ৰহ্মাণ্ড গঠন কৰিছে। আমাৰ সাংগঠনিক মৌল তথা আমি বসবাস কৰা স্থানবোৰ শৃংখলাবদ্ধভাবে সজাই আহকচোন এবাৰ আমাৰ অস্তিত্ব অনুধাবন কৰো:
{‘ভগৱান কণা’ই ভৰ দান কৰা মৌলিক কণিকাসমুহ} -> পৰমানু -> অনু-বৃহতানু -> জৈৱিক প্ৰক্ৰিয়া আৰু প্ৰণালী -> আপুনি -> আপুনি থকা ঘৰ -> চুবুৰি -> গাওঁ/চহৰ -> ৰাজ্য -> দেশ -> মহাদেশ -> আপোনাৰ গ্ৰহ(পৃথিৱী) -> সূৰ্য্য/নক্ষত্ৰ আৰু সৌৰজগত/নক্ষত্ৰজগত -> হাটীপটি তাৰকাৰাজ্য -> আমাৰ তাৰকাৰাজ্যৰ থুপটো (Galactic cluster) -> আমাৰ বিশ্বব্ৰহ্মাণ্ড -> আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডবোৰ বা বহুবিশ্ব -> {তাৰ পিছত বা কি?}
এতিয়া এবাৰ ভাবি চাওক আপোনাৰ বেছিভাগ চিন্তন আৰু কৰ্ম এই শৃংখলডালৰ কোনটো স্তৰ (stage) বা যোগসূত্ৰৰ (link) পৰা কোনটো যোগসূত্ৰৰ পৰিসৰত আবদ্ধ!!! (বিশ্বব্ৰহ্মাণ্ডৰ) সৃষ্টি, স্থিতি আৰু সংহাৰৰ প্ৰকৃত সত্য জানিবলৈ হ’লে এই শৃংখলৰ প্ৰতিটো যোগসূত্ৰ- বিশেষকৈ (পদাৰ্থ বিজ্ঞানত) প্ৰথম আৰু শেষৰ দুটাৰ বিভিন্ন পৰিঘটনা পুংখানুপুংখভাবে বুজিবই লাগিব।
(মৌলিক কণা, এইবোৰৰ প্ৰকাৰ আৰু ভৰসৃষ্টিৰ ৰহস্য আগৰ প্ৰবন্ধটিত বাখ্যা কৰা হৈছে। এতিয়া:)
আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ গাঠনিক ধাৰণা এটা কম বেছি পৰিমাণে আমাৰ সকলোৰে আছেই। কিন্তু ‘সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডবোৰ’ বা ‘বহুবিশ্ব’ (Parallel universes or Multiverse)ৰ নামটো শুনি হয়টো আমাৰ বহুতৰে চকু কপালত উঠিছে। ‘বহুবিশ্ব’ সূত্ৰ কিছুমান নতুন গাণিতিক উপপাদ্য আৰু ভৌতিক ধৰণাৰ সংহতি; ১৯৯০ চন মানৰ পিছৰ পৰাহে ‘বহুবিশ্ব’ সূত্ৰ আৰু ধাৰণাই প্ৰসাৰ লাভ কৰিছে। এই সূত্ৰৰ কিছুমান ধাৰণা অকৌ বৰ আমোদজনক আৰু আশ্বৰ্যকৰো।
বহুবিশ্বৰ ধাৰণা বুজিবলৈ চেষ্টা কৰাৰ আগতে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন (Our universe or cosmos), বহুমাত্ৰা বা অতিৰিক্ত মাত্ৰা (Extra- dimension) আৰু বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ বিগ বেং তত্ব (Big Bang theory)ৰ বিষয়ে মোটামুটি ধাৰণা এটা থাকিবই লাগিব।
প্ৰথমে মাত্ৰাৰ ধাৰণাটো ল’ও আহক:
বিদ্যালয় পঠ্যক্ৰমতে (১০ম মানলৈকে) আমি জ্যামিতিৰ একমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তুৰ বিষয়ে পঢ়ি আহিছো। সূটা এডাল একমাত্ৰিক (যাৰ কেবল দৈৰ্ঘহে আছে) আৰু কাগজ এখিলা (যাৰ দৈৰ্ঘ আৰু প্ৰস্থ দুইটাই আছে) দ্বিমাত্ৰিক বস্তুৰ উদাহৰণ। এতিয়া ধৰি লওক কাঠৰ টুকিৰা এটা, যাৰ আয়তন প্ৰকাশ কৰিবলৈ দৈৰ্ঘ আৰু প্ৰস্থৰ লগতে ডাঠ (বা উচ্চতা)ৰ মাপৰো দৰকাৰ; এটা ত্ৰিমাত্ৰিক বস্তুৰ উদাহৰণ। আমাৰ চাৰিওপিনে থকা কিতাপ, কলম, মেজ, বটল, ঘৰ, দলং, গাড়ী, উৰাজাহাজ আদি সকলোবোৰ বস্তুৰ আকৃতিয়েই ত্ৰিমাত্ৰিক।
ছাৰ আইজাক নিউটন আৰু তেখেতৰ সমসাময়িক বিজ্ঞানী আৰু গণিতজ্ঞসকলে ত্ৰিমাত্ৰিক জ্যামিতিৰ সহায়তে গ্ৰহ-নক্ষত্ৰৰ গতি বিধি, স্থান, কাল আদিৰ (আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ) গাণিতিক আৰু ভৌতিক বিশ্লেষণ দিছিল; যাক আমি ‘নিউটনীয় গতিবিদ্যা’ (Newtonian mechanics) বুলি কওঁ।
কুৰি শতিকাৰ আৰাম্ভনিতে এলবাৰ্ট আইনষ্টাইন নামৰ ডেকা বিজ্ঞানী এজনে নিউটনীয় গতিবিদ্যাৰ বহুখিনি খুটিনাটি ধৰা পেলাই। আইনষ্টাইনে বুজি উঠিলে যে কেবল ত্ৰিমাত্ৰিক জ্যামিতিৰেই আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ বাখ্যা দিয়া সম্ভব নহয়। তেখেতে ত্ৰিমাত্ৰিক স্থানৰ লগত ‘সময়’ৰ মাত্ৰা যোগ দি স্থান–কালৰ (space-time) আধাৰত আপেক্ষিকতাবাদ নামৰ এটা নতুন তত্ব আৱিষ্কাৰ কৰিলে। এই তত্বৰ সহয়ত গ্ৰহ, নক্ষত্ৰ, তাৰকাপুন্জ আদিৰ গতি, স্থান, সময় আৰু আকৰ্ষণ বলবিদ্যাৰ সঠিক বাখ্যা দিব পৰা হৈছিল।
আপেক্ষিকতাবাদৰ সমসাময়িকভাৱে হাইজেনবাৰ্গ, পাউলি, ডি-ব্ৰ’য়, ব’ৰ, স্ৰুডিনজাৰ, ডিৰাক্, ন’উম্যান আদি বিজ্ঞানীসকলে “কোৱাণ্টাম গতিবিদ্যা” নামৰ কিছুমান নতুন (আৰু সাংঘাটিক) গাণিতিক সূত্ৰ আৰু ভৌতিক বিশ্লেষণৰ সংহতি আৱিষ্কাৰ কৰে। কোৱাণ্টাম গতিবিদ্যাই আপেক্ষিকতাবাদৰ নিশ্চয়তাক প্ৰত্যাহ্বান জনাই পৰমানুৰ গঠন আৰু মৌলিক কণাৰ দৰে সূক্ষ্মমাত্ৰাৰ পৰিঘটনাবোৰ অনিশ্চয়তাৰ সহায়ত সফলভাৱে বিশ্লেষণ কৰিব পাৰিছিল।
আপেক্ষিকতাবাদৰ আৰু কোৱাণ্টাম গতিবিদ্যা এটা তত্ত্বৰ সহায়ত প্ৰকাশ কৰাৰ কেবাটাও প্ৰয়াসৰ ভিতৰত সূটা-সূত্ৰ(String theory) অন্যতম তথা পদাৰ্থ বিজ্ঞান মহলত আটাইতকৈ জনপ্ৰিয়। এই সূত্ৰ মতে ইলেক্ট্ৰন, কোৱাৰ্ক আদি মৌলিক কণাবোৰ কিছুমান দুল্যমান একমাত্ৰাৰ সূটাহে (one dimensional cosmic string) মাত্ৰ। এই সূটাবোৰৰ দোলনৰ ভিন্নতাই বিভিন্ন মৌলিক কণা আৰু সিহঁতৰ ভিন্ন আধান, ভৰ আৰু কোৱাণ্টাম ঘূৰ্ণনৰ কাৰন। কিন্তু সূটা সূত্ৰ বাখ্যা দিবলৈ বহুমাত্ৰিক জ্যামিতিৰ প্ৰয়োজন; আপেক্ষিকতাবাদৰ চাৰিমাত্ৰাৰ স্থান-কালৰ ওপৰিও এই তত্বত অতিৰিক্ত সাতটা (আতি কমেও) নতুন মাত্ৰাৰ প্ৰয়োজন। গতিকে সূটা সূত্ৰমতে বিশ্বব্ৰহ্মাণ্ডখন বাখ্যা কৰিবলৈ অতি কমেও ১৩ মাত্ৰিক জ্যামিতিৰ প্ৰয়োজন। আবশ্যে নতুনকৈ যোগ দিয়া অতিৰিক্ত সাতটা মাত্ৰা আমি দেখা নাপাও; চাৰিমাত্ৰাৰ স্থান-কালৰ ভিতৰতেই এই অতিৰিক্ত নতুন মাত্ৰাসমুহ ক্ষুদ্ৰতম মাপত লুকাই থাকে, যাক আমি চকুৰে প্ৰত্যক্ষ কৰিব নোৱাৰো।
আতিৰিক্ত মাত্ৰাৰ ধাৰণাটো এনেধৰনৰ: ধৰি লওক টানি ৰখা দীঘল, দৃঢ় ৰচী এডাল; আমাৰ কাৰনে এই ৰচীডাল এটা একমাত্ৰিক বস্তু। (অভ্যাস থাকিলে) আমি ৰচীডালৰ আগফালে বা পিছফালে খোজকঢ়ি যাব পাৰো, কাৰন আমাৰ কাৰনে ৰচীডাল একমাত্ৰিক। কিন্তু পৰুৱা এটাই এই ৰচীডালৰ আগপিনে আৰু পিছপিনে যোৱাৰ লগতে পাক এটাও মাৰিব পাৰে। গতিকে যিডাল ৰচী আমাৰ কাৰনে একমাত্ৰিক বস্তু, পৰুৱাটোৰ কাৰনে ই এটা ত্ৰিমাত্ৰিক বস্তু। সুক্ষ্মমাপত পৰ্য্যাবেক্ষন কৰিলে ই সহজেই ধৰা পৰে। ঠিক এনেধৰনেই ১৩ মাত্ৰিক সূটা-সূত্ৰৰ অতিৰিক্ত মাত্ৰাবোৰো আমি দেখা চাৰিমাত্ৰিক স্থান-কালৰ সুক্ষ্মাতিসুক্ষ্ম মাপত লুকাই থাকে।
বিগ বেং, স্ফীতি আৰু বিশ্বব্ৰহ্মাণ্ডৰ সাংগঠনিক ধাৰণা:
কুৰি শতিকাৰ আৰাম্ভনিলৈকে বিশ্বব্ৰহ্মাণ্ডখন স্থিৰ বুলি ধৰি লোৱা হৈছিল যদিও ১৯২৪ চনত এডৱিণ হাব’ল নামৰ জ্যোতিৰ্বিজ্ঞানীজনে আতি কষ্টৰে গণনা কৰি উলিয়ালে যে আমাৰ পৰা সুদুৰৈত থকা তাৰকাপুন্জবিলাক এটাৰ পাৰা আনটো ক্ৰমান্নয়ে আতৰি গৈ আছে। আলেকজেণ্ডাৰ ফ্ৰেইডম্যান নামৰ ৰুছ বিজ্ঞানীজনে আপেক্ষিকতাবাদ সূত্ৰৰ পৰা গণনা কৰি উলিয়ালে যে সময়ৰ লগে লগে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন প্ৰসাৰিত হৈ আছে। পিছলৈ বিজ্ঞানীসকলে প্ৰসাৰিত বিশ্বৰ গাণিতিক বাখ্যাৰ ওলোটা গণনা কৰি পালে যে গোটেই বিশ্বব্ৰহ্মাণ্ডখনৰ সকলোবোৰ তাৰকাপুন্জ আতীতৰ এটা নিৰ্দিষ্ট সময়ত এটা ক্ষুদ্ৰ গোলকৰ ভিতৰত একেলগে বান্ধ খাই আছিল। আজিৰপৰা প্ৰায় ১৩৭ ০০০ ০০০ ০০ বছৰ আগতে সেই অতি উচ্চ শক্তি ঘনত্বৰ গোলকপিণ্ডটো কোনো অজান বলৰ কাৰনে প্ৰচণ্ডভাবে বিষ্ফোৰিত হৈছিল। সেই বিষ্ফোৰনটোকে বিগ বেং (Big Bang) বোলা হয়। বিগ বেং ৰ ঠিক পিছতেই কেচুৱা বিশ্বব্ৰহ্মাণ্ডখন তীব্ৰ স্ফীতিত (cosmic inflation) বিস্তাৰিত হৈছিল; এই স্ফীতিৰ সময়ত বিশ্বব্ৰহ্মাণ্ডখনৰ শক্তি ঘনত্ব, উষ্ণতা আৰু চাপ আছিল আতি বেছি। স্ফীতিৰ পিছত বিশ্বব্ৰহ্মাণ্ডখন লাহে লাহে ঠাণ্ডা হ’বলৈ লৈছিল; এইখিনি সময়তে কোৱাৰ্ক-গ্লুৱন (কোৱাৰ্ক্-গ্লুৱন প্লাজমা) আৰু অন্যান্য পদাৰ্থ সৃষ্টিকাৰী আৰু বল কঢ়িওৱা মৌলিক কাণাবোৰৰ জন্ম হৈছিল। পিছলৈ এই মৌলিক কণাবোৰেই বিভিন্ন বলৰ প্ৰভাবত সুনিৰ্দিষ্ট ভাবে সংগঠিত হৈ হাইড্ৰ’জেন আৰু হিলিয়াম মৌল গঠন কৰিছিল। নিৰবিচ্চিন্ন বিস্তাৰনৰ ফলত বিশ্বব্ৰহ্মাণ্ডখন আৰু ঠাণ্ডা হ’বলৈ ধৰিলে; লাহে লাহে হাইড্ৰ’জেন আৰু হিলিয়াম মৌলসমুহৰ সুবিশাল ডাৱৰ গঠিত হ’ল। ডাৱৰবোৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাবত বিভিন্ন স্থানত একগোট হৈ বহুটো (প্ৰকাণ্ড) ডাৱৰথুপ গঠন কৰিলে। এই ডাৱৰথুপ বোৰক আদি-নক্ষত্ৰ (pro-star) বুলি কোৱা হয়। ডাৱৰথুপবোৰৰ ভিতৰত আতি উচ্চ উষ্ণতা আৰু চাপৰ বাবে নিউক্লিয় বিক্ৰিয়া সংঘটিত হ’বলৈ ধৰিলে; এই নিউক্লিয় বিক্ৰিয়াবোৰৰ ফলতেই বিভিন্ন নতুন মৌলৰ সৃষ্টি হ’ল। নিউক্লিয় বিক্ৰিয়াবোৰৰ ফলত উত্পন্ন হোৱা প্ৰচণ্ড উৰ্ধমুখি শক্তিচাপ আৰু ডাৱৰথুপবোৰৰ ভৰৰ অন্তঃমুখি মাধ্যাকৰ্ষণ বলৰ সন্তুলনৰ বাবে নক্ষত্ৰ এটা সাম্য অবস্থাত কেবালাখ বছৰলৈ থাকিব পাৰে। নক্ষত্ৰবোৰৰ মাজৰ আন্তঃমাধ্যাকৰ্ষণিক আকৰ্ষণ বলৰ বাবে বেলেগ বেলেগ থুপত সংগঠিত হৈ বিভিন্ন তাৰকাপুন্জ গঠন হ’ল।
বহুবিশ্ব:
সূটা-সূত্ৰৰ দৰেই বহুবিশ্বৰ ধাৰণাটোও কেবল চাৰিমাত্ৰিকেই (ত্ৰিমাত্ৰিক স্থান+সময়) নহয়। বহুবিশ্বত থকা বিশ্বব্ৰহ্মাণ্ডবোৰৰ সৃষ্টি, বিস্তৃতি, বিশ্বব্ৰহ্মাণ্ডবোৰৰ মাজত যোগাযোগ আৰু বিশ্বব্ৰহ্মাণ্ডৰ ধ্বংশ বা সমাপ্তিৰ ভৌতিক বিশ্লেষণ কৰিবলৈ অতি কমেও ১১ বা ১৩ মাত্ৰিক (২৬ মাত্ৰালৈ) গাণিতিক তত্বৰ প্ৰয়োজন (10-13 dimensional universe)। ১৩ মাত্ৰিক বিশ্বব্ৰহ্মাণ্ডৰ বা যিকোনো ১৩ মাত্ৰিক পৰিঘটনাৰে বাস্তব উদাহৰণ দিয়াটো অসম্ভৱ; বিশ্বব্ৰহ্মাণ্ডৰ চাৰিমাত্ৰিক পৰিঘটনাবোৰৰ ধাৰণা আৰু কল্পনাই অতি জটিল হৈ পৰে। সাধাৰন ৰাইজে বুজি পোৱাকৈ বিশ্বব্ৰহ্মাণ্ডখন দ্বিমাত্ৰিক বুলি ধৰি লৈ তলত এটা উদাহৰণ দিয়াৰ প্ৰয়াস কৰা হ’ল:
ভাবি লওক বিশ্বব্ৰহ্মাণ্ডখন এখিলা দ্বিমাত্ৰিক কাগজ বা আঁৰি দিয়া চাঁদৰ এখন।
ধৰি লওক চোতালৰ কাপোৰ শুকোৱা সমান্তৰাল তাৰ দুডালত দুখন চাঁদৰ সমান্তৰালভবে ওচৰাওচৰিকৈ শুকাবলৈ মেলি দিয়া হৈছে। কল্পনা কৰক, চাঁদৰ দুখনৰ সম্মুখা সম্মুখিকৈ থকা ফাল দুটা তললৈ বেছিকৈ ওলমি আছে (আমাৰ গুৰুত্ব বেছিকৈ ওলমি থকা ফালদুটাতহে)। চোতালত মেলি দিয়া আন্য বহু কাপোৰ আৰু চাঁদৰ(বিশ্ব)ৰ দৰেই আমি কল্পনা কৰা সমান্তৰাল চাঁদৰ দুখন হ’ল দুখন সমান্তৰাল দ্বিমাত্ৰিক বিশ্ব। এখন চাঁদৰৰ লগত আনখনৰ কোনো সম্পৰ্ক নাই; দুয়োখনৰ ভৌতিক ধৰ্ম বেলেগ বেলেগ (অবশ্যে একেধৰনৰ চাঁদৰ হ’লে দুয়োখনৰ ভৌতিক ধৰ্ম একেই হ’ব)। দুয়োখন চাঁদৰত ব্যৱহাৰ হোৱা সূটা তথা ন-পুৰনি আৰু অবক্ষয় সাপেক্ষে কোনোবাখন ডাঠ বা কোনোবাখন পাতল; কোনোবাখন সোনকালে শুকাব, কোনোবাখন গধূলিকৈ (একেধৰনৰ চাঁদৰ হ’লে দুয়োখন প্ৰায় একেলগে শুকাব)। সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণাটও ঠিক এনেকুৱাই (কিন্তু ১১ বা ১৩ মাত্ৰিক স্থানকালত); বহুবিশ্বত দুখন সমান্তৰাল বিশ্বৰ প্ৰতিখনৰ অন্তঃভৌতিক নিয়ম (সূত্ৰ), ধ্ৰুৱকসমুহ আৰু মাত্ৰা বেলেগ বেলেগ বা একেও হ’ব পাৰে।
এতিয়া বতাহৰ বাবে দুয়োখন সমান্তৰাল চাঁদৰ ধীৰে ধীৰে লৰিবলৈ ধৰিছে। বতাহৰ এটা ডাঙৰ বাৰ কাৰনে এখন চাঁদৰে আনখনক স্পৰ্শ কৰিছে। ঠিক তেনেদৰে সমান্তৰাল বিশ্বৰ মাজতো বিভিন্ন কাৰণত সংঘৰ্ষ হ’ব পাৰে (এনেকুৱা সংঘৰ্ষৰ ফলত নতুন বিশ্বৰো সৃষ্টি হ’ব পাৰে)। এনে এটা স্পৰ্শৰ সময়তে এখন চাঁদৰত লাগি থকা (বা বতাহত উৰি অহা) বনগুটি এটাৰ কাৰনে দুয়োখন চাঁদৰ কিছু সময়ৰ বাবে নিৰ্দিষ্ট এঠাইত আঠা লাগি ধৰিল। একাধিক বনগুটি থাকিলে দুয়োখন চাঁদৰ একাধিক ঠাইত আঠা লাগি ধৰিব। এতিয়া এখন চাঁদৰত থকা পিপৰা বা কীট এটাই এই বনগুটিৰ মাধ্যমেৰেই আনখন চাঁদৰলৈ বগুৱাই যাব পাৰিব। মহাকাশ বিজ্ঞানত “কীট গহ্বৰ” (Wormhole) এটা শুদ্ধ গাণিতিক ধাৰণা। গাণিতিকভাবে দুখন সমান্তৰাল বিশ্বৰ মাজত (সংঘৰ্ষ বা সংঘৰ্ষ নোহ’ৱাকৈয়ে) এই “কীট গহ্বৰ”বোৰেই যোগসূত্ৰ স্থাপন কৰে; ঠিক দুখন চাঁদৰৰ মাজৰ বনগুটিবোৰৰ দৰেই। (উদাহৰণটোত চাঁদৰ দুখন স্থিৰ; কিন্তু বিশ্বব্ৰহ্মাণ্ডবোৰ স্থিৰ নহয়।)
আমাৰ পৰ্যাবেক্ষিত বিশ্বব্ৰহ্মাণ্ডখনৰ ভৌতিক আৰু গাণিতিক বাখ্যা দিব পৰা মৌলিক সূত্ৰবোৰ হ’ল আপেক্ষিকতাবাদ সূত্ৰ, কোৱাণ্টাম গতিবিদ্যা আৰু (ভৱিষ্যতৰ) আদিবল সূত্ৰ (Theory of Everything)। আৰু মৌলিক ধ্ৰুৱকবোৰ হ’ল: বৈদ্যুতিক আধানৰ মান= ১.৬*১০^(–১৯) কুলম্ব, পোহৰৰ বেগ = ৩ লাখ কি: মি: প্ৰতি ছেকেণ্ড, মহাকৰ্ষণ ধ্ৰুৱক= ৬.৬৭*১০^(-১১) নিউটন বৰ্গ মি: প্ৰতি বৰ্গ কি:গ্ৰা:, প্লাংক ধ্ৰুৱক= ৬.৬২*১০^(-৩৪) জুল ছেকেণ্ড আৰু ব্ৰহ্মাণ্ড ধ্ৰুৱক (cosmological constant) ইত্যাদি।
বিগ বেংৰ ঠিক পিছৰ স্ফীতিৰ সময়খিনিত মৌলিক কণাৰ সৃষ্টি আৰু গাঠনিক পৰিবৰ্ত্তন তথা মৌলিক সূত্ৰ, ধ্ৰুৱক আৰু স্থান-কালৰ মাত্ৰাৰ ভিন্নতাৰ সম্ভাৱনাই গাণিতিকভাবে সম্পূৰ্ণ নতুন আৰু একাধিক বিশ্বব্ৰহ্মাণ্ডৰ (বা বহুবিশ্ব) ধাৰণাৰ জন্ম দিয়ে। বাহ্যিক দৃষ্টিত বহুবিশ্ব ধাৰণা অতিকাল্পনিক হ’লেও গাণিতিকভাবে ই এটা বিশুদ্ধ আৰু সংগত তত্ব। মেক্স টেগমাৰ্গ, লি স্মোলিন্, জ’ন হুইলাৰ, হিউগ ইবাৰ্ট (তৃতীয়) আদি বিজ্ঞানীসকলৰ তত্বৰ পৰা গাণিতিকভাবে চাৰি শ্ৰেণীৰ বহুবিশ্ব পাব পাৰি:
১ম শ্ৰেণীৰ বহুবিশ্ব:
১ম শ্ৰেণীৰ বহুবিশ্ব সূত্ৰ মতে এখন অসীম ক্ষেত্ৰত অসীম সংখ্যক বিশ্বব্ৰহ্মাণ্ড থাকিব পাৰে। এই বহুবিশ্বৰ প্ৰতিখন বিশ্বৰে পদাৰ্থ বিজ্ঞানৰ সূত্ৰবোৰ আৰু ধ্ৰুৱকবোৰৰ মান একে; অবশ্যে গাঠনিকভৱে প্ৰতিখন বিশ্বৰে পদাৰ্থৰ বিতৰন বেলেগ বেলেগ (বা একেও হ’ব পাৰে)।
এনে এখন বহুবিশ্বত কল্পনাতীতভৱে অসীম সংখ্যক বিশ্ব থকা বাবে আমাৰ বিশ্বব্ৰহ্মণ্ডৰ দিগন্তৰ(cosmic horizon) পৰা বহু বেছি দুৰত (বহু বেছি বিশ্ব পাৰ হৈ) আমাৰ দৰে সম্পূৰ্ণ একে (পদাৰ্থৰ একেই বিতৰন থকা) বিশ্বব্ৰহ্মাণ্ড এখন থকাৰ কথাটোও নুই কৰিব নোৱাৰি। হয়টো তেনে এখন বিশ্বত আমাৰ বিশ্বব্ৰহ্মণ্ডখনৰ দৰেই একেই তাৰকাপুন্জ, একেই হাটীপটি, একেই সূৰ্য্য, সৌৰজগত, একেই পৃথিৱী আৰু একেই আপুনি, মই বা হাঁহিৰামো থকিব পাৰে। টেগমাৰ্গ নামৰ বিজ্ঞানীজনে গণনা কৰি পাইছে যে এনে এখন একে বিশ্ব আমাৰ পৰা অতি কমেও ১০^(১০^১১৫) মিটাৰ দুৰত্বতহে আছে।
২য় শ্ৰেণীৰ বহুবিশ্ব:
এই শ্ৰেণীৰ বহুবিশ্বৰ প্ৰতিখন বিশ্বৰে পদাৰ্থ বিজ্ঞানৰ সূত্ৰবোৰ একই যদিও ধ্ৰুৱকবোৰৰ মান আৰু জ্যামিতিক মাত্ৰা বেলেগ বেলেগ; গতিকে গাঠনিকভৱে প্ৰতিখন বিশ্বৰে পদাৰ্থ গঠনৰ মৌলিক কণাসমুহ বেলেগ বেলেগ তথা পদাৰ্থৰ বিতৰনো বেলেগ বেলেগ। বিগ বেং বিষ্ফোৰনৰ পিছতে হোৱা স্ফীতিৰ সময়ত সৃষ্টি হোৱা বেলেগ ধৰনৰ মৌলিক কণা, ধ্ৰুৱকৰ মান আৰু নিৰ্ধাৰিত জ্যামিতিক মাত্ৰাই এনেধৰণৰ বিশ্ব সৃষ্টি কৰে।
৩য় শ্ৰেণীৰ বহুবিশ্ব :
২য় শ্ৰেণীৰ বহুবিশ্বৰ দৰে, ৩য় শ্ৰেণীৰ বহুবিশ্বতো প্ৰতিখন বিশ্বৰে পদাৰ্থ বিজ্ঞানৰ সূত্ৰবোৰ একে আৰু ধ্ৰুৱকবোৰৰ মান, জ্যামিতিক মাত্ৰা আৰু পদাৰ্থ গঠনৰ মৌলিক কণাবোৰ বেলেগ বেলেগ। এই শ্ৰেণীৰ বহুবিশ্ব ‘বহুধৰা সূত্ৰ’ বা ‘বহুধৰা বিশ্লেষণ’ (Many World Interpretation, MWI)ৰ সহায়ত বাখ্যা কৰা হয়। বহুধৰা সূত্ৰ কোৱান্টাম বলবিদ্যাৰ আন এটা অনিশ্চয়তাৰ সূত্ৰ (Uncertainty principle)। কোৱান্টাম বলবিদ্যাৰ মতে সুক্ষ্মমাত্ৰাত যিকোনো এটা পৰ্য্যাবেক্ষনৰ ফল নিশ্চয়তাৰে ক’ব নোৱাৰি; ফল কিছুমান সম্ভৱপৰ ঘটনাৰ সংহতিহে মাত্ৰ। যেনে ধৰক মাৰি পঠিওৱা লুডুগুটি এটাৰ সম্ভৱপৰ ফলাফল ছটা: ১, ২, ৩, ৪, ৫, ৬ – প্ৰত্যেকটোৱেই একো একোটা সম্ভৱপৰ ঘটনা। ঠিক একেধৰনেৰে (বহুধৰা সূত্ৰ মতে) বিশ্বৰ সৃষ্টিৰ সময়ত (বিগ বেং ৰ ঠিক পিছৰ স্ফীতিৰ সময়খিনিত) ধ্ৰুৱকবোৰৰ ভিন্ন মান, জ্যামিতিক মাত্ৰাৰ পৰিবৰ্তন আৰু পদাৰ্থ গঠনৰ মৌলিক কণাবোৰ ভিন্নতাৰ বাবে আমি বহুকেইখন ভিন্ন বিশ্ব সৃষ্টিৰ সম্ভৱপৰ ফলাফলৰ সংহতি এটা পাম। বহুধৰা সূত্ৰই এনে প্ৰতিটো বিশ্ব সৃষ্টিৰ সম্ভৱপৰ ফলাফলক একোখন বিশ্ব হিচপে বাখ্যা কৰে।
৩য় শ্ৰেণীৰ বহুবিশ্ব সূত্ৰত এখন বিশ্বব্ৰহ্মাণ্ড আনখনৰ বিশ্বদিগন্তৰ বাহিৰত অবস্থিত ন’হ’বও পাৰে। একাধিক বিশ্ব একে স্থানত বা কটাকটিকৈ থাকিলেও এখনে আনখনৰ ভৌতিক অস্তিত্বত কোনো প্ৰভাব নেপেলাই; কাৰন প্ৰতিখন বিশ্বৰে মাত্ৰা বেলেগ বেলেগ। কোৱাণ্টাম গতিবিদ্যা মতে এনে ভিন্নমাত্ৰিক বিশ্ববোৰ ‘অসীমমাত্ৰিক হিলবাৰ্ট স্থান’(Infinite dimensional Hilbert Space)ৰ বহুবিশ্বত ওপঙি থাকে।
৩য় শ্ৰেণীৰ বহুবিশ্ব সূত্ৰ অনুসৰি আমাৰ বিশ্বব্ৰহ্মাণ্ডত আপুনি আপুনিয়ই, আৰু হাঁহিৰামো অসমৰে ৰজা; কিন্তু সমতুল্য সময়ত বহুবিশ্বৰ আন এখন বিশ্বত আপুনি হয়টো আই. পি. এল. ৰ অসমীয়া টীমৰ অধিনায়ক বা হাঁহিৰাম হয়টো বলিউদৰ চুপাৰষ্টাৰো হ’ব পাৰে।
৪ৰ্থ শ্ৰেণীৰ বহুবিশ্ব :
এই শ্ৰেণীৰ বহুবিশ্বৰ প্ৰতিখন বিশ্বৰেই পদাৰ্থ বিজ্ঞানৰ সূত্ৰবোৰ বেলেগ বেলেগ; আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ আপেক্ষিকতাবাদ, কোৱাণ্টাম গতিবিদ্যা আৰু আদিবল সূত্ৰ (Theory of Everything) অন্য বিশ্বৰ বাবে মূল্যহীন। ‘গাণিতিক গণতন্ত্ৰ’ৰ আধাৰত বিশুদ্ধ গণিতৰ সহায়ত তেনে এখন (বা একাধিক) বিশ্বৰ ভৌতিক আৰ্হি বাখ্যা কৰিব পাৰি।
বহুবিশ্বৰ ধাৰণাবোৰ আতি গাণিতিক আৰু কেবল বিশুদ্ধ গণিতৰ সমাহাৰ। সমসাময়িক প্ৰযুক্তিৰে বহুবিশ্বৰ ধাৰণা প্ৰমাণ কৰা সম্ভৱ নহয়। আপেক্ষিকতাবাদ আৰু কোৱাণ্টাম গতিবিদ্যা ভিত্তিক প্ৰযুক্তি (যেনে: অন্তৰীক্ষ দূৰবীণ, কণা-ত্বৰক যন্ত্ৰ, transistor, laser, computer chips ইত্যাদি)ৰ সহায়ত যেনেদৰে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, বিস্তাৰ আদি প্ৰমাণ হৈছে (বা প্ৰমাণ কৰিবলৈ প্ৰয়াস কৰিছে) তেনেদৰে ভবিষ্যতৰ ‘আদিবল সূত্ৰ’ ভিত্তিক প্ৰযুক্তিয়েও বহুবিশ্ব সূত্ৰ প্ৰমাণ কৰিব বুলি আশা কৰিব পাৰি। তথাপিও নাছাৰ WMAP কৃত্ৰিম উপগ্ৰহত ধৰা পৰা ‘মাইক্ৰ’ৱেভ বেকগ্ৰাউণ্ড বিকিৰণ’ৰ (Cosmic Microwave Background Radiation, CMBR) নতুন তথ্য বিশ্লেষণে সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ সম্ভেদ দিয়াৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।
_______________
বি: দ্ৰ:
# * = পূৰণ চিহ্ন; ^ = to the power sign {যেনে: ১০^৩=১০০০, ১০^(-৩)=(১/১০০০)=০.০০১}
# “হিগছ বোছন” কণিকাৰ জনপ্ৰিয় নাম ‘ভগৱান কণা’। ধৰ্মীয় চিন্তাৰ ‘ভগৱান’ৰ লগত এই মৌলিক কণাৰ কোনো তাত্বিক বা যান্ত্ৰিক সম্পৰ্ক নাই। ‘ভগৱান কণা’ নামটোৱে কেবল পদাৰ্থৰ ভৰ সৃষ্টিকাৰী কণিকা “হিগছ বোছন”ৰ তত্ব আৰু (সম্ভৱপৰ) আৱিষ্কাৰৰ খবৰ সাধাৰন মানুহৰ মাজত জনপ্ৰিয়হে কৰিছে।
জানিবলগীয়া কথা:
# পদাৰ্থ বিজ্ঞানৰ যিকোনো এটা আৰ্হি গাণিতিকভাবে সংগত হ’লেই যে তাৰ কোনো ভৌতিক অস্তিত্ব থাকিব তেনে কোনো কথা নাই। যেনে: শুভ্ৰ গহ্বৰ(Whitehole); আপেক্ষিকতাবাদ তত্বৰ গণনাৰ পৰাই ফেইম্যান, সুব্ৰমন্য চন্দ্ৰশেখৰ, হুইলাৰ, অ’পেনহেইমাৰ, ষ্টিফেন হকিং আদি বিজ্ঞানীসকলে ‘কৃষ্ণ গহ্বৰ’ৰ গাণিতিক তত্ব উদ্ভাৱন কৰিছিল। পিছলৈ জ্যোতিৰ্বিজ্ঞানীসকলে শক্তিশালী দূৰবীণ আৰু অন্তৰীক্ষ পৰ্য্যাবেক্ষক যন্ত্ৰৰ সহায়ত মহাকাশত কৃষ্ণ গহ্বৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। ‘কৃষ্ণ গহ্বৰ’ৰ গাণিতিক তত্বৰ ওলোটা গণনাও গাণিতিকভাবে সংগত আৰু তাৰ কল্পিত ভৌতিক অৱস্থাটোক ‘শুভ্ৰ গহ্বৰ’ বোলা হ’য়। কিন্তু শুভ্ৰ গহ্বৰৰ কোনো বাস্তৱ অস্তিত্ব নাই।
# ‘মাইক্ৰ’ৱেভ বেকগ্ৰাউণ্ড বিকিৰণ’ (Microwave Background Radiation) হ’ল আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ বা বিগ বেংৰ সময়ত বিকিৰিত হোৱা কিছুমান বিদ্যুত্-চুম্বকীয় তৰংগ, যিবোৰ এতিয়া (১৩৭ ০০০ ০০০ ০০ বছৰ পিছত) ক্ষয়প্ৰাপ্ত হৈ মাইক্ৰ’ৱেভ বা তাতোকৈ কম শক্তিৰ (বেছি তৰংগ-দৈৰ্ঘ্যৰ) বিদ্যুত্-চুম্বকীয় তৰংগ হিচাপে মহাকাশত বৰ্ত্তমান। বিভিন্ন মহাকাশ পৰ্য্যাবেক্ষন কেন্দ্ৰ তথা WMAP উপগ্ৰহই এই মাইকক্ৰ’ৱেভ বেকগ্ৰাউণ্ড বিকিৰণ ধৰা পেলাই তাৰ ওপৰত গবেষণা আৰু তথ্য বিশ্লেষণ কৰি বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ আদি ৰহস্যৰ বহুখিনি উমান পাবলৈ সক্ষম হৈছে।
# Wilkinson Microwave Anisotropy Probe বা WMAP হ’ল নাছাৰ এটা উপগ্ৰহ বা মহাকাশ যান। ২০০৮ চনত WMAP উপগ্ৰহই পঠোৱা তথ্যই পদাৰ্থ বিজ্ঞান মহলত খলকনি তুলিছিল। এই তথ্য আনুসৰি আমাৰ বৰ্ত্তমান বিশ্বব্ৰহ্মাণ্ডখনৰ সৰ্বমুঠ ভৰৰ কেবল ৪.৬% হে সাধাৰন ভৰ বাকী সকলোবোৰ ‘কৃষ্ণ পদাৰ্থ’(২৩%) আৰু ‘কৃষ্ণ শক্তি’(৭২%)। {যোগসূত্ৰ:http://map.gsfc.nasa.gov/news/5yr_release.html}
# মহাকাশ বিজ্ঞানৰ কেবাটাও সূত্ৰ মতে বিশ্বব্ৰহ্মাণ্ডবোৰ পৰ্য্যায়ক্ৰমে সৃষ্টি আৰু ধ্বংশপ্ৰাপ্ত হয়। ‘বিগ ক্ৰাণ্ছ’ (Big Crunch) ধাৰণা মতে বিস্তাৰনৰ ফলত আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ তাপমান ক্ৰমাণ্বয়ে কমি আহিব আৰু এটা সাম্য অৱস্থা পাবহি; তাৰ পিছতেই বিশ্বব্ৰহ্মাণ্ডখন ক্ৰমান্নয়ে সংকুচিত হ’বলৈ ধৰিব আৰু সুদুৰ ভবিষ্যতৰ কোনো এক সন্ধি ক্ষণত ই আকৌ অসীম ঘনত্বৰ শক্তিপিণ্ডলৈ ৰূপান্তৰিত হ’ব।
Very nice article on the origin of our universe
I like it